ETV Bharat / bharat

Woman murder case: অন্য যুৱকৰ লগত থকা প্ৰেমৰ সম্পৰ্কৰ বাবে প্ৰাক্তন প্ৰেমিকে গুলীয়াই হত্যা কৰিলে যুৱতীক

author img

By ETV Bharat Assamese Team

Published : Oct 29, 2023, 10:35 AM IST

এগৰাকী যুৱতীক নিজ বাসগৃহতে প্ৰাক্তন প্ৰেমিকে গুলীয়াই হত্যা কৰাৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৷ আৰক্ষীৰ জেৰাত অভিযুক্তই হত্যাকাণ্ড সংঘটিত কৰাৰ কথা স্বীকাৰ কৰিছে ৷

Woman murder case
প্ৰাক্তন প্ৰেমিকে গুলীয়াই হত্যা কৰিলে যুৱতীক

নেশ্যনেল ডেস্ক, 29 অক্টোবৰ : ৰাজধানী চহৰত ভয়ংকৰ ঘটনা ৷ এগৰাকী যুৱতীক নিজ বাসগৃহতে প্ৰাক্তন প্ৰেমিকে গুলীয়াই হত্যা কৰাৰ ঘটনা পোহৰলৈ হৈছে ৷ ইতিমধ্যে আৰক্ষীয়ে গুলীচালনা কৰা অভিযুক্তটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ অভিযুক্তটোক ৰকি বুলি চিনাক্ত কৰা হৈছে ৷ সম্প্ৰতি আৰক্ষীৰ জেৰাত ৰকিয়ে হত্যাকাণ্ড সংঘটিত কৰাৰ কথা স্বীকাৰ কৰিছে ৷

ঘটনাৰ বিৱৰণী অনুসৰি, শুকুৰবাৰে ৰাজধানীৰ জৈতপুৰ অঞ্চলত এগৰাকী যুৱতীক গুলীয়াই হত্যা কৰাৰ খবৰ পোহৰলৈ আহিছিল ৷ মনোজ কুমাৰ নামৰ লোকজনে আৰক্ষীক জানিবলৈ দিয়া অনুসৰি নিশা প্ৰায় 8.30 বজাত তেওঁ গুলীৰ শব্দ শুনিছিল ৷ লগে লগে তেওঁ ঘৰৰ বাহিৰলৈ ওলাই যাওঁতে তেওঁ বাসগৃহৰ সন্মুখতে ভগ্নীক তেজেৰে লুটুৰি পুটুৰি অৱস্থাত পৰি থকা দেখা পাইছিল ৷

মনোজে লগে লগে ভগ্নীক এপ’ল’ হাস্পতালত ভৰ্তি কৰে ৷ কিন্তু দুৰ্ভাগ্যৱশতঃ যুৱতীগৰাকীয়ে হাস্পতালতেই শেষ নিশ্বাস ত্যাগ কৰে ৷ ইফালে মনোজে ভগ্নীক গুলী কৰি পলায়ন কৰা এজন মুখা পিন্ধা লোকক প্ৰত্যক্ষ কৰিছিল ৷ মুখা পিন্ধা লোকজনে এখন নম্বৰ প্লেটবিহীন মটৰ চাইকেল এৰি থৈ পলায়ন কৰিছিল ৷

পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মটৰ চাইলেকখন জব্দ কৰি মটৰচাইকেলখনৰ ইঞ্জিন নম্বৰৰ আধাৰত অভিযুক্তটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীক অভিযুক্ত ৰকিয়ে জানিবলৈ দিয়া অনুসৰি, কৃষ্ণ প্ৰধান নামৰ এজন লোকৰ মৃত যুৱতীগৰাকীৰ লগত সম্পৰ্ক আছিল ৷ যাৰ বাবে যুৱতীগৰাকীৰ প্ৰাক্তন প্ৰেমিক ৰকিৰ খঙে চৰম সীমা পাইছিল ৷

কৃষ্ণ প্ৰধান যুৱতীগৰাকীয়ে কৰ্মৰত প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী আছিল ৷ কৃষ্ণ বিবাহিত আছিল, তেওঁৰ চাৰিটাকৈ সন্তানো আছে ৷ এই সম্পৰ্কক ৰকিয়ে মানি ল’ব পৰা নাছিল ৷ ফলত তেওঁ যুৱতীগৰাকীক গুলীয়াই হত্যা কৰিছিল ৷

লগতে পঢ়ক: Husband attack wife face : সন্দেহৰ বশৱৰ্তী হৈ পত্নীৰ মুখত ব্লেডেৰে অকিয়ালে স্বামীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.