ETV Bharat / bharat

AAP holds Protest outside BJP office: সঞ্জয় সিঙৰ মুক্তিৰ দাবীত বিজেপিৰ কাৰ্যালয়ত আপৰ প্ৰতিবাদ

আম আদমী পাৰ্টিৰ সাংসদ সঞ্জয় সিঙক গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে বিজেপিৰ কাৰ্যালয়ৰ বাহিৰত প্ৰতিবাদ দলীয় কৰ্মীৰ । আপৰ মুখ্য কাৰ্যালয়ৰ পৰা বিজেপিৰ মুখ্য কাৰ্যালয়লৈ পদযাত্ৰা প্ৰতিবাদকাৰীৰ ৷ প্ৰতিবাদকাৰীক বাধা আৰক্ষীৰ ।

AAP holds Protest outside BJP office
সঞ্জয় সিঙৰ মুক্তিৰ দাবীত বিজেপিৰ কাৰ্যালয়ত আপ প্ৰতিবাদ
author img

By ETV Bharat Assamese Team

Published : Oct 5, 2023, 1:49 PM IST

স্পৰ্টছ ডেস্ক, 5 অক্টোবৰ: আম আদমী পাৰ্টিৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙক গ্ৰেপ্তাৰ কৰাৰ পাচতেই দলীয় কৰ্মী আৰু জ্যেষ্ঠ নেতাসকলৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে । সঞ্জয় সিঙৰ মুক্তিৰ দাবীত বৃহস্পতিবাৰে বিজেপিৰ মুখ্য কাৰ্যালয়ৰ বাহিৰত আপৰ কেইবা শতাধিক নেতা-কৰ্মী-সমৰ্থকে প্ৰতিবাদ সাব্যস্ত কৰে । আম আদমী পাৰ্টিৰ কাৰ্যালয়ৰ পৰা বিজেপিৰ মুখ্য কাৰ্যালয়লৈ পদযাত্ৰা কৰি অহাৰ সময়ত আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক বাধা প্ৰদান কৰে ৷

আৰক্ষীৰ হস্তক্ষেপত অধিক উত্তাল হৈ পৰে প্ৰতিবাদকাৰীসকল ৷ আপৰ কৰ্মকৰ্তাসকলে বিভিন্ন শ্ল’গানেৰে চৌদিশ উত্তাল কৰি তোলে । দিল্লী চৰকাৰৰ মন্ত্ৰী আতিশীয়ে শাসকীয় বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি কয়, আজি বিজেপিৰ একনায়কত্ববাদৰ কথা উদঙাই দিয়া হ’ব । এজন সঞ্জয় সিঙক গ্ৰেপ্তাৰ কৰিছে । আজি হাজাৰ হাজাৰ সঞ্জয় সিঙ ৰাজপথত সংবিধান বচাবলৈ ওলাই আহিব । একে সময়তে বিজেপিৰ মুখ্য কাৰ্যালয়ৰ বাহিৰত আপ কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে ।

আতিশীয়ে লগতে কয়, "ভাৰতীয় জনতা পাৰ্টিয়েও সঞ্জয় সিঙৰ পূৰ্বপুৰুষৰ চুলতানপুৰৰ বাসগৃহলৈ ইডি পঠিয়াব লাগে । যোৱা এবছৰত সঞ্জয় সিঙ য’তেই গৈছে তাতেই ইডিয়ে তদন্ত কৰিব লাগে । দুৰ্নীতিৰ পৰা যদি এটকাও উদ্ধাৰ নহয় তেতিয়া সকলোৱে পদত্যাগ কৰিব । কোনো প্ৰমাণ নোহোৱাকৈয়ে গ্ৰেপ্তাৰ কৰিছে সঞ্জয় সিঙক । বিজেপিৰ একনায়কত্ববাদ চলি আছে । প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে মাত দিয়াসকলৰ কণ্ঠ দমন কৰা হৈছে । গ্ৰেপ্তাৰ কৰি জেলত ভৰোৱা হৈছে ।"

উল্লেখ্য যে, সুৰা কেলেংকাৰীৰ গোচৰত প্ৰৱৰ্তন সঞ্চালকালয়ে (ED) বুধবাৰে পুৱাৰে পৰা আম আদমী পাৰ্টিৰ সাংসদ সঞ্জয় সিঙৰ বাসগৃহত অভিযান চলাইছিল ৷ প্ৰায় 10 ঘন্টাজোৰা এই অভিযানৰ পাচত বিয়লি প্ৰায় 5.15 বজাত গ্ৰেপ্তাৰ কৰা হয় আপৰ সাংসদগৰাকীক ৷ ইয়াৰ পাচতেই চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে আপৰ কৰ্মকৰ্তাসকল ৷

লগতে পঢ়ক: AAP MP Sanjay Singh arrested: সুৰা কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ আপৰ সাংসদ সঞ্জয় সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.