আগৰতলা, ১০ ছেপ্টেম্বৰ : ত্ৰিপুৰাৰ মহকুমা আৰক্ষী বিষয়া ৰমেশ যাদৱৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে (ABVP) । শেহতীয়াকৈ শিক্ষা ভৱন ঘেৰাও কাৰ্যসূচীত প্ৰতিবাদকাৰী ডি.এল.এড (DElEd) শিক্ষাৰ্থীৰ ওপৰত বৰ্বৰতা দেখুৱাই লাঠি চালনা কৰাৰ বিৰুদ্ধে এই এজাহাৰ । ABVPৰ নেতাসকলে পশ্চিম আগৰতলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰি বিষয়াগৰাকীৰ বিৰুদ্ধে বিভাগীয় তদন্তৰ দাবী উত্থাপন কৰে ।
গোচৰৰ দাখিলৰ পাছতে ABVPৰ এগৰাকী নেতাই কয় যে, বিষয়াগৰাকীৰ কাৰ্য গ্ৰহণযোগ্য নহয় । শান্তিপূৰ্ণভাৱে ছয় ঘণ্টা ধৰি প্ৰতিবাদ কৰি আছিল সংগঠনটোৰ লগতে শিক্ষাৰ্থীসকলে । হঠাৎ মহকুমা আৰক্ষী বিষয়া ৰমেশ যাদৱ (SDPO Ramesh Yadav) আৰু আৰক্ষী বিষয়া সুমন্ত ভট্টাচাৰ্যৰ প্ৰৰোচনাত, টি.এছ.আৰ (TSR) আৰু আৰক্ষীৰ এটা বিশাল দলে শিক্ষাৰ্থীসকলক আক্ৰমণ কৰিছিল ।
নেতাগৰাকীৰ মতে তেওঁলোকক আন্দোলনস্থলীত বন্দী কৰি ৰাখিবলৈ বিদ্যুৎ সংযোগ কাটি দিছিল । নেতাগৰাকীৰ অভিযোগ আৰক্ষীয়ে তেওঁলোকক হাৰাশাস্তি কৰাৰ চেষ্টা কৰিছিল । সেয়ে শিক্ষাৰ্থীসকলৰ হৈ ABVP য়ে আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ।
নেতাগৰাকীৰ মতে অনলাইন পৰীক্ষাৰ দাবীত শিক্ষা ভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰা প্ৰায় ১৫০ শিক্ষাৰ্থীক অকথ্য গালি-গালাজ কৰিছিল আৰক্ষী বিষয়াগৰাকীয়ে । ইফালে কিছু দিন পূৰ্বে ABVP আৰু তৃণমূল ছাত্ৰ পৰিষদৰ (Trinamool Chhatra Parishad) মাজত এক কাজিয়াৰ সৃষ্টি হৈছিল । সেই সময়ত MBB মহাবিদ্যালয়ৰ এগৰাকী ABVP কৰ্মীক শাৰীৰিকভাৱে আক্ৰমণ কৰাৰো অভিযোগ আছে আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে । সেয়ে ABVP নেতাগৰাকীয়ে দাবী কৰিছে যে তেনে এগৰাকী বিষয়াক কোনো কাৰণতে ৰেহাই দিব নালাগে ।
লগতে পঢ়ক :মহিলা আৰু বিশেষভাৱে সক্ষম লোকৰ বাবে নতুন সুবিধা ত্ৰিপুৰা চৰকাৰৰ