মুম্বাই,31 মাৰ্চ: অভিনেতা এজাজ খানক মঙলবাৰে সন্ধিয়া মুম্বাই বিমানবন্দৰত ড্ৰাগছৰ গোচৰত আটক কৰা হয় ৷ নাৰ্ক’টিক্স কণ্ট্ৰ’ল ব্যুৰ' (এনচিবি)ত আঠ ঘণ্টাৰ জেৰাৰ পিছত খানক গ্ৰেপ্তাৰ কৰা হয় । সংস্থাটোৱে বিষয়টোৰ সম্পৰ্কত মুম্বাইৰ দুই স্থানত অভিযান চলায় ।
লগতে পঢ়ক : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিৰ্বাচন: ৩৪ গৰাকীয়ে দাখিল কৰিলে মনোনয়ন
উল্লেখ্য যে, অভিনেতাজন মানহানি, বিতৰ্কিত ভাষণৰ বাবে 2020 চনৰ এপ্ৰিলত আৰু সামাজিক মাধ্যমত 'আপত্তিজনক' ভিডিঅ' সৃষ্টি কৰা আৰু আপলোডৰ অভিযোগত 2019 চনৰ জুলাইত চাইবাৰ ক্ৰাইম বিভাগে গ্ৰেপ্তাৰ কৰিছিল । বহুকেইখন হিন্দী আৰু তেলেগু ছবিত অভিনয় কৰি খানে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল ৷ পিছলৈ টিভি ৰিয়েলিটি শ্ব' 'বিগ বচ'ৰ সপ্তমটো ছিজনত অংশগ্ৰহণ কৰি ব্যৱহাৰ কৰা নানানটা অশ্লীল ভাষা আৰু অভব্য আচৰণৰ বাবে বহু কেইগৰাকী সহ প্ৰতিযোগীৰ সৈতে বাহিৰ হোৱা দেখা গৈছিল ।