ETV Bharat / bharat

Wrestlers Protest : দেওবাৰৰ নিশাটো নিদ্ৰাবিহীন নিশা আছিল মোৰ বাবে- অভিনৱ বিন্দ্ৰা

author img

By

Published : May 30, 2023, 1:37 AM IST

যন্তৰ মন্তৰত দেশৰ শীৰ্ষ মল্লযুঁজাৰুসকলৰ বিৰুদ্ধে আৰক্ষীৰ পদক্ষেপক ধিক্কাৰ প্ৰদান অলিম্পিক স্বৰ্ণ পদক বিজয়ী অভিনৱ বিন্দ্ৰাৰ ৷ এই ঘটনাৰ টুইটাৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ক্ৰীড়াবিদ গৰাকীয়ে (Abhinav Bindra on protesting wrestlers) ৷

Abhinav Bindra on protesting wrestlers
প্ৰতিবাদী মল্লযুঁজাৰুৰ সমৰ্থনত অভিনৱ বিন্দ্ৰা

নিউজ ডেস্ক, 29 মে’: ব্যক্তিগত শাখাত অলিম্পিকত স্বৰ্ণ পদক বিজয়ী ভাৰতৰ প্ৰথমজন শ্বুটাৰ অভিনৱ বিন্দ্ৰাই যন্তৰ মন্তৰত দেশৰ শীৰ্ষ মল্লযুঁজাৰুসকলৰ বিৰুদ্ধে আৰক্ষীৰ পদক্ষেপক ধিক্কাৰ প্ৰদান কৰিছে ৷ এই ভয়ংকৰ ছবিয়ে তেওঁক নিদ্ৰাহীন কৰি তুলিছে বুলি কয় ক্ৰীড়াবিদগৰাকীয়ে (Abhinav Bindra on protesting wrestlers) ৷

নতুন সংসদ ভৱন অভিমুখে যাত্ৰা কৰাৰ পূৰ্বে মল্লযোদ্ধা আৰু তেওঁলোকৰ সমৰ্থকসকলে নিৰাপত্তা বেষ্টনী ভংগ কৰাৰ সময়ত সাক্ষী মালিক, বিনেশ ফোগাট, বজৰং পুনিয়া আৰু সংগীতা ফোগাটকে ধৰি অলিম্পিক আৰু বিশ্ব চেম্পিয়নশ্বিপৰ পদক বিজয়ীসকলক চোচোঁৰাই টানি নিয়াৰ দৃশ্য দেখা গৈছিল (Abhinav Bindra) ৷

প্ৰতিবাদী মল্লযোদ্ধাসকলে ডব্লিউএফআইৰ বিদায়ী সভাপতি ব্ৰীজ ভূষণ সিঙক এগৰাকী নাবালককে ধৰি কেইবাগৰাকীও মহিলা মল্লযোদ্ধাক যৌন নিৰ্যাতন কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে ৷ তেওঁলোকে নতুন সংসদ ভৱনত মহিলা মহাপঞ্চায়তৰ আহ্বান জনাইছিল য’ত একে সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন সংসদ ভৱন উদ্বোধন কৰিছিল (Protesting wrestlers) ৷

ভাৰতৰ আটাইতকৈ সফল ফুটবল খেলুৱৈ সুনীল ছেত্ৰী আৰু ভাৰতৰ প্ৰাক্তন অলৰাউণ্ডাৰ ইৰফান পাঠানেও মল্লযোদ্ধাসকলৰ বিৰুদ্ধে কৰা আচৰণক সমালোচনা কৰাৰ পাছত বিন্দ্ৰাই টুইট কৰি কয়, "যোৱা নিশাটো নিদ্ৰাহীন আছিল, মোৰ সহযোগী ভাৰতীয় মল্লযোদ্ধাসকলৰ প্ৰতিবাদৰ ভয়ংকৰ ছবিৰ দ্বাৰা মই আতংকিত হৈছিলো ।" ( Wrestlers protest)

"সমগ্ৰ ক্ৰীড়া সংগঠনসমূহত স্বতন্ত্ৰ সুৰক্ষা ব্যৱস্থা স্থাপন কৰাৰ সময় আহিছে ৷ আমি নিশ্চিত কৰিব লাগিব যে যদি এনে পৰিস্থিতিৰ উদ্ভৱ হয়, সেইবোৰ অতি সংবেদনশীলতা আৰু সন্মানৰ সৈতে মোকাবিলা কৰা হয় ৷ প্ৰতিজন খেলুৱৈয়ে এক সুৰক্ষিত আৰু শক্তিশালী পৰিৱেশৰ যোগ্য," 2008 চনৰ বেইজিং অলিম্পিকত এয়াৰ ৰাইফলত স্বৰ্ণ পদক বিজয়ী অভিনৱ বিন্দ্ৰাই এনেদৰে টুইটাৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে (Wrestlers protest in Delhi) ৷

দেওবাৰে মল্লযুঁজাৰুসকলে বেৰিকেড ভংগ কৰি যন্তৰ মন্তৰৰ পৰা নতুন সংসদ ভৱনৰ ফালে খোজ দিবলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষী জোৱানসকলে তেওঁলোকক আটক কৰি দিল্লীৰ বিভিন্ন থানালৈ লৈ যোৱাৰ আগতে তেওঁলোকক ঠেলি মাটিত বাগৰাই পেলাইছিল ৷ বিনেশে তেওঁক আটক কৰাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিৰোধৰ ব্যৱস্থা কৰিছিল আৰু কেইমিনিটমান সংগ্ৰাম চলি থকাৰ সময়তে সংগীতাই ৰাস্তাত পৰি থকাৰ সময়তে নিজৰ সম্পৰ্কীয় ভাতৃক আঁকোৱালি ধৰিছিল ৷ আৰক্ষীয়ে তেওঁলোকক আন কেইবাজনো মল্লযুঁজাৰু আৰু তেওঁলোকৰ সমৰ্থকৰ সৈতে বাছলৈ চোচঁৰাই লৈ যায় (Delhi police detained wrestlers) ৷

সাত ঘণ্টা আটক কৰি ৰখাৰ পিছত তেওঁলোকক মুকলি কৰি দিয়া হৈছিল ৷ তথাপিও এই ঘটনাই অন্যান্য শাখাৰ কেইবাজনো ক্ৰীড়াবিদক যথেষ্ট আঘাত দিয়ে ৷ ভাৰতীয় ফুটবলৰ প্ৰাক্তন অধিনায়ক ছেত্ৰীয়ে কয় যে, "কিয় আমাৰ মল্লযুঁজাৰুসকলক কোনো বিচাৰ-বিবেচনা নকৰাকৈ টানি চোচঁৰাই নিয়া হ’ল ? এইটো কোনো ব্যৱহাৰৰ ধৰণ নহয় ৷ "

লগতে পঢ়ক: Wrestlers protest : ন্যায় নোপোৱালৈকে ঘৰলৈ নাযায় মল্লযুঁজাৰুসকল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.