ETV Bharat / bharat

অনুচ্ছেদ ৩৭০ বাতিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য মুখতাৰ আব্বাছ নকভিৰ

author img

By

Published : Jun 19, 2021, 10:57 PM IST

কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী মুখতাৰ আব্বাছ নকভিৰ মতে জম্মু-কাশ্মীৰত অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ ফলত জম্মু-কাশ্মীৰ আৰু লাডাখৰ কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ উন্নয়নৰ পথ প্ৰশস্ত হৈছে । জম্মু-কাশ্মীৰ আৰু লাডাখৰ লোকসকল এতিয়া উন্নয়নমূলক প্ৰক্ৰিয়াৰ অংশ ।

Abrogation of Article 370
অনুচ্ছেদ ৩৭০ বাতিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য মুখতাৰ আব্বাছ নকভিৰ

নেশ্যনেল ডেস্ক,১৯ জুন : জম্মু-কাশ্মীৰত ৩৭০ অনুচ্ছেদ (Article 370) বাতিল কৰা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী (Union Minister for Minority Affairs) মুখতাৰ আব্বাছ নকভিৰ । মন্ত্ৰীগৰাকীৰ মতে জম্মু-কাশ্মীৰত অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ ফলত জম্মু-কাশ্মীৰ আৰু লাডাখৰ কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ উন্নয়নৰ পথ প্ৰশস্ত হৈছে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অহা সপ্তাহত জম্মু-কাশ্মীৰৰ নেতাসকলৰ সৈতে সৰ্বদলীয় বৈঠকত উপস্থিত থাকিব নেকি বুলি সাংবাদিকে প্ৰশ্ন কৰাত মন্ত্ৰীগৰাকীয়ে কয় যে জম্মু-কাশ্মীৰ আৰু লাডাখৰ লোকসকলক সন্মানৰ উপৰিও উন্নয়নৰ প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত কৰা হৈছে । তেওঁলোক এতিয়া উন্নয়নমূলক প্ৰক্ৰিয়াৰ অংশ বুলি উল্লেখ কৰে ।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে মানুহে এতিয়া অনুভৱ কৰিছে যে অনুচ্ছেদ ৩৭০ কেন্দ্ৰীয় শাসিত ৰাজ্যসমূহৰ বিকাশৰ পথত আটাইতকৈ ডাঙৰ বাধা আছিল । তেওঁ উল্লেখ কৰা মতে প্ৰধানমন্ত্ৰী মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে জম্মু-কাশ্মীৰ আৰু লাডাখৰ জনসাধাৰণৰ সৈতে নিৰন্তৰ যোগাযোগ ৰক্ষা কৰি আছে আৰু সেই অনুসৰি তেওঁলোকৰ উদ্বেগবোৰ সমাধান কৰি আছে ।

ইফালে বিশেষ সূত্ৰৰ মতে প্ৰধানমন্ত্ৰী (Prime Minister) মোডীয়ে অহা সপ্তাহত জম্মু-কাশ্মীৰৰ নেতাসকলৰ সৈতে সৰ্বদলীয় বৈঠকত মিলিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে । জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহাই শুকুৰবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী(Home minister) অমিত শ্বাহৰ সৈতে ৰাষ্ট্ৰীয় ৰাজধানীৰ গৃহ মন্ত্ৰালয়ত এখন বৈঠকত মিলিত হয় ।

উল্লেখ্য যে ২০১৯ চনৰ আগষ্ট মাহত কেন্দ্ৰীয় চৰকাৰে জম্মু আৰু কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰদান কৰা অনুচ্ছেদ ৩৭০ বাতিল কৰে আৰু ৰাজ্যখনক দুটা কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু আৰু কাশ্মীৰ আৰু লাডাখত বিভক্ত কৰে । জম্মু আৰু কাশ্মীৰ পুনৰ গঠন আইন ২০১৯ (The Jammu and Kashmir Reorganisation Act 2019) সম্পৰ্কে চৰকাৰে ৯ আগষ্টত জাননী দিছিল ।

আইনখন অনুসৰি জম্মু আৰু কাশ্মীৰৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিধান সভাত আসনৰ সংখ্যা ১০৭ ৰ পৰা ১১৪ লৈ বৃদ্ধি কৰা হ'ব আৰু সমষ্টিসমূহৰ সীমানিৰ্ধাৰণ নিৰ্বাচন আয়োগে নিৰ্ধাৰণ কৰিব ।

লগতে পঢ়ক:ভাৰতীয় বায়ু সেনাত অব্যাহত দ্ৰুত পৰিৱৰ্তন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.