ETV Bharat / bharat

এজন যুৱকৰ মৃত্যুৰ কাৰণ হৈ পৰিল এটা ময়ূৰ - ময়ূৰ

কৰ্ণাটকত এটা ময়ূৰ চৰাইৰ বাবে প্ৰাণ হেৰুৱালে এজন যুৱকে ৷ এই ঘটনা সংঘটিত হৈছে কৰ্ণাটকত ৷

A young motorcyclist died after a peacock hit his head
কৰ্ণাটকত এটা ময়ূৰ চৰাইৰ বাবে সংঘটিত হ'ল ভয়াৱহ দুৰ্ঘটনা
author img

By

Published : Jul 21, 2021, 2:23 PM IST

Updated : Jul 25, 2021, 6:01 PM IST

নেশ্যনেল ডেস্ক, ২১ জুলাই : কৰ্ণাটকৰ উড়ুপী জিলাৰ কৌপত সংঘটিত হ'ল শোকাৱহ পথ দুৰ্ঘটনা । এজন যুৱকৰ মৃত্যুৰ কাৰণ হৈ পৰিল এটা ময়ূৰ চৰাই । দৰাচলতে মঙলবাৰে, আব্দুল্লা নামৰ এজন ২৪ বছৰীয়া যুৱকজনে বেলাপুৰ পৰা ১০ কিলোমিটাৰ দূৰত থকা পাদুবিদ্ৰী অভিমুখে স্কুটীৰে গৈ আছিল । সেই সময়তে ৬৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ইপাৰৰ পৰা সিপাৰলৈ এটা ময়ূৰ চৰাই উৰি আছিল ।

A young motorcyclist died after a peacock hit his hea
কৰ্ণাটকত এটা ময়ূৰ চৰাইৰ বাবে সংঘটিত হ'ল ভয়াৱহ দুৰ্ঘটনা

ময়ূৰ চৰাইটোৱে পথটো অতিক্ৰম কৰিবলৈ উৰি যাওঁতেই হঠাতে যুৱকজনৰ মূৰত খুন্দিয়ায় । লগে লগে ভাৰসাম্য হেৰুৱাই যুৱকজনে ডিভাইডাৰত খুন্দিয়ায় । স্থানীয় লোকে তেওঁক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে । আনহাতে, দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত ময়ূৰ চৰাইটোৰো মৃত্যু হয় ।

স্থানীয় লোকে জনোৱা মতে, কৌপ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত ময়ূৰ চৰাইৰ ত্ৰাস তুলনামূলকভাৱে যথেষ্ট বৃদ্ধি পাইছে । চৰাইবোৰে ধান খেতি নষ্ট কৰি অহাৰ উপৰিও প্ৰায়ে ৬৬ নং ৰাষ্ট্ৰীয় ঘাইপথ আৱদ্ধ কৰি ৰাখে বুলি স্থানীয় লোকসকলে জানিবলৈ দিয়ে । উল্লেখ্য যে, বনাঞ্চলত মানুহৰ অবৈধ দখলৰ বাবে ৰাজ্যখনত জন্তু, পক্ষী আদিৰে মানুহৰ সংঘাত বৃদ্ধি পাইছে ।

উল্লেখ্য যে, অঞ্চলটোত তুলনামূলকভাৱে সাপৰ সংখ্যা বৃদ্ধিয়েই ময়ুৰৰো সংখ্যা বৃদ্ধিৰ অন্যতম কাৰক হিচাপে ধাৰণা কৰা হৈছে । ইফালে, বিশেষজ্ঞসকলৰ মতে, ময়ূৰ চৰাইৰ উপস্থিতিয়ে জলবায়ু পৰিৱৰ্তনৰো প্ৰমাণ দিয়ে । পৰিসংখ্যা অনুসৰি, কৰ্ণাটকত প্ৰতি দিনে প্ৰায় ৭৭টা মানুহ আৰু জন্তুৰ সংঘাত হয় ।

লগতে পঢ়ক: ৰাজহুৱাকৈ ক্ষমা নিবিচৰালৈকে নৱজ্যোত সিং সিদ্ধুক সাক্ষাৎ নকৰে পঞ্জাৱৰ মুখ্যমন্ত্ৰীয়ে

Last Updated : Jul 25, 2021, 6:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.