ETV Bharat / bharat

Adani Hindenburg Dispute : ভাৰতৰ ওপৰত পৰিকল্পিত আক্ৰমণ; হিণ্ডেনবাৰ্গক প্ৰত্যুত্তৰ আদানিৰ - Adani Hindenburg Dispute

হিণ্ডেনবাৰ্গে আদানিক আক্ৰমণ কৰি কয় যে প্ৰৱঞ্চনাক জাতীয়তাবাদেৰে ঢাকি ৰাখিব নোৱাৰি । উল্লেখ্য যে ইয়াৰ পূৰ্বেও এক প্ৰতিবেদনৰ জৰিয়তে আদানি গোটৰ বিৰুদ্ধে বহুতো গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছিল (Adani Hindenburg Dispute) ।

Adaniহিণ্ডেনবাৰ্গক প্ৰত্যুত্তৰ আদানিৰ
AdaniAdani Hindenburg Dispute
author img

By

Published : Jan 30, 2023, 4:51 PM IST

নিউজ ডেস্ক, ৩০ জানুৱাৰী : উদ্যোগপতি গৌতম আদানিৰ গ্ৰুপে দেওবাৰে বিত্তীয় গৱেষণা প্ৰতিষ্ঠান হিণ্ডেনবাৰ্গ ৰিছাৰ্চৰ দ্বাৰা উত্থাপিত গুৰুতৰ অভিযোগক "ভাৰত, ইয়াৰ প্ৰতিষ্ঠান আৰু বিকাশৰ কাহিনীৰ ওপৰত পৰিকল্পিত আক্ৰমণ" বুলি অভিহিত কৰে (Adani grup reacted in Hindenburg report) । লগতে কয় যে, এই অভিযোগবোৰ "মিছাৰ বাহিৰে আন একো নহয়" । উল্লেখ্য, হিণ্ডেনবাৰ্গে প্ৰকাশ কৰা ৩২ হাজাৰ শব্দৰ প্ৰতিবেদনখনৰ প্ৰতিক্ৰিয়া 413 পৃষ্ঠাত প্ৰকাশ কৰি আদানি গ্ৰুপে কয় যে হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠানটোক আৰ্থিকভাৱে লাভান্বিত কৰাৰ বাবে "মিছা ধাৰণা" সৃষ্টি কৰাৰ বাবে এক "গোপন অভিপ্ৰায়"ৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল (Hindenburg research report on Adani grup) ।

উল্লেখ্য যে, হিণ্ডেনবাৰ্গ ৰিছাৰ্চৰ ২৪ জানুৱাৰীৰ প্ৰতিবেদনত উত্থাপিত অভিযোগসমূহ "মিছাৰ বাহিৰে আন একো নহয়" বুলি উল্লেখ কৰি আদানি গ্ৰুপে কয়, "এয়া কেৱল এটা নিৰ্দিষ্ট কোম্পানীৰ ওপৰত অবাঞ্ছিত আক্ৰমণেই নহয়, কিন্তু ভাৰতৰ ওপৰত পৰিকল্পিত আক্ৰমণ (Adani Hindenburg Dispute) । ভাৰতীয় প্ৰতিষ্ঠানসমূহৰ স্বাধীনতা, অখণ্ডতা আৰু মানদণ্ড আৰু ভাৰতৰ বিকাশৰ কাহিনী আৰু উচ্চাকাংক্ষাৰ ওপৰত ই হৈছে পৰিকল্পিত আক্ৰমণ ।" আদানি গ্ৰুপে লগতে কয় যে নথিপত্ৰবোৰ "নিৰ্বাচিত ভুল তথ্য আৰু গোপন তথ্যৰ এক বিদ্বেষপূৰ্ণ সংমিশ্ৰণ " । লগতে আৰু কোৱা হৈছে যে "ভিত্তিহীন আৰু লজ্জাজনক অভিযোগবোৰ কোনো অসৎ উদ্দেশ্যৰ বাবে কৰা হৈছিল" (Adani group share market crisis) ।

আনহাতে, আদানি গ্ৰুপে হিণ্ডেনবাৰ্গৰ বিশ্বাসযোগ্যতা আৰু নৈতিকতাৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছে । এই সন্দৰ্ভত গ্ৰুপটোৱে কয় যে প্ৰতিবেদনখন ক্ষতিকাৰক অভিপ্ৰায়েৰে প্ৰকাশ কৰা হৈছে । কাৰণ এইটো এই সত্যৰ পৰা স্পষ্ট হয় যে এই প্ৰতিবেদন এনে সময়ত প্ৰকাশ কৰা হৈছে যেতিয়া আদানি এণ্টাৰপ্ৰাইজেছ লিমিটেডে ভাৰতত ইকুইটি শ্বেয়াৰৰ সৰ্ববৃহৎ ৰাজহুৱা প্ৰস্তাৱ আগবঢ়াই আছে । উল্লেখ্য, নিউয়ৰ্কস্থিত হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনত গৌতম আদানি নেতৃত্বাধীন গ্ৰুপটোক "ষ্টক জালিয়াতি আৰু একাউণ্টিং জালিয়াতিৰ সৈতে মুকলিকৈ জড়িত" বুলি অভিযোগ কৰা হৈছে । কোম্পানীটোৰ এই অভিযোগৰ পিছত বিভিন্ন ব্যৱসায়ৰ সৈতে জড়িত গ্ৰুপটোৰ তালিকাভুক্ত কোম্পানীবোৰৰ শ্বেয়াৰ মূল্য যথেষ্ট হ্ৰাস হৈছে ।

আনহাতে, আদানি গ্ৰুপে বৃহস্পতিবাৰে কৈছিল যে তেওঁলোকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিত্তীয় গৱেষণা প্ৰতিষ্ঠান হিণ্ডেনবাৰ্গ ৰিছাৰ্চৰ বিৰুদ্ধে ইয়াৰ ফ্লেগশ্বিপ কোম্পানীৰ শ্বেয়াৰ বিক্ৰী ক্ষতিগ্ৰস্ত কৰাৰ প্ৰচেষ্টাত "চিন্তা নকৰাকৈ" কাম কৰাৰ বাবে "শাস্তিমূলক ব্যৱস্থা" লোৱাৰ আইনী বিকল্প বিচাৰি আছে । একে সময়তে, আমেৰিকাৰ বিত্তীয় গৱেষণা কোম্পানী হিণ্ডেনবাৰ্গ ৰিছাৰ্চে কৈছে যে তেওঁলোক তেওঁলোকৰ প্ৰতিবেদনৰ ওপৰত সম্পূৰ্ণ অটল হৈ আছে ।

লগতে পঢ়ক :Congress hoists tricolor at Srinagar party office : সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব 21 টা ৰাজনৈতিক দলে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.