ETV Bharat / bharat

ABVPয়ে ঘেৰাও কৰিলে ত্ৰিপুৰাৰ শিক্ষা ভৱন : আৰক্ষীৰ লাঠিচালনাত আঘাতপ্ৰাপ্ত শিক্ষাৰ্থী - ত্ৰিপুৰাৰ শিক্ষা ভৱন

ত্ৰিপুৰাৰ শিক্ষা ভৱনৰ সন্মুখত ABVPৰ নেতৃত্বত শিক্ষাৰ্থীৰ তীব্ৰ প্ৰতিবাদ । প্ৰতিবাদকাৰীক ছত্ৰভংগ দিবলৈ আৰক্ষীৰ লাঠিচালনা । ঘটনাত আঘাতপ্ৰাপ্ত বহু শিক্ষাৰ্থী । পিছে কিহৰ বাবে শিক্ষাৰ্থীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছিল ?

ABVP protest
ABVPয়ে ঘেৰাও কৰিলে ত্ৰিপুৰাৰ শিক্ষা ভৱন
author img

By

Published : Sep 9, 2021, 12:10 PM IST

আগৰতলা , ৯ ছেপ্টেম্বৰ : আগৰতলাত তীব্ৰ প্ৰতিবাদ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ(ABVP)ৰ । ডি.এল.এড (Diploma In Elementary Education) পৰীক্ষা অনলাইন মাধ্যমত অনুষ্ঠিত কৰাৰ দাবীত ত্ৰিপুৰাৰ শিক্ষা ভৱন ঘেৰাও কৰে সংগঠনটোৱে । মঙলবাৰে নিশা প্ৰতিবাদে ভয়ংকৰ ৰূপ ধাৰণ কৰে আৰু প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় । ঘটনাত ডি.এল.এডৰ চূড়ান্ত বৰ্ষৰ ২০ গৰাকীতকৈও অধিক শিক্ষাৰ্থী আঘাতপ্ৰাপ্ত হয় ।

উল্লেখ্য যে, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ বাকী পৰীক্ষাবোৰৰ দৰে ডি.এল.এডৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাও অনলাইন হোৱাটো বিচাৰিছিল ABVPয়ে । শিক্ষাৰ্থীসকলে এই বিষয়ে পূৰ্বে শিক্ষা বিভাগৰ সৈতে আলোচনা কৰিছিল আৰু অফলাইনৰ পৰিৱৰ্তে পৰীক্ষা অনলাইনযোগে অনুষ্ঠিত কৰাৰ দাবী জনাইছিল । সমগ্ৰ বিষয়টো নিয়ন্ত্ৰণ কৰি থকা ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদকো (SCERT) শিক্ষাৰ্থীসকলে কেইবাবাৰো বিষয়টো অৱগত কৰিছে । কিন্তু কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে ।

অৱশেষত শিক্ষাৰ্থীসকলৰ সমৰ্থনত ABVPয়ে শুকুৰবাৰে শিক্ষা বিভাগক তিনিদিনৰ সময়সীমা দিছিল যাতে শিক্ষা বিভাগে এই ক্ষেত্ৰত সঠিক সিদ্ধান্ত ল'ব পাৰে । কিন্তু, শিক্ষাৰ্থী তথা সংগঠনটোৰ দাবীৰ প্ৰতি কোনো সঁহাৰি দিয়া নাছিল শিক্ষা বিভাগে । তেওঁলোকে চৰকাৰক দিয়া সময়সীমা পাৰ হোৱা পাছতো কোনো সিদ্ধান্ত নল'লে শিক্ষা বিভাগে । যাৰ বাবে শিক্ষাৰ্থী আৰু ABVPৰ সদস্যসকলে মঙলবাৰে শিক্ষা বিভাগৰ কাৰ্যালয়ৰ মুখ্য প্ৰৱেশদ্বাৰত প্ৰতিবাদ সাব্যস্ত কৰে ।

