ETV Bharat / bharat

পেগাচাছ স্পাইৱেৰক লৈ কেন্দ্ৰীয় চৰকাৰক সমালোচনা যুৱ কংগ্ৰেছৰ

author img

By

Published : Jul 20, 2021, 1:23 PM IST

পেগাচাছ হেকিঙ বিষয়ক লৈ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ ভাৰতীয় যুৱ কংগ্ৰেছৰ । শাসকীয় বিজেপিক "ভাৰতীয় জাসুছ পাৰ্টি" আখ্যা যুৱ কংগ্ৰেছৰ ।

Indian Youth Congress slams Centre
Pegasus Spyware কলৈ কেন্দ্ৰীয় চৰকাৰক সমালোচনা যুৱ কংগ্ৰেছৰ

নেশ্যনেল ডেস্ক, ২০ জুলাই : ইজৰাইলী ছফ্টৱেৰ পেগাচাছৰ (Pegasus) জৰিয়তে দেশৰ সাংবাদিক, বিৰোধী নেতা, চৰকাৰী মন্ত্ৰী আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ ফোন টেপিং কৰা হৈছে বুলি এক বাতৰি সম্প্ৰচাৰ হৈছিল । এই বাতৰিৰ পিছতে পেগাচাছ স্পাইৱেৰ (Pegasus Spyware) বিষয়ক লৈ দেশজুৰি তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে । সদনটো বিশেষ স্থান লাভ কৰিছে এই বিষয়ে । ইফালে দেশৰ ভিন্ন প্ৰান্তত চৰকাৰৰ ভূমিকাকলৈও প্ৰতিবাদ আৰম্ভ হৈছে ।

সোমবাৰে ভাৰতীয় যুৱ কংগ্ৰেছেও (IYC) এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । নতুন দিল্লীৰ শাস্ত্ৰী ভৱনৰ সন্মুখত ভাৰতীয় যুৱ কংগ্ৰেছে (Indian Youth Congress)ৰ সভাপতি শ্ৰীনিবাস বিভিৰ নেতৃত্বত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । যুৱ কংগ্ৰেছে এই সকলোবোৰৰ বাবে নৰেন্দ্ৰ মোডী নেতৃত্বধীন বিজেপি চৰকাৰক দোষাৰোপ কৰে ।

সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি শ্ৰীনিবাস বিভিয়ে ব্ৰিটিছৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয় যে, ব্ৰিটিছৰ দিনত তেওঁলোকৰ ব্যৱসায় চোৰাংচোৱা আছিল, আজিও তেওঁলোক যোৱাৰ পিছতো চোৰাংচোৱাৰ ব্যৱসায় অব্যাহত আছে । তেওঁলোক কেতিয়া সলনি হ'ব বুলিও প্ৰশ্ন কৰে যুৱ কংগ্ৰেছৰ নেতাগৰাকীয়ে ।

বিভিয়ে মোডীক আক্ৰমণ কৰি কয় যে মোডী চৰকাৰৰ ৭ বছৰ পাৰ হৈ গ'ল কিন্তু তেওঁ আমাৰ মন কি বাত নুশুনে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক (Narendra Modi) আক্ৰমণ কৰি যুৱ কংগ্ৰেছীগৰাকীয়ে আৰু কয়, প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ৰাজনৈতিক বিৰোধী, সাংবাদিক, বিচাৰক, উদ্যোগপতি, তেওঁৰ নিজৰ জ্যেষ্ঠতম মন্ত্ৰী আৰু আনকি আৰ এছ এছৰ(RSS) নেতৃত্বকো এই স্পাইৱেৰৰ সহায়ত লক্ষ্য কৰি লৈছে । আনহাতে ‘আবকি বাৰ, জাসুছ চৰকাৰ’ বুলি ক'লেও ভুল নহ'ব বুলি তেওঁ মন্তব্য কৰে । শ্ৰীনিবাস বিভিৰ মতে মোডীজীয়ে মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰীলৈ উন্নীত হৈছে কিন্তু তেওঁৰ চখ একেই আছে ।

কংগ্ৰেছীসকলৰ দাবী, চোৰাংচোৱা গোচৰত জড়িত লোকসকলক শাস্তি নিদিয়ালৈকে তেওঁলোক বহি নাথাকে । লগতে এই সমগ্ৰ বিষয়টো উচ্চ পৰ্যায়ৰ কমিটী আৰু উচ্চতম ন্যায়ালয়ৰ দ্বাৰা তদন্ত কৰাৰো দাবী উত্থাপন কৰে । যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মিডিয়াৰ ভাৰপ্ৰাপ্ত নেতা ৰাহুল ৰাৱেও (National Media In charge Rahul Rao) বিষয়টো সন্দৰ্ভত কয় যে প্ৰচণ্ড বৰষুণক নেওচি গুপ্তচৰ মোডীৰ বিৰুদ্ধে যুৱ কংগ্ৰেছৰ বহু কৰ্মীয়ে সংসদ ভৱন (Parliament House) অভিমুখে যাত্ৰা কৰিছিল, কিন্তু দিল্লী আৰক্ষীয়ে তেওঁলোকক বেৰিকেডি লগাই বাধা দিয়াৰ লগতে যুৱ কংগ্ৰেছৰ বহু কৰ্মীক আটক কৰিছে । কিন্তু যেতিয়ালৈ এই গুপ্তচৰ বৃত্তিৰ গোচৰৰ অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰা নহয় তেতিয়ালৈ তেওঁলোকে ৰাস্তাৰ পৰা সংসদলৈ প্ৰতিবাদ অব্যাহত ৰাখিব ।

ইফালে কংগ্ৰেছ দলে সোমবাৰে এক সংবাদমেল অনুষ্ঠিত কৰি অভিযোগ কৰিছিল যে কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী, চোৰাংচোৱা, প্ৰতিৰক্ষা আৰু প্ৰতিষ্ঠানৰ মুৰব্বী, ৰাজনৈতিক নেতা, সাংবাদিক, মিডিয়া হাউচ আৰু অধিকাৰ কৰ্মীসকলৰ ওপৰত অবৈধ হেকিং আৰু স্নুপিং কৰাৰ অভিযোগ তৰা পেগাচাছ স্পাইৱেৰৰ বাবে মোডী চৰকাৰ দায়বদ্ধ । ইজৰাইলী স্পাইৱেৰ পেগাচাছৰ সাম্ভাব্য লক্ষ্যৰ তালিকাৰ ভিতৰত যিহেতু কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নামো আছে । সেয়ে শাসকীয় বিজেপিক "ভাৰতীয় জাসুছ পাৰ্টি" (Bhartiya Jasoos Party) বুলিও নামাকৰণ কৰি সমালোচনা কৰে কংগ্ৰেছ দলে ।

লগতে পঢ়ক:পেগাচাছ স্পাইৱেৰ: প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে তদন্তৰ দাবী কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.