ETV Bharat / bharat

চেন্নাই বিমানবন্দৰত ইণ্ডিগ’ বিমানৰ সৈতে এখন মালবাহী বাহনৰ সংঘৰ্ষ

author img

By ETV Bharat Assamese Team

Published : Nov 21, 2023, 11:49 AM IST

চেন্নাইৰ বিমানবন্দৰত ভয়ংকৰ অঘটন ৷ যাত্ৰীৰ সামগ্ৰী কঢ়িওৱা বাহনৰ সৈতে এখন বিমান দুৰ্ঘটনাত পতিত হয় ৷ এই দুৰ্ঘটনাৰ বাবে চেন্নাইৰ পৰা ত্ৰিচিলৈ যাত্ৰা কৰিবলগীয়া 24 খন বিমান দুদিনৰ বাবে বাতিল কৰা হৈছে ৷

A tractor collided with Indigo flight in Chennai Airport
চেন্নাই বিমানবন্দৰত ইণ্ডিগ’ বিমানৰ সৈতে এখন মালবাহী বাহনৰ সংঘৰ্ষ

নেশ্যনেল ডেস্ক, 21 নৱেম্বৰ : দেওবাৰে নিশা চেন্নাইৰ বিমানবন্দৰত সামগ্ৰী কঢ়িওৱা এখন মালবাহী বাহনৰ সৈতে ইণ্ডিগ’ এয়াৰলাইনছৰ এটিআৰ যাত্ৰীবাহী বিমান এখন দুৰ্ঘটনাত পতিত হয় ৷ এই দুৰ্ঘটনাত বিমানখন কিছু পৰিমাণে ক্ষতিগ্ৰস্ত হৈছিল ৷ এই ঘটনাৰ পিচতে ক্ষতিগ্ৰস্ত বিমানখন পৰিদৰ্শন কৰি অসামৰিক বিমান পৰিবহন সুৰক্ষা ব্যুৰো (বিচিএএছ)ৰ বিমান সুৰক্ষা বিষয়াসকলে বিমানখন পুনৰ উৰা মাৰিব পৰা অৱস্থাত নাই বুলি জানিবলৈ দিয়ে ৷

এই ঘটনা সন্দৰ্ভত দিল্লীৰ অসামৰিক বিমান পৰিবহন সঞ্চালক প্ৰধান (ডিজিচিএ)ক অৱগত কৰা হৈছে ৷ ইয়াৰ পিচতে ডিজিচিএয়ে এই বিষয়ত এক বিতং তদন্তৰ নিৰ্দেশনা দিছে ৷ পৰৱৰ্তী নিৰ্দেশ নোপোৱালৈকে বিমানখন উৰণৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে ৷ ইয়াৰ পিচতে ইণ্ডিগ’ এয়াৰলাইনছে জাৰি কৰা এক বিবৃতি অনুসৰি, যাত্ৰীসকলৰ সামগ্ৰী কঢ়িয়াই অনা এখন মালবাহী বাহনৰ সৈতে বিমানখনৰ সংঘৰ্ষ হয় ৷ ফলত এই দুৰ্ঘটনা সংঘটিত হয় ৷

এই দুৰ্ঘটনাৰ বাবে চেন্নাইৰ পৰা ত্ৰিচিলৈ যাত্ৰা কৰিবলগীয়া ইণ্ডিগ’ বিমানৰ 24 খন বিমান সেৱা বাতিল কৰা হৈছে ৷ ক্ষতিগ্ৰস্ত বিমানখন মেৰামতি কৰিবলৈ দিয়া হৈছে ৷ পুনৰ 22 নৱেম্বৰ অৰ্থাৎ কাইলৈৰ পৰা বিমান সেৱা পুনৰ আৰম্ভ হ'ব ৷ লগতে বিমান কৰ্তৃপক্ষই জানিবলৈ দিয়ে যে, যিসকল যাত্ৰীৰ এই বিমানসমূহত টিকট কৰিছিল তেওঁলোকক টিকটৰ ধন ঘূৰাই দিয়া হ'ব ৷

সম্প্ৰতি বিমানবন্দৰ কৰ্তৃপক্ষই দুৰ্ঘটনাটোৰ তদন্ত চলাই আছে ৷ বিমানখন সম্পূৰ্ণৰূপে মেৰামতি কৰাৰ পিচত আৰু বিচিএএছ আৰু ডিজিচিএ-ৰ পুনৰ উৰণৰ বাবে অনুমতি দিয়াৰ পিচতহে বিমানখন পুনৰ কাৰ্যক্ষম হ'ব বুলি কোৱা হৈছে ৷ সৌভাগ্যক্ৰমে এই দুৰ্ঘটনাটোত কোনো লোক হতাহত হোৱা নাই ৷

লগতে পঢ়ক: উত্তৰাকাশীত যুদ্ধংদেহী তৎপৰতা : আৱদ্ধ শ্ৰমিকসকলৰ বাবে প্ৰেৰণ কৰা হৈছে গৰম খিচিৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.