ETV Bharat / bharat

Uniform Civil Code: ইউনিফৰ্ম চিভিল ক’ডক সমৰ্থন কৰি জনমত গঠন কৰিবলৈ আহ্বান আপৰ - প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

"আমি নীতিগতভাৱে ইউনিফৰ্ম চিভিল কোড (ইউচিচি) সমৰ্থন কৰো ৷ কিয়নো সংবিধানৰ অনুচ্ছেদ 44-এ ও কয় যে দেশত ইউনিফৰ্ম চিভিল ক’ড থাকিব লাগে ৷"-আপ

aap-backs-uniform-civil-code-but-wants-govt-to-build-consensus-not-act-authoritatively
ইউনিফৰ্ম চিভিল ক’ডক সমৰ্থন কৰি জনমত গঠন কৰিবলৈ আহ্বান আপৰ
author img

By

Published : Jun 28, 2023, 4:55 PM IST

নিউজ ডেস্ক, 28 জুন : দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইউনিফৰ্ম চিভিল ক’ড দেশজুৰি কাৰ্যকৰী কৰাৰ সন্দৰ্ভত এক ভাষণ প্ৰদান কৰিছিল ৷ ইয়াৰ পিচতেই আম আদমী পাৰ্টীয়ে বুধবাৰে ইউনিফৰ্ম চিভিল ক’ড কাৰ্যকৰীকৰণৰ সমৰ্থন কৰি ৰাইজৰ পৰা সহমত ল’বলৈ আহ্বান জনায় ৷

আপ নেতা সন্দীপ পাঠকে সংবাদমাধ্যমক কয়, "আমি নীতিগতভাৱে ইউনিফৰ্ম চিভিল কোড (ইউচিচি) সমৰ্থন কৰো ৷ কিয়নো সংবিধানৰ অনুচ্ছেদ 44-এ ও কয় যে দেশত ইউনিফৰ্ম চিভিল ক’ড থাকিব লাগে ৷ সেয়েহে, সকলো ধৰ্ম, ৰাজনৈতিক দল আৰু সংগঠনৰ সৈতে আলোচনা কৰি পৰামৰ্শ লোৱা উচিত আৰু সকলোৰে মতামত সংগ্ৰহ কৰাটো গুৰুত্বপূৰ্ণ ৷"

লগতে আপৰ নেতাগৰাকীয়ে কয় যে চৰকাৰে ইউনিয়ন চিভিল ক’ড কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত আধিপত্যবাদী স্থিতি লোৱা পৰিহাৰ কৰা উচিত ৷ ভৱিষ্যতেও এনে কিছু বিষয়ৰ ওপৰত চৰকাৰে গুৰুত্ব প্ৰদান কৰাটো অত্যন্ত জৰুৰী ৷ চৰকাৰে ইউনিফৰ্ম চিভিল ক’ড জোৰ জবৰদস্তি উপায়েৰে বলৱৎ কৰিবলৈ চেষ্টা কৰাটো সঠিক নহয় ৷ জনসাধাৰণৰ সহমত অবিহনে ইউনিফৰ্ম চিভিল ক’ডৰ দৰে সিদ্ধান্ত কাৰ্যকৰী কৰিলে ই বৃহৎ সংখ্যক লোকক হতাশ কৰাৰ সম্ভাৱনা আছে ৷

মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতত ইউনিফৰ্ম চিভিল ক’ডৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰি কয় যে দেশখনে "দুখন আইন"ৰ সৈতে কাম কৰিব নোৱাৰে ৷ সংবিধানে সকলোৰে বাবে সমতাৰ নিশ্চয়তা দিয়ে ৷ যদিও আপে এই সন্দৰ্ভত বিজেপিক সমৰ্থন জনাইছে, আন বিৰোধী দলবোৰে ইয়াক "ভোট বেংক" ৰ ৰাজনীতি বুলি অভিহিত কৰিছে ৷

ইফালে এই সন্দৰ্ভত কংগ্ৰেছৰ সাধাৰণ সম্পাদক কেচি বেণুগোপালে কয় যে, প্ৰধানমন্ত্ৰীয়ে এই বিষয়টোৰ জৰিয়তে জনসাধাৰণক আন বিষয়ৰ পৰা "বিচলিত" কৰিছে ৷ প্ৰধানমন্ত্ৰীয়ে প্ৰথমে দেশত দৰিদ্ৰতা, মূল্যবৃদ্ধি আৰু নিবনুৱাৰ বিষয়ে উত্তৰ দিয়া উচিত ৷ তেওঁ কেতিয়াও মণিপুৰৰ বিষয়ে কথা নকয়, গোটেই ৰাজ্য জ্বলি আছে ৷ তেওঁ কেৱল এই সকলোবোৰ বিষয়ৰ পৰা মানুহক বিচলিত কৰি আছে ৷

লগতে পঢ়ক: Delhi CM house controversy : কেজৰিৱালৰ বাসগৃহৰ পুনৰ নিৰ্মাণ সন্দৰ্ভত কেগ অডিটত অনুমোদন গৃহ মন্ত্ৰালয়ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.