ETV Bharat / bharat

Opposition PM face: কেজৰিৱাল হ’ব নেকি বিৰোধীৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী; কি স্থিতি আপৰ ?

author img

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 10:51 PM IST

অৰবিন্দ কেজৰিৱাল হ’ব নেকি I.N.D.I.A মিত্ৰজোঁটৰ প্ৰাৰ্থী ? ইয়াকে লৈয়ো গৰম হৈছে ৰাষ্ট্ৰীয় ৰাজনীতি ৷ 31 আগষ্ট 1 ছেপ্টেম্বৰত মুম্বাইত অনুষ্ঠিত হ’ব বিৰোধী মিত্ৰজোঁটৰ তৃতীয়খন বৈঠক ৷

Opposition PM face
Opposition PM face

নেশ্যনেল ডেস্ক, 30 আগষ্ট: বিৰোধী মিত্ৰজোঁট I.N.D.I.Aৰ তৃতীয়খন বৈঠক 31 আগষ্ট আৰু 1 ছেপ্টেম্বৰত মুম্বাইত অনুষ্ঠিত হ’ব ৷ ইয়াৰ পূৰ্বে বুধবাৰে আম আদমী পাৰ্টীৰ মুখ্য মুখপাত্ৰই অৰবিন্দ কেজৰিৱালক প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাবে ঘোষণা কৰিবলৈ দাবী জনায় ৷ এই মন্তব্যৰ প্ৰতি দিল্লী চৰকাৰৰ মন্ত্ৰী গোপাল ৰায়েও সমৰ্থন আগবঢ়ায় ৷ এই দাবীয়ে কিছু সময়ৰ বাবে ৰাজনৈতিক উষ্ণতা বৃদ্ধি কৰিছিল যদিও আপে পৰৱৰ্তী পৰ্যায়ত এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰে ৷

দলৰ জ্যেষ্ঠ নেত্ৰী তথা মন্ত্ৰী আতিশী, সাংসদ সঞ্জয় সিং আৰু ৰাঘৱ চাদ্দাই ইয়াক সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰে আৰু কয় যে আমি প্ৰধানমন্ত্ৰীৰ হ’বলৈ নহয়, দেশৰ ভৱিষ্যত গঢ়ি তুলিবলৈ একত্ৰিত হৈছো ৷

কি কৈছিল আপৰ নেতৃত্বই:

বুধবাৰে আপৰ মুখ্য মুখপাত্ৰ প্ৰিয়ংকা কক্কৰে কয় যে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী কৰা উচিত । তেওঁ দিল্লীত মুখ্যমন্ত্ৰী কেজৰিৱালৰ দ্বাৰা প্ৰদান কৰা সুবিধাসমূহৰ উদাহৰণ দিয়ে । বুধবাৰে দুপৰীয়া 12 বজাত দিল্লী সচিবালয়ত এক সংবাদমেলত দিল্লী চৰকাৰৰ পৰিৱেশ মন্ত্ৰী গোপাল ৰায়ে কয় যে প্ৰতিটো দলে নিজৰ মুৰব্বী প্ৰধানমন্ত্ৰী হোৱাটো বিচাৰে । একেদৰে, আমিও বিচাৰো যে অৰবিন্দ কেজৰিৱালক প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হওক, কিন্তু এই সিদ্ধান্ত I.N.D.I.Aই গ্ৰহণ কৰিব ৷

  • #WATCH आम आदमी पार्टी की मुख्य राष्ट्रीय प्रवक्ता प्रियंका कक्कड़ ने कहा, "अगर आप मुझसे पूछें तो मैं चाहूंगी कि अरविंद केजरीवाल प्रधानमंत्री पद के उम्मीदवार बनें। इतनी कमरतोड़ महंगाई में भी राष्ट्रीय राजधानी दिल्ली में महंगाई सबसे कम है। मुफ़्त पानी, मुफ़्त शिक्षा, मुफ़्त बिजली,… pic.twitter.com/ZnQjCF38M2

    — ANI_HindiNews (@AHindinews) August 30, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

দাবী প্ৰত্যাহাৰ:

