ETV Bharat / bharat

দিল্লী পৌৰসভাৰ উপ-নিৰ্বাচন আৰু ইয়াৰ ৰাজনৈতিক প্ৰভাৱ - delhi

দিল্লী পৌৰসভাৰ উপ-নিৰ্বাচনৰ ফলাফলে ৰাজনৈতিক বিশ্লেষকসকলক আকৌ এবাৰ ফলাফলসমূহ ফঁহিয়াই চাবলৈ বাধ্য কৰাইছে । অনুষ্ঠিত হোৱা পাঁচটা পৌৰসভা সমষ্টিৰ ভিতৰত চাৰিটাই আম আদমি পাৰ্টীয়ে দখল কৰিবলৈ সক্ষম হোৱাটোৱে ইয়াকে সূচায় যে, দলটোৱে দিল্লীত নিজৰ দখল সবল কৰি ৰাখিবলৈ সক্ষম হৈছে ।

a-strong-message-from-small-elections
দিল্লী পৌৰসভাৰ উপ-নিৰ্বাচন আৰু ইয়াৰ ৰাজনৈতিক প্ৰভাৱ
author img

By

Published : Mar 4, 2021, 12:48 PM IST

Updated : Mar 4, 2021, 1:11 PM IST

আজিৰ দিনত ভাৰতবৰ্ষত কোনো নিৰ্বাচনকেই সাধাৰণভাৱে উলাই কৰিব নোৱাৰি । আনকি পৌৰসভাৰ নিৰ্বাচনসমূহকো গুৰুত্বপূৰ্ণভাৱে লোৱা হয়, কাৰণ যিকোনো ৰাজনৈতিক দলেই পৌৰসভাৰ নিৰ্বাচন সমূহকো গুৰুত্ব সহকাৰে লোৱা পৰিলক্ষিত হয় । শেহতীয়াকৈ তেলেংগানা, পঞ্জাৱ, গুজৰাট আদি ৰাজ্যত হোৱা পৌৰসভাৰ নিৰ্বাচনে দেশৰ সামগ্ৰিক নিৰ্বাচনৰ ওপৰত পেলাব পৰা সাম্ভাব্য প্ৰভাৱৰ ওপৰতো বিশ্লেষণ কৰা দেখিবলৈ পোৱা গৈছে । কৃষকৰ প্ৰতিবাদৰ মাজতেই পঞ্জাৱত অনুষ্ঠিত হোৱা পৌৰসভা আৰু নগৰ নিকায়ৰ নিৰ্বাচন, য'ত কংগ্ৰেছৰ বাবে ফলাফল ফলপ্ৰসূ হোৱা দেখা গৈছে ; কিন্তু গুজৰাটত হোৱা পৌৰসভা আৰু নগৰ নিকায়ৰ নিৰ্বাচনত বিজেপিয়ে ভাল ফল দেখুওৱা পৰিলক্ষিত হৈছে । এই ফলাফলসমূহে চৰকাৰ আৰু বিৰোধী দলসমূহক নিজৰ মাজত বিশ্লেষণ কৰাবলৈ বাধ্য কৰাইছে ।

দিল্লী পৌৰসভাৰ উপ-নিৰ্বাচনৰ ফলাফলে ৰাজনৈতিক বিশ্লেষকসকলক আকৌ এবাৰ ফলাফলসমূহ ফঁহিয়াই চাবলৈ বাধ্য কৰাইছে । অনুষ্ঠিত হোৱা পাঁচটা পৌৰসভা সমষ্টিৰ ভিতৰত চাৰিটাই আম আদমি পাৰ্টীয়ে দখল কৰিবলৈ সক্ষম হোৱাটোৱে ইয়াকে সূচায় যে, দলটোৱে দিল্লীত নিজৰ দখল সবল কৰি ৰাখিবলৈ সক্ষম হৈছে । আনহাতে কংগ্ৰেছে এটা সমষ্টি আম আদমি পাৰ্টীৰ পৰা আঁজুৰি আনিবলৈ সক্ষম হয় । মন কৰিবলগীয়া যে, বিজেপিয়ে এই উপ-নিৰ্বাচনত দিল্লীত এটাও সমষ্টি দখল কৰিবলৈ সক্ষম নহ'ল ।

