ETV Bharat / bharat

Acid attack in Delhi: দিল্লীত এচিড আক্ৰমণৰ বলি দ্বাদশ শ্ৰেণীৰ ছাত্ৰী

author img

By

Published : Dec 14, 2022, 6:21 PM IST

দিল্লীত পুনৰ এচিড আক্ৰমণৰ বলি এগৰাকী যুৱতী (Acid attack in Delhi) ৷ এই ঘটনা সংঘটিত হৈছে দ্বাৰকা মেট্ৰ’ ষ্টেচনৰ পৰা কিছু নিলগৰ তিৰংগা চ’কৰ সমীপত । এখন নীলা বাইকত দুজন যুৱক আহিছিল আৰু যুৱতীগৰাকীৰ ওপৰত এচিড জাতীয় পদাৰ্থ নিক্ষেপ কৰিছে । এখন ব্যক্তিগত বিদ্যালয়ত দ্বাদশ শ্ৰেণীত অধ্যয়নৰত যুৱতীগৰাকী ।

Acid attack in Delhi
Acid attack in Delhi

নিউজ ডেস্ক, 14 ডিচেম্বৰ : দ্বাৰকা জিলাৰ তিৰংগা চ’কৰ সমীপত এগৰাকী যুৱতীৰ ওপৰত এচিডৰ দৰে জ্বলনশীল পদাৰ্থ নিক্ষেপ কৰাৰ ঘটনা পোহৰলৈ আহিছে (Acid attack on 12th class student in Delhi) । মোহন গাৰ্ডেন অঞ্চলত এটা ভাড়াঘৰত বাস কৰিছিল যুৱতীগৰাকীয়ে । এই ঘটনা সংঘটিত হৈছে দ্বাৰকা মেট্ৰ’ ষ্টেচনৰ পৰা কিছু নিলগৰ তিৰংগা চ’কৰ সমীপত । এই ঘটনাৰ তথ্য পোৱাৰ লগে লগে আৰক্ষীৰ দলটো সেই স্থানত উপস্থিত হয় ।

দ্বাৰকাৰ ডিচিপি এম হৰ্ষবৰ্ধনে কয়, ‘‘আমি এই বিষয়ে জানিব পাৰিছো আৰু ইয়াৰ বিষয়ে তথ্য যুগুত কৰিছোঁ । আক্ৰমণকাৰী কোন আৰু ভুক্তভোগী যুৱতীগৰাকীৰ অৱস্থা কেনে সেই বিষয়েও নজৰ দিয়া হৈছে ৷ জানিব পৰা মতে, এখন নীলা বাইকত দুজন যুৱক আহিছিল আৰু যুৱতীগৰাকীৰ ওপৰত এচিড জাতীয় পদাৰ্থ নিক্ষেপ কৰিছে । এখন ব্যক্তিগত বিদ্যালয়ত দ্বাদশ শ্ৰেণীত অধ্যয়নৰত যুৱতীগৰাকী (Acid attack in Delhi) । ঘটনাৰ সময়ত মাতৃও লগত আছিল যুৱতীগৰাকীৰ । তথ্য অনুসৰি ভুক্তভোগী যুৱতীগৰাকীক ছফদাৰজং হাস্পতালত ভৰ্তি কৰোৱা হৈছে ।

দিল্লী আৰক্ষীৰ মতে, "কাণ্ডটো সংঘটিত হোৱাৰ সময়ত যুৱতীগৰাকী সৰু ভনীয়েকৰ লগত আছিল । তেওঁৰ চিনাকি দুজন ব্যক্তিৰ ওপৰত সন্দেহৰ অৱতাৰণা কৰিছে । আৰক্ষীয়ে এজন ব্যক্তিক আটক কৰি অধিক তদন্ত অব্যাহত আছে । থান মোহন গাৰ্ডেনত এগৰাকী যুৱতীক এচিড আক্ৰমণ কৰা বুলি পুৱা প্ৰায় ৯ বজাত পিচিআৰ ফোন আহিছিল । প্ৰায় ৭:৩০ বজাত যুৱতীগৰাকীক দুজন বাইক আৰোহীয়ে এচিডৰ দৰে পদাৰ্থ নিক্ষেপ কৰিছিল ৷

  • थान मोहन गार्डन इलाके में एक लड़की पर तेजाब फेंकने की घटना के संबंध में सुबह करीब 9 बजे PCR कॉल आई। यह कहा गया कि 17 साल की एक लड़की पर कथित तौर पर सुबह करीब 7:30 बजे दो बाइक सवारों ने एसिड जैसे किसी पदार्थ का उपयोग करके हमला किया था: दिल्ली पुलिस

    (तस्वीरें: CCTV) pic.twitter.com/FryCo9Um4t

    — ANI_HindiNews (@AHindinews) December 14, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

যোৱা মাহত দিল্লী মহিলা আয়োগে দিল্লী চৰকাৰৰ সংমণ্ডল আয়ুক্তক জাননী জাৰি কৰি সেইসকল এছডিএমৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে, যিসকলে নিজৰ অধিকাৰক্ষেত্ৰত এচিড বিক্ৰীৰ বিধান আৰু নিয়মসমূহ সুচাৰুৰূপে কাৰ্যকৰী কৰাত ব্যৰ্থ হৈছে (Acid attack news)। দিল্লীৰ মুঠ ১১খন জিলাৰ ভিতৰত পাঁচখন জিলাত বিগত ছবছৰৰ ভিতৰত এচিড বিক্ৰী বন্ধ কৰাৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই ।

