ETV Bharat / bharat

AMG Media Networks Limited : আদানি গ্ৰুপৰ এএমজি মিডিয়াই ক্ৰয় কৰিব কুইণ্টিলিয়ন বিজনেছ মিডিয়াৰ ৫১ শতাংশ শ্বেয়াৰ

author img

By

Published : Aug 15, 2023, 5:51 PM IST

'বিজনেছ টাইকুন' গৌতম আদানি নেতৃত্বাধীন গ্ৰুপৰ সহায়ক এএমজি মিডিয়া নেটৱৰ্কছ লিমিটেডে কুইণ্টিলিয়ন বিজনেছ মিডিয়া প্ৰাইভেট লিমিটেডৰ আন ৫১ শতাংশ শ্বেয়াৰ ক্ৰয় কৰিব ।

AMG Media Networks Limited
AMG Media Networks Limited

নিউজ ডেস্ক, ১৫ আগষ্ট : আদানি গ্ৰুপৰ ব্যৱসায়িক সাম্ৰাজ্যত আন এক সংযোজন । এইবাৰ আদানি গ্ৰুপে মিডিয়া গ্ৰুপত বহুল পৰিমাণে বিনিয়োগ কৰিবলৈ আগবাঢ়িছে । আদানি গ্ৰুপৰ আন এক সংস্থাই এই বিনিয়োগ কৰিব । আদানি গ্ৰুপৰ সহায়ক সংস্থা এএমজি মিডিয়াই ৰাঘৱ বেহেলৰ কুইণ্টিলিয়ন বিজনেছ মিডিয়া প্ৰাইভেট লিমিটেডৰ আন ৫১ শতাংশ শ্বেয়াৰ ক্ৰয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । উল্লেখ্য যে এএমজি মিডিয়া কোম্পানীয়ে ইতিমধ্যে কুইণ্টিলিয়নত ৪৯ শতাংশ শ্বেয়াৰ ক্ৰয় কৰিছে । বৰ্তমান এই চুক্তিৰ জৰিয়তে কুইণ্টিলিয়ন বিজনেছ মিডিয়া প্ৰাইভেট লিমিটেড আদানি গ্ৰুপৰ অন্তৰ্ভুক্ত হ'ব ।

আদানি এণ্টাৰপ্ৰাইজেছ লিমিটেডে শ্বেয়াৰ বজাৰক এই বিষয়ে অৱগত কৰিছে । নিজৰ বিজ্ঞপ্তিত আদানি গ্ৰুপে কৈছে যে ইয়াৰ সহায়ক সংস্থা এএমজি মিডিয়া নেটৱৰ্কছ লিমিটেডৰ বোৰ্ডে এই সন্দৰ্ভত কুইণ্টিলিয়ন মিডিয়া লিমিটেডৰ সৈতে এক বাধ্যতামূলক বুজাবুজিৰ চুক্তিত (MoU) অনুমোদন জনাইছে । এই বুজাবুজি চুক্তিৰ অধীনত ব্যৱসায় আৰু বিত্তীয় বাতৰি সম্পৰ্কীয় ডিজিটেল মিডিয়া প্লেটফৰ্ম বি কিউ প্ৰাইম পৰিচালনা কৰা কোম্পানীটোৰ বাকী ৫১ শতাংশ শ্বেয়াৰ অধিগ্ৰহণ কৰা হ'ব ।

উল্লেখ্য যে বিগত বছৰৰ ডিচেম্বৰ মাহত আদানী গ্ৰুপে সম্প্ৰচাৰক নতুন দিল্লী টেলিভিছন লিমিটেড চমুকৈ এনডিটিভিত প্ৰায় ৬৫ শতাংশ অংশীদাৰিত্ব অধিগ্ৰহণ কৰিছিল । এএমজি মিডিয়াই পূৰ্বতে কুইণ্টিলিয়ন বিজনেছ মিডিয়া লিমিটেডৰ (QBML) ৪৯ শতাংশ শ্বেয়াৰ ৪৭.৮৪ কোটি টকাত ক্ৰয় কৰিছিল । বি কিউ প্ৰাইম, যাক পূৰ্বতে ব্লুমবাৰ্গ কুইণ্ট বুলি জনা গৈছিল হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিত্তীয় সংবাদ সংস্থা ব্লুমবাৰ্গ মিডিয়া আৰু বাহেলৰ কুইণ্টিলিয়ন মিডিয়াৰ মাজৰ এক যৌথ উদ্যোগ । অৱশ্যে ব্লুমবাৰ্গে যোৱা বছৰ মাৰ্চ মাহত উক্ত চুক্তিৰ পৰা আঁতৰি যায় ।

উল্লেখ্য যে শেহতীয়াভাৱে হিণ্ডেনবাৰ্গ প্ৰতিবেদনৰ পিছত আদানি গ্ৰুপৰ শ্বেয়াৰ যথেষ্টখিনি হ্ৰাস পাইছিল । আদানি গ্ৰুপে শ্বেয়াৰ বজাৰৰ মূল্যত খেলিমেলি কৰাৰ হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনৰ পিছতে আদানি গ্ৰুপৰ ওপৰত তীব্ৰ চাপ সৃষ্টি হয় । ইতিমধ্যে এই বিষয়টো গৈ শীৰ্ষ ন্যায়ালয়ৰ মজিয়াতো উপস্থিত হৈছে । লগতে হিণ্ডেনবাৰ্গৰ অভিযোগৰ ওপৰত ছেবিয়েও তদন্ত চলাই আছে ।

লগতে পঢ়ক :Modi's guarantee: অহা ৫ বছৰত ভাৰত হ'ব বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনৈতিক ৰাষ্ট্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.