ETV Bharat / bharat

পেগাচাছ ৰিপোৰ্ট: সাংসদ সঞ্জয় সিঙৰ জিৰ' আৱাৰ জাননী

সংবাদ মাধ্যমৰ কনচৰ্টিয়ামে প্ৰকাশ কৰিছে যে ইজৰাইলী স্পাইৱেৰৰ সহায়ত হেকিং কৰি দেশখনৰ বহুসংখ্যক ব্যৱসায়ী আৰু কৰ্মীক লক্ষ্য কৰি লোৱা হ'ব পাৰে, যাৰ ভিতৰত আছে দুজন কেন্দ্ৰীয় মন্ত্ৰী, তিনিজন বিৰোধী নেতা, এজন বৰ্তমানৰ ন্যায়াধীশ, ৪০ জন সাংবাদিকসহ কমেও ৩০০ টা প্ৰমাণিত ম'বাইল ফোন নম্বৰ ।

Zero Hour notice
পেগাচাছ ৰিপৰ্ট
author img

By

Published : Jul 20, 2021, 10:59 AM IST

নেশ্যনেল ডেস্ক, ২০ জুলাই : চলিত বৰ্ষাকালীন অধিবেশনত (Parliament Monsoon Session) এইবাৰ ইজৰাইলী কোম্পানীৰ হেকিঙৰ প্ৰসংগ । সংবাদমাধ্যমত দেওবাৰে 'পেগাচাছ প্ৰজেক্ট' (pegasus project) নামৰ এক চোৰাংচোৱা কেলেংকাৰী সন্দৰ্ভত বাতৰি প্ৰকাশ পাইছিল । য'ত কোৱা হৈছে যে ইজৰাইলী সংস্থাই ইয়াৰ জৰিয়তে ভাৰতৰ বহু ব্যৱসায়ী আৰু প্ৰায় ৪০ গৰাকী সাংবাদিকৰ ফোন নম্বৰ হেক কৰি তেওঁলোকৰ কাৰ্যকলাপ নিৰীক্ষণ কৰিছে । আনকি সেই ব্যক্তিসকলৰ ভিতৰত কেইবাগৰাকী কেন্দ্ৰীয় নেতাৰ নামো অন্তৰ্ভূক্ত হৈ আছে ।

সংবাদ মাধ্যমৰ কনচৰ্টিয়ামে প্ৰকাশ কৰিছে যে ইজৰাইলী স্পাইৱেৰৰ (Israeli spyware) সহায়ত হেকিঙৰ জৰিয়তে দেশখনৰ বহুসংখ্যক ব্যৱসায়ী আৰু কৰ্মীক লক্ষ্য কৰি লোৱা হ'ব পাৰে, যাৰ ভিতৰত আছে দুজন কেন্দ্ৰীয় মন্ত্ৰী, তিনিজন বিৰোধী নেতা, এজন বৰ্তমানৰ ন্যায়াধীশ, ৪০ জন সাংবাদিকসহ কমেও ৩০০ টা প্ৰমাণিত ম'বাইল ফোন নম্বৰ । সংবাদমাধ্যমত এই বাতৰি প্ৰকাশ হোৱাৰ পিছতে উচ্চ সদনত বিষয়টোৱে স্থান লাভ কৰে । অতি স্পৰ্শকাতৰ বিষয় হিচাপে লোৱা হৈছে এই বিষয়টোক ।

আনকি সোমবাৰে সংসদৰ উচ্চ সদনত বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম দিনটোত তিনিবাৰ স্থগিত ৰখা হৈছিল আৰু দিনটোৰ বাবে স্থগিত ৰখা হৈছিল সদন । ইয়াৰ পিছতে আম আদমী পাৰ্টিৰ (AAP) সাংসদ সঞ্জয় সিঙে (MP Sanjoy Singh) মঙলবাৰে 'পেগাচাছ প্ৰজেক্ট'(Pegasus Project) সন্দৰ্ভত সংবাদ মাধ্যমৰ প্ৰতিবেদনৰ ওপৰত ৰাজ্যসভাত জিৰ' আৱাৰৰ জাননী (Zero Hour notice) দিয়ে । সোমবাৰে, আপৰ সাংসদজনে পেগাচাছ স্পাইৱেৰৰ স্কেলৰ উন্মোচনৰ বাবে নিয়ম ২৬৭-ৰ অধীনত আন বিষয় স্থগিত ৰখাৰ জাননী প্ৰদান কৰিছিল ।

ইফালে প্ৰতিবেদন অনুসৰি প্ৰতিৰক্ষা, গৃহ মন্ত্ৰালয়, নিৰ্বাচন আয়োগ আৰু কাশ্মীৰ সম্পৰ্কীয় বিষয়সমূহ সামৰি ৰিপৰ্টিং কৰা দেশৰ কিছুমান আগশাৰীৰ বাতৰি কাকতৰ সাংবাদিকক লক্ষ্য কৰি লোৱা হৈছে এই পেগাচাছ প্ৰজেক্টৰ জৰিয়তে । আনহতে কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ।

কেন্দ্ৰীয় চৰকাৰে পেগাচাছ ব্যৱহাৰ কৰি স্নুপিং কৰাৰ অভিযোগ স্পষ্টভাৱে নাকচ কৰিছে । চৰকাৰে দাবী কৰা মতে দেশৰ আইনৰ নিয়ন্ত্ৰণ আৰু ভাৰসাম্যৰ পৰিপ্ৰেক্ষিতত অবৈধ নিৰীক্ষণ সম্ভৱ নহয় । লগতে এইটোও কোৱা হৈছে যে একাংশ শক্তিয়ে বিভিন্ন স্বাৰ্থৰ বাবে ভাৰতীয় গণতন্ত্ৰক বদনাম কৰিবলৈ আৰু ১৯ জুলাইৰ পৰা চলি থকা সংসদৰ বৰ্ষাকালীন অধিৱেশনত ব্যাঘাত জন্মাবলৈ চেষ্টা কৰি আছে ।

লগতে পঢ়ক:সৰ্বত্ৰে কিয় চৰ্চিত হৈছে পেগাচাছ স্পাইৱেৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.