ৰাজধানীত মুকলিকৈ এচিড বিক্ৰী হোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰিছে দিল্লী মহিলা আয়োগে । দিল্লীত এই সন্দৰ্ভত জাৰি কৰা আদেশ কাৰ্যকৰীকৰণৰ অৱস্থা জানিবলৈ ২০২২ চনৰ আগষ্ট মাহত আয়োগে সকলো জিলা দণ্ডাধীশলৈ জাননী জাৰি কৰে । ইয়াৰ লগতে এছডিএমৰ দ্বাৰা পৰিদৰ্শনৰ সংখ্যা, জৰিমনাৰ পৰিমাণৰ লগতে আৰোপ কৰা জৰিমনা সম্পৰ্কেও তথ্য বিচৰা হৈছিল । তদুপৰি সংগ্ৰহ কৰা জৰিমনা ধনৰ ব্যৱহাৰৰ সন্দৰ্ভত নিৰ্দেশনা আৰু এই সন্দৰ্ভত ব্যয়ৰ সবিশেষ বিচৰা হয় । দিল্লীৰ সকলো জিলাৰ পৰা পোৱা তথ্য অতি চিন্তনীয় ।

সংশ্লিষ্ট বিভাগৰ পৰা পোৱা তথ্যl দেখা যায় যে, এচিড বিক্ৰী নিয়ন্ত্ৰণৰ বাবে নিৰ্ধাৰিত ব্যৱস্থা অনুসৰি জিলাসমূহত পৰিদৰ্শন কৰা হোৱা নাই । উদাহৰণস্বৰূপে, ২০১৭ চনত শ্বাহদৰা আৰু উত্তৰ জিলাত এছডিএমৰ দ্বাৰা কোনো পৰিদৰ্শন কৰা হোৱা নাই । নতুন দিল্লী জিলাৰ ৫৫৪ টা স্থানত পৰিদৰ্শন কৰা বাহিৰে বেছিভাগ জিলাতে পৰিদৰ্শন কৰা হোৱা নাই । তদুপৰি জিলাসমূহত এচিডৰ অনিয়ন্ত্ৰিত বিক্ৰীৰ বিৰুদ্ধে কোনো শাস্তিমূলক বা আইনী ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই বুলি হয়তো ক’ব নোৱাৰি ।

উদাহৰণস্বৰূপে, পূব, উত্তৰ, নতুন দিল্লী, উত্তৰ-পূব আৰু শ্বাহদৰা জিলাৰ কেইবাগৰাকীও এছডিএমে ২০১৭ চনৰ পৰা নিজৰ জিলাত অনিয়ন্ত্ৰিত এচিড বিক্ৰীৰ ওপৰত এটাও জৰিমনা বিহিব পৰা নাই । আয়োগে লাভ কৰা তথ্য অনুসৰি বিগত ৬ বছৰত পশ্চিম জিলাখনত সৰ্বোচ্চ জৰিমনা ৯,৯০,০০০ টকা সংগ্ৰহ কৰা হৈছে ।

ইয়াৰ পিছতে দক্ষিণ জিলাই ৮,১৫,০০০ টকা আৰু মধ্য জিলাই ৭,৮৫,০০০ টকা জৰিমনা বিহিছে । উত্তৰ পশ্চিম জিলাই যোৱা ৬ বছৰত ২০,০০০ টকা জৰিমনা বিহিছে । স্পষ্টভাৱে এই পৰিমাণ এচিডৰ অবৈধ বিক্ৰীৰ প্ৰকৃত সংখ্যাতকৈ বহু কম । ২০১৭ চনৰ পৰা সংগ্ৰহ কৰা ৩৬.৫ লাখ টকাৰ জৰিমনা ধন এচিড আক্ৰমণৰ বলি হোৱা লোকৰ পুনৰ্বাসনৰ বাবে ব্যৱহাৰ কৰা হোৱা নাই, যিটো বাধ্যতামূলক আছিল ।

ৰাষ্ট্ৰীয় অপৰাধ অভিলেখ ব্যুৰ’ৰ তথ্য অনুসৰি ২০১৮ চনৰ পৰা ২০২০ চনলৈকে দিল্লীকে ধৰি সমগ্ৰ দেশতে মহিলাৰ ওপৰত এচিড আক্ৰমণৰ ৩৮৬টা গোচৰ ৰুজু হৈছে ৷ এই সময়ছোৱাত মুঠ ৬২জন লোকক এনে গোচৰত আদালতে দোষী সাব্যস্ত কৰিছে । এই তথ্য ৰাষ্ট্ৰীয় অপৰাধ অভিলেখ ব্যুৰ’ৰ তথ্যৰ উদ্ধৃতি দি আগষ্ট মাহত লোকসভাত কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰী অজয় ​​কুমাৰ মিশ্ৰই প্ৰদান কৰিছিল । তেওঁ কয় যে ২০১৮ চনত মহিলাৰ বিৰুদ্ধে এচিড আক্ৰমণৰ ১৩১টা, ২০১৯ চনত ১৫০টা আৰু ২০২০ চনত ১০৫টা গোচৰ ৰুজু হৈছে ।

লগতে পঢ়ক: AIIMS Delhi server attack: দিল্লী এইমচৰ চাৰ্ভাৰ হেক চীনা হেকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.