দলটোৰ মুখপাত্ৰ কক্কৰৰ বক্তব্যৰ প্ৰায় তিনি ঘণ্টা পিচত মন্ত্ৰী আতিশীয়ে দিল্লী সচিবালয়ত কয় যে দেশ আৰু গণতন্ত্ৰ ৰক্ষাৰ বাবে আম আদমী পাৰ্টীয়ে I.N.D.I.Aত যোগদান কৰিছে । মই আনুষ্ঠানিকভাৱে কওঁ যে মুখ্যমন্ত্ৰী কেজৰিৱাল মিত্ৰজোঁটৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী নহয় ৷ তেওঁ লগতে কয় যে এয়া প্ৰিয়ংকা কক্কৰৰ ব্যক্তিগত মতামত হ’ব পাৰে যে মুখ্যমন্ত্ৰী কেজৰিৱালক মিত্ৰজোঁটৰ পৰা প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাবে প্ৰক্ষেপ কৰা উচিত ৷

  • #WATCH | Delhi Minister and AAP leader Atishi says, "This might be the personal opinion of the chief spokesperson. But Arvind Kejriwal is not at all a part of the PM race. AAP is a part of INDIA alliance because India needs to be saved today. The country, its constitution and its… https://t.co/C5WBzzWUUk pic.twitter.com/dYYWSbHaAK

    — ANI (@ANI) August 30, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

‘‘লোকসভা নিৰ্বাচনত আম আদমী পাৰ্টীয়ে 20ৰ পৰা 30খন আসনত প্ৰতিদ্বন্দিতা কৰিবলৈ আবেদন কৰিব । দলটোৱে কিমানখন আসন জিকিব পাৰিব সেয়াও জনা নাযায় । I.N.D.I.Aত কোনো আসন ভাগ-বতৰাৰ ব্যৱস্থা নাই আৰু দলৰ কৰ্মী আৰু কাৰ্যালয়ৰ কৰ্মীসকলে প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী দাবী কৰি তেওঁলোকৰ নিজৰ নেতাক উপহাস কৰি আছে । ই দলটোৰ অপৰিপক্কতা প্ৰদৰ্শন কৰে ,’’ ৰাজনৈতিক বিশ্লেষক জগদীশ মামগেনে কয় ৷

দেশ ৰক্ষাৰ বাবে মিত্ৰতা কৰিছো:

আপৰ নেতা সঞ্জয় সিঙে কয়, ‘‘I.N.D.I.A মিত্ৰজোঁটত যোগদান কৰা অৰবিন্দ কেজৰিৱালৰ উদ্দেশ্য হৈছে দেশক ৰক্ষা কৰা ৷ অৰবিন্দ কেজৰিৱাল প্ৰধানমন্ত্ৰী হোৱাৰ দৌৰত নাই । প্ৰধানমন্ত্ৰী প্ৰাৰ্থী আৰু আসন ভাগ-বতৰাৰ দৰে বিষয়বোৰ গুৰুত্বপূৰ্ণ হ'ব । মিত্ৰজোঁটে এই সন্দৰ্ভত সৰ্বসন্মত সিদ্ধান্ত ল’ব ।’’

  • #WATCH | AAP leader Sanjay Singh ahead of the third INDIA Alliance meet says, "Arvind Kejriwal's motive to join the INDIA Alliance is to save the country. Arvind Kejriwal is not in the race to be a Prime Minister. The issues like PM candidate and seat sharing will be decided by… pic.twitter.com/Dnbrqu8rNE

আমি ভাৰতক অশুভ শক্তিৰ পৰা মুক্ত কৰিবলৈ একত্ৰিত হৈছো:

আপৰ সাংসদ ৰাঘৱ চাদ্দাই কয়, ‘‘প্ৰধানমন্ত্ৰী পদৰ বাবে আপে I.N.D.I.Aত যোগদান কৰা নাই । অৰবিন্দ কেজৰিৱাল প্ৰধানমন্ত্ৰী হোৱাৰ দৌৰত নাই । উন্নত ভাৰতৰ বাবে এক ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰিবলৈ আৰু ভাৰতক অশুভ শক্তিৰ পৰা মুক্ত কৰিবলৈ আমি I.N.D.I.A এলায়েন্সত আমি যোগদান কৰিছো ৷’’

  • #WATCH | AAP MP Raghav Chadha speaks on the face of the INDIA alliance.

    "AAP has not joined the INDIA alliance for the PM post. Arvind Kejriwal is not in the race to become the Prime Minister of India. We have joined the INDIA alliance to prepare a blueprint for a better India… pic.twitter.com/ZFSnvSGR9z

লগতে পঢ়ক: Opposition Unity: নিৰ্বাচন একেবাৰে কাষত, বৃদ্ধি কৰিব লাগিব তৎপৰতা; লালু প্ৰসাদ যাদৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.