ETV Bharat / bharat

ভাৰতত এতিয়াও উপলব্ধ ১.৯১ কোটিৰো অধিক ক'ভিড প্ৰতিষেধকৰ পালি

দেশত টীকাকৰণ(VACCINATION) অভিযান অব্যাহত থকাৰ মাজতে বিভিন্ন ঠাইত প্ৰতিষেধকৰ নাটনি হোৱাৰ অভিযোগ উত্থাপিত হোৱা পৰিলক্ষিত হৈছে । কিন্তু কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে বাৰে বাৰে প্ৰতিষেধকৰ নাটনি হোৱাৰ কথা নস্যাৎ কৰি আহিছে । মঙলবাৰে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰে যে, ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চল আৰু ব্যক্তিগত চিকিৎসালয়সমূহত এতিয়াও ১.৯১ কোটিৰো অধিক ক'ভিড-১৯(COVID-19)ৰ প্ৰতিষেধকৰ পালি মজুত আছে । ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক এতিয়ালৈকে ৩৯.৪৬ কোটিৰো অধিক প্ৰতিষেধকৰ পালি প্ৰদান কৰা হৈছে ।

According to Union Health Ministry Over 1 crore 91 lakhs Covid vaccine doses are still available with states, UTs
ভাৰতত এতিয়াও উপলব্ধ ১.৯১ কোটিৰো অধিক ক'ভিড প্ৰতিষেধকৰ পালি
author img

By

Published : Jul 13, 2021, 7:17 PM IST

নেশ্যনেল ডেস্ক, ১৩ জুলাই: বৰ্তমান সমগ্ৰ দেশতে টীকাকৰণ (VACCINATION) অভিযান দ্ৰুত গতিত অব্যাহত আছে । ক'ভিড-১৯ (COVID-19) মহামাৰীৰ ভয়াৱহ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ চৰকাৰে প্ৰতিগৰাকী নাগৰিককে প্ৰতিষেধক প্ৰদান কৰাতো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে । কিন্তু বৰ্তমান দেশৰ কেতবোৰ স্থানত এই নিৰ্দেশ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হৈছে । কিয়নো, বহু স্থানত প্ৰতিষেধকৰ নাটনি হোৱাৰ অভিযোগ উত্থাপিত হৈছে ।

বহু লোকে প্ৰতিষেধক গ্ৰহণ কৰিবলৈ বিচৰাৰ পাছতো প্ৰতিষেধক লাভ কৰিবলৈ সক্ষম হোৱা নাই । কিন্তু এই সকলোবোৰ অভিযোগ নস্যাৎ কৰি মঙলবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে মঙলবাৰে জনাইছে যে দেশৰ বিভিন্ন ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চল আৰু ব্যক্তিগত চিকিৎসালয়সমূহত এতিয়াও ১.৯১ কোটিৰো অধিক ক'ভিড-১৯ৰ প্ৰতিষেধকৰ পালি মজুত আছে । এতিয়ালৈকে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক ৩৯.৪৬ কোটিৰো অধিক প্ৰতিষেধকৰ পালি যোগান কৰা হৈছে আৰু শীঘ্ৰেই ১২,০০,০০০ৰো অধিক পালি প্ৰেৰণ কৰা হ'ব বুলি মন্ত্ৰালয়ে জানিবলৈ দিছে ।

মঙলবাৰে পুৱা ৮ বজাত মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, অপচয় হোৱা প্ৰতিষেধককে ধৰি এতিয়ালৈকে মুঠ ৩৭,৫৫,৩৮,৩৯০টা পালি ব্যৱহাৰ হৈছে । কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশতে টীকাকৰণৰ গতি ত্বৰান্বিত কৰিবলৈ আৰু ক'ভিড-১৯ টীকাকৰণৰ পৰিসৰ সম্প্ৰসাৰিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ ।

উল্লেখ্য যে, যোৱা ২১ জুনৰ পৰা সাৰ্বজনীনভাৱে ক'ভিড-১৯ টীকাকৰণ সমগ্ৰ দেশতে আৰম্ভ হৈছে । ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত প্ৰতিষেধকৰ উপলব্ধতা সুনিশ্চিত কৰি সময়মতে প্ৰতিষেধক যোগান ধৰি টীকাকৰণ অভিযান দ্ৰুত গতিত সম্পন্ন কৰিবলৈ চেষ্টা অব্যাহত ৰখা হৈছে বুলিও স্বাস্থ্য মন্ত্ৰালয়ে জনাইছে । টীকাকৰণ অভিযানৰ অংশ হিচাপে কেন্দ্ৰই ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক বিনামূলীয়াকৈ প্ৰতিষেধক যোগান ধৰি মহামাৰীৰ বিৰুদ্ধে এই যুঁজত সমৰ্থন কৰি আহিছে ।

এইবাৰ কেন্দ্ৰীয় চৰকাৰে দেশৰ প্ৰতিষেধক নিৰ্মাতাসকলে প্ৰস্তুত কৰা প্ৰতিষেধকৰ ৭৫ শতাংশ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বাবে ক্ৰয় কৰিব আৰু বিনামূলীয়াকৈ যোগান ধৰিব । কেন্দ্ৰৰ এই সমৰ্থনে মহামাৰীয়ে প্ৰভাৱিত কৰা ৰাজ্যসমূহক যথেষ্ট সহায় কৰাৰ লগতে বৰ্তমান প্ৰতিষেধকৰ বাবে হাহাকাৰ কৰি থকা লোকসকলেও সময়মতে প্ৰতিষেধক লাভ কৰিব ৷

লগতে পঢ়ক:ত্ৰিপুৰাত ভাৰতীয় পুৰাতাত্ত্বিক জৰীপৰ কাৰ্যালয় স্থাপনৰ আহ্বান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.