ETV Bharat / bharat

Wedding in ICU: চিকিৎসালয়ৰ ICUত সম্পন্ন হ’ল দৰা-কইনাৰ বিবাহ - ICUত বিবাহ

ঘৰত অথবা মন্দিৰত বিবাহ সম্পন্ন হোৱাটো সাধাৰণ কথা ৷ কিন্তু চিনেমাৰ কাহিনীৰ দৰে লাগিলেও এখন বিবাহ সম্পন্ন হ’ল ICUত(Wedding in ICU) ৷ চিকিৎসক আৰু আত্মীয়ৰ উপস্থিতিত ICUতে বিবাহত বহিল দৰা-কইনা ৷

Wedding in ICU
চিকিৎসালয়ৰ ICUত সম্পন্ন হ’ল দৰা-কইনাৰ বিবাহ
author img

By

Published : Dec 26, 2022, 10:29 PM IST

চিকিৎসালয়ৰ ICUত সম্পন্ন হ’ল দৰা-কইনাৰ বিবাহ

নেশ্যনেল ডেস্ক, 26 ডিচেম্বৰ: চিনেমা চিনেমা যেন লগা এটা সঁচা কাহিনী ৷ আপুনি বাৰু মন্দিৰ, ধৰ্মীয় অনুষ্ঠান বা মণ্ডপত বিবাহ সম্পন্ন হোৱা দেখিছে ৷ কিন্তু আজি আমি আপোনাক দেখুৱাম এখন বিশেষ আৰু ব্যতিক্ৰমী বিয়া ৷ শুনিবলৈ চিনেমাৰ কাহিনী যেন লাগিলেও এয়াই সঁচা ৷ হয়, মন্দিৰৰ বা মণ্ডপৰ পৰিৱৰ্তে এখন বিবাহ সম্পন্ন হ’ল চিকিৎসালয়ৰ ICUত(Unique wedding in Bihar) ৷ দৰা-কইনাৰ পৰিয়াল বৰ্গ আৰু চিকিৎসকৰ উপস্থিতিত সম্পন্ন হ’ল এইখন বিবাহ ৷

এই ব্যতিক্ৰমী বিবাহখন সম্পন্ন হৈছে বিহাৰৰ গয়া জিলাৰ এখন ব্যক্তিগত চিকিৎসালয়ত(Wedding in ICU in Bihar) ৷ এইবাৰ শুনক আচল ঘটনা ৷ জিলাখনৰ গুৰাৰু খণ্ডৰ বালি গাঁৱৰ লালন কুমাৰৰ পত্নী পুনম বাৰ্মা কেইবাদিনো ধৰি অসুস্থ হৈ আছিল । কিন্তু দেওবাৰে হঠাতে তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটিবলৈ ধৰিলে । যাৰ বাবে তেওঁক গয়াৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও পুনৰ বাৰ্মাৰ অৱস্থা অতি সংকটজনক হৈ পৰে ৷ সেয়েহে চিকিৎসকে স্বামীক অৱগত কৰে যে, যি কোনো সময়তে পুনম বাৰ্মাৰ মৃত্যু হ’ব পাৰে ৷

কিন্তু ICUত জীৱন-মৃত্যুৰে যুঁজি থকা পুনম বাৰ্মাৰ শেষ ইচ্ছা আছিল তেওঁৰ জীয়াৰীৰ বিয়াখন মৃত্যুৰ পূৰ্বে চাই যোৱা ৷ সেয়েহে, তেওঁ পৰিয়ালৰ লোকক কলে যে, ‘‘এতিয়াই মোৰ ছোৱালীৰ বিয়াখন পাতি দিয়াক, মৃত্যুৰ পূৰ্বে মই মোৰ জীয়াৰীৰ বিয়া চাই যাব বিচাৰোঁ’’ ৷

উল্লেখ্য যে, 26 ডিচেম্বৰত অৰ্থাৎ সোমবাৰে ‘এংগেজমেণ্ট’ৰ তাৰিখ নিৰ্ধাৰণ কৰি থোৱা হৈছিল তেওঁৰ জীয়াৰী চান্দনী কুমাৰীৰ ৷ কিন্তু তাৰ পূৰ্বেই অতি অসুস্থ হৈ পৰে মাতৃ পুনম বাৰ্মা ৷ গতিকে, দেওবাৰেই তেওঁৰ জীয়াৰীৰ বিবাহ সম্পন্ন কৰিবলৈ বাধ্য হ’ল পৰিয়ালৰ লোক ৷

সুমিত কুমাৰ নামৰ এজন যুৱকৰ সৈতে বিয়া ঠিক হৈ আছিল চান্দনী কুমাৰীৰ ৷ কিন্তু মাতৃৰ অৱস্থা সংকটজনক হৈ পৰাত নিৰ্ধাৰিত দিনৰ পূৰ্বেই বিয়াত বহিবলৈ বাধ্য হ’ল চান্দনী কুমাৰী ৷ ICUতে মাতৃৰ শেষ ইচ্ছা পূৰণ কৰিবৰ বাবে দৰা আৰু কইনা ঘৰৰ লোকৰ লগতে চিকিৎসকৰ উপস্থিতিত আংশিক ধৰ্মীয় ৰীতি-নীতিৰে সম্পন্ন হ’ল চান্দনী কুমাৰী আৰু সুমিত কুমাৰৰ বিবাহ(Weeding in ICU) ৷

কিন্তু অতি দুখৰ কথা যে, বিবাহৰ সম্পন্ন হোৱাৰ মাত্ৰ দুঘণ্টাৰ পিছতে মৃত্যুক আকোঁৱালী লয় পুনম বাৰ্মাই ৷ ফলত বিবাহৰ সুখৰ মাজতো দুখত শোকস্তব্ধ হৈ পৰিল দুয়োটা পৰিয়াল ৷ এয়া চিনেমাৰ এক কাহিনী যেন লাগিলেও প্ৰকৃতাৰ্থত বাস্তৱতে সংঘটিত হৈছে এই ঘটনা ৷ সম্প্ৰতি এইখন বিশেষ আৰু ব্যতিক্ৰমী বিবাহ বহুলভাৱে চৰ্চিত হৈ পৰিছে ৷ ইয়াকে হয়তু কোৱা হয়, বিধিয়ে দিলেও বিধাতাই নিদিয়ে ৷

লগতে পঢ়ক: Husband gave triple talaq in Aligarh: পত্নীৰ ৰং ক’লা বাবেই স্বামীয়ে দিলে তিনি তালাক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.