ETV Bharat / bharat

৩টা বিমানবন্দৰ অধিগ্ৰহণৰ বাবে সময়সীমা বৃদ্ধি কৰিবলৈ আহ্বান আদানি গ্ৰুপৰ

author img

By

Published : Jun 18, 2021, 10:17 PM IST

দেশৰ ৩টা বিমানবন্দৰ অধিগ্ৰহণৰ বাবে ধন পৰিশোধৰ সময়সীমা ৬ মাহ বৃদ্ধি কৰিবলৈ ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষক আহ্বান আদানি গ্ৰুপৰ । জয়পুৰ, গুৱাহাটী আৰু তিৰুৱন্তপুৰমৰ বিমানবন্দৰ অধিগ্ৰহণৰ বাবে ধন পৰিশোধৰ সময়সীমা বৃদ্ধিৰ বাবে আহ্বান জনাইছে ।

Adani group has sought an extension of the deadline to take possession of 3 privatized airports
৩টা বিমানবন্দৰ অধিগ্ৰহণৰ বাবে সময়সীমা বৃদ্ধি কৰিবলৈ আহ্বান আদানি গ্ৰুপৰ

নেশ্যনেল ডেস্ক, ১৮ জুন: ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণ(AAI)ৰ পৰা জয়পুৰ, গুৱাহাটী আৰু তিৰুৱন্তপুৰমৰ তিনিটা ব্যক্তিগতকৰণ কৰা বিমানবন্দৰ অধিগ্ৰহণৰ বাবে ধন পৰিশোধৰ সময়সীমা বৃদ্ধি কৰিবলৈ অনুৰোধ জনাইছে । বিমান পৰিবহণৰ ক্ষেত্ৰত ক'ভিড-১৯ মহামাৰীৰ দ্বিতীয় ঢৌৰ প্ৰভাৱৰ কথা উল্লেখ কৰি কোম্পানীটোৱে ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণক ধন পৰিশোধৰ সময়সীমা ৬ মাহ বৃদ্ধি কৰিবলৈ আহ্বান জনাইছে ।

এই সন্দৰ্ভত ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ এগৰাকী বিষয়াই কয় যে, এই মাহৰ শেষৰ ফালে এ এ আই বোৰ্ডৰ বৈঠক অনুষ্ঠিত হ'ব । আদানি গ্ৰুপে যোৱা ১৯ জানুৱাৰীত জয়পুৰ, গুৱাহাটী আৰু তিৰুৱন্তপুৰমৰ তিনিটা বিমানবন্দৰ ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণ(AAI)ৰ পৰা ৫০ বছৰৰ বাবে লীজ লোৱাৰ এক চুক্তি স্বাক্ষৰ কৰিছিল । দুয়ো অংশীদাৰে ২০২০ চনৰ ছেপ্টেম্বৰ মাহত তিনিটা বিমানবন্দৰৰ বাবে চুক্তিপত্ৰত স্বাক্ষৰ কৰিছিল ।

২০২০ চনৰ ফেব্ৰুৱাৰী মাহত আদানি গ্ৰুপে আহমেদাবাদ, লক্ষ্ণৌ আৰু মেংগালুৰু বিমানবন্দৰৰ অধিগ্ৰহণ স্থগিত ৰখাৰ বাবে হেঁচা প্ৰয়োগ কৰিছিল আৰু তাৰ পিছত ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণে সময়সীমা ৬ মাহলৈ বৃদ্ধি কৰিছিল । লক্ষণীয়ভাৱে, ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণে ২০১৯ চনত ৬ টা বিমানবন্দৰ নিবিদা গ্ৰহণ কৰিছিল আৰু আদানি গ্ৰুপে আহমেদাবাদ, লক্ষ্ণৌ, বেংগালুৰু, তিৰুৱন্তপুৰম, জয়পুৰ আৰু গুৱাহাটীৰ সকলো ৬ টা বিমানবন্দৰৰ বাবে সৰ্বাধিক ধন পৰিশোধ কৰা নিবিদাদাতা হিচাপে বিমানবন্দৰকেইটা অধিগ্ৰহণৰ নিবিদা লাভ কৰিছিল ।

বিমান পৰামৰ্শদাতা আৰু গৱেষণা প্ৰতিষ্ঠান CPAই শেহতীয়া এক প্ৰতিবেদনত উল্লেখ কৰিছে যে, বিমান উদ্যোগটো এনে এক সময়ত অধিক ব্যয়ৰ দিশে গতি কৰিছে যে ই সম্ভৱ অশোধিত তেলৰ মূল্য আৰু মুদ্ৰাস্ফীতি বহন কৰিব পাৰে । প্ৰতিবেদখনত উল্লেখ কৰা মতে, যেতিয়ালৈকে শুল্ক নিয়ন্ত্ৰণৰ ম্যাদ ৫ বছৰৰ পৰা ৮ বছৰলৈ বৃদ্ধি কৰিবলৈ বিমানবন্দৰ অৰ্থনৈতিক নিয়ামক কৰ্তৃপক্ষ আইন সংশোধন কৰা নহয়, তেতিয়ালৈকে উচ্চ বিমানবন্দৰৰ মাচুলে পৰিশোধ কৰিবই লাগিব ।

লগতে পঢ়ক:2024 ৰ ভিতৰত পথ দুৰ্ঘটনাত মৃত্যুৰ হাৰ 50 শতাংশ হ্ৰাস কৰাৰ লক্ষ্য কেন্দ্ৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.