ETV Bharat / bharat

অবৈধ ৰহিংগীয়া প্ৰব্ৰজনকাৰীয়ে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি আনিছে: চৰকাৰ

"অবৈধ ৰহিংগীয়া প্ৰব্ৰজনকাৰী(Illegal Rohingya migrant)য়ে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে । এই প্ৰব্ৰজনকাৰীসকলৰ একাংশই অবৈধ কাৰ্যকলাপত লিপ্ত হোৱাৰ তথ্য চৰকাৰে লাভ কৰিছে" । মঙলবাৰে লোকসভাত এই কথা জনায় কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে(Nityanand Rai) । বহুজন সমাজ পাৰ্টী(Bahujan Samaj Party)ৰ নেতা ৰিতেশ পাণ্ডেই উত্থাপন কৰা প্ৰশ্নৰ লিখিত উত্তৰ দিয়ে নিত্যানন্দ ৰায়ে ।

According to Govt Illegal Rohingya migrants pose threat to national security
অবৈধ ৰহিংগীয়া প্ৰব্ৰজনকাৰীয়ে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি আনিছে
author img

By

Published : Jul 20, 2021, 8:16 PM IST

নেশ্যনেল ডেস্ক, ২০ জুলাই: মঙলবাৰে অবৈধ ৰহিংগীয়া প্ৰব্ৰজনকাৰী সন্দৰ্ভত লোকসভাত কেতবোৰ তথ্য দাঙি ধৰে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে(Nityanand Rai) । বহুজন সমাজ পাৰ্টী(Bahujan Samaj Party)ৰ নেতা ৰিতেশ পাণ্ডেই উত্থাপন কৰা প্ৰশ্ন সন্দৰ্ভত লিখিত উত্তৰ দি নিত্যানন্দ ৰায়ে কয় যে, "অবৈধ ৰহিংগীয়া প্ৰব্ৰজনকাৰী(Illegal Rohingya migrant)য়ে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে । এই প্ৰব্ৰজনকাৰীসকলৰ একাংশই অবৈধ কাৰ্য-কলাপত লিপ্ত হোৱাৰ তথ্য চৰকাৰে লাভ কৰিছে" । মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰিছে যে, এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰা হৈছে ।

এই আবেদনখনৰ জৰিয়তে ৰহিংগীয়াসকলক ভাৰতৰ পৰা বিতাৰিত নকৰিবলৈ আহ্বান জনোৱা হৈছে । অৱশ্যে বৰ্তমান বিষয়টো উচ্চতম ন্যায়ালয়ত বিচৰাধীন হৈ আছে । অৱশ্যে, ৰহিংগীয়াসকলক বিতাড়নৰ ক্ষেত্ৰত আদালতে কোনো স্থগিতাদেশ জাৰি কৰা নাই বুলিও তেওঁ জানিবলৈ দিয়ে । নিত্যানন্দ ৰায়ে কয় যে, ভাৰত ১৯৫১ চনৰ ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থীৰ স্থিতি আৰু ১৯৬৭ চনৰ প্ৰট'কল সম্পৰ্কীয় সন্মিলনৰ স্বাক্ষৰকাৰী দেশ নহয় ।

শৰণাৰ্থীসহ সকলো বিদেশী নাগৰিক বিদেশী আইন ১৯৪৬, বিদেশী পঞ্জীয়ন আইন ১৯৩৯, পাছপ’ৰ্ট (ভাৰতত প্ৰৱেশ) আইন ১৯২০ আৰু নাগৰিকত্ব আইন ১৯৫৫ আৰু এই আইনৰ অধীনৰ নিয়ম আৰু নিৰ্দেশৰ দ্বাৰা নিয়ন্ত্ৰিত হয় । বৈধ ভ্ৰমণ নথি পত্ৰ অবিহনে দেশখনত প্ৰৱেশ কৰা বিদেশী নাগৰিকসকলক বা ভাৰতত থকা সময়ত যাৰ ভ্ৰমণ নথি-পত্ৰৰ ম্যাদ উকলি লোকসকলক অবৈধ প্ৰব্ৰজনকাৰী হিচাপে গণ্য কৰা হয় । বৰ্তমানৰ আইনী ব্যৱস্থা অনুসৰি এই লোকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে মন্তব্য কৰে ।

লগতে পঢ়ক: সংসদত পেগাচাছৰ প্ৰসংগ উত্থাপন কৰিব বিৰোধীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.