সমগ্ৰ দিনটো শিক্ষাৰ্থীসকলে প্ৰতিবাদ সাব্যস্ত কৰে । নিশাও শিক্ষাৰ্থীসকলে কাৰ্যালয়টো ঘেৰাও কৰি ৰাখে । যাৰ বাবে ঘটনাস্থলীত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে শিক্ষাৰ্থীসকলক বাধা দিয়াৰ চেষ্টা কৰে । সেই স্থানৰ পৰা প্ৰতিবাদকাৰীসকলক খেদিবলৈ আৰক্ষীয়ে আনকি লাঠিচালনাও কৰে ।

এই ঘটনাৰ পাছতে তীব্ৰ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় । প্ৰতিবাদকাৰীসকলে অভিযোগ কৰে যে, শান্তিপূৰ্ণভাৱে কৰা প্ৰতিবাদক আৰক্ষীয়ে বাধা দিছে । আনকি পোছাকত থকা শিক্ষাৰ্থীসকলক আৰক্ষীয়ে আক্ৰমণ কৰাৰো অভিযোগ কৰে প্ৰতিবাদকাৰীসকলে । ইফালে এছডিপিঅ' ৰমেশ যাদৱৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে প্ৰতিবাদকাৰীসকলে ।

তেওঁলোকৰ মতে মানসিক ভাৰসাম্য হেৰুৱাইছে বিষয়াগৰাকীয়ে যাৰ বাবে শিক্ষাৰ্থীসকলক তেওঁ অকথ্য গালি-গালাজ কৰিছিল । প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে কৰা লাঠিচালনাত ছাত্ৰীসহ প্ৰায় ২০ ৰো অধিক শিক্ষাৰ্থী আঘাতপ্ৰাপ্ত হয় । শিক্ষাৰ্থীসকলৰ ওপৰত কৰা এই আক্ৰমণ কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি হুংকাৰ দিছে ABVPৰ নেতাসকলে ।

ABVPৰ ৰাজ্যিক সম্পাদক ৰূপম দত্তৰ অভিযোগ আৰক্ষীয়ে কোনো আগজাননী নিদিয়াকৈ শিক্ষাৰ্থীৰ ওপৰত লাঠিচালনা কৰিছে । তেওঁৰ মতে বহু সংখ্যক শিক্ষাৰ্থী আঘাতপ্ৰাপ্ত হৈছে এই ঘটনাত কিয়নো বহু শিক্ষাৰ্থীয়ে আৰক্ষীৰ বৰ্বতাৰ বলি হৈ সেই স্থানৰ পৰা পলায়ন কৰিছিল । ইফালে বিদ্যালয় আৰু প্ৰাথমিক শিক্ষা সঞ্চালক চান্দনী চন্দ্ৰনে জনোৱা মতে তেওঁলোকে শিক্ষাৰ্থীসকলৰ পৰা আৰু এদিনৰ সময় বিচাৰিছিল ।

তেওঁৰ মতে বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে আলোচনা কৰিহে সিদ্ধান্ত গ্ৰহণ কৰিব পৰা যাব । তেওঁৰ অভিযোগ প্ৰতিবাদকাৰীসকলে এদিনৰ সময় দিবলৈ অস্বীকাৰ কৰিছিল । আনহাতে শিক্ষা বিভাগৰ এক সূত্ৰৰ মতে বিভাগটো আৰু বিভাগীয় মন্ত্ৰী ৰতন লাল নাথৰ মাজত দীৰ্ঘদিন ধৰি এক শীতল যুদ্ধ চলি আছিল । যাৰ বাবে যিকোনো সিদ্ধান্ত গ্ৰহণ কৰাত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে শিক্ষা বিভাগৰ বাবে ।

লগতে পঢ়ক : ত্ৰিপুৰাত CPIM-BJPৰ সমৰ্থকৰ সংঘৰ্ষত ১২জন বিজেপি কৰ্মী আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.