যি ক্ষেত্ৰত আম আদমি দলে শালিমাৰবাগ আসনখন দখল কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে কংগ্ৰেছে আম আদমি দলৰ পৰা আন এখন আসন আঁজুৰি আনিবলৈ সক্ষম হয় । খালী হোৱা আসনসমূহৰ ভিতৰত আম আদমি দলৰ সদস্যসমূহ আছিল ত্ৰৈলোক্যপূৰী, কল্যাণপুৰী, চৌহানবাগ আৰু ৰোহিনী ৱাৰ্ডৰ আৰু শালিমাৰবাগত আছিল বিজেপিৰ সদস্য । নিৰ্বাচনত আম আদমি দলে ত্রৈলোক্যপুৰী, কল্যাণপুৰী, ৰোহিনী আৰু শালিমাৰবাগত বিজয় সাব্যস্ত কৰে ; কিন্তু কংগ্ৰেছে চৌহানবাগ দখল কৰিবলৈ সক্ষম হয় । শালিমাৰবাগত থকা বিজেপিৰ সদস্যজনৰ মৃত্যুৰ পিছত খালী হোৱা আসনখন বিজেপিয়ে দখল কৰিবলৈ ব্যৰ্থ হয় ।

দিল্লী পৌৰ নিগমৰ নিৰ্বাচনৰ সফলতাৰ পিছত আম আদমি দলে দেশৰ আন আন ৰাজ্য সমূহতো নিজৰ স্থিতি সবল কৰিবলৈ চেষ্টা কৰিব । আগতে যদিও দলটোৱে এনে প্ৰচেষ্টা হাতত লৈছিল, সেই সময়ত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, উপ-মুখ্যমন্ত্ৰী মনীষ সিচোদিয়া আৰু সঞ্জয় সিঙৰ বাহিৰে আন কোনো নামী নেতা নাছিল আৰু দলটোৰ গ্ৰহণযোগ্যতাও কম আছিল ।

আম আদমি দলৰ নেতা যেনে কুমাৰ বিশ্বাস, যোগেন্দ্ৰ যাদৱ, প্ৰশান্ত ভূষণ আদিয়েও সেই সময়ত আন সমূহ ৰাজ্যতকৈ বেছি প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাছিল । আগন্তুক দিনত দলটোৱে কি কাৰ্য ব্যৱস্থা হাতত লয়, সেয়া সময়তহে জনা যাব ।

ইয়াত কোনো সন্দেহ নাই যে, পৌৰসভাৰ উপ-নিৰ্বাচনে ২০২২ ত হ'বলগীয়া দিল্লী পৌৰসভাৰ নিৰ্বাচনৰ কাৰণে টনিকৰ কাম কৰিব । বৰ্তমান দিল্লীৰ তিনিওখন পৌৰ নিগমত বিজেপিৰ আধিপত্য আছে । আম আদমি দলৰ নেতাসকলে সদ্য সমাপ্ত হোৱা উপ নিৰ্বাচনক ২০২২ৰ ছেমি ফাইনেল আখ্যা দিছে আৰু তেওঁলোক ২০২২ ত হ'বলগীয়া নিৰ্বাচনক লৈ যথেষ্ট উৎসাহী । কিন্তু একে সময়তে মন কৰিবলগীয়া যে, কংগ্ৰেছৰ পৰিস্থিতিও আগতকৈ উন্নত হৈছে । কংগ্ৰেছে এখন আসনৰ জয় লাভক ভৱিষ্যতৰ বাবে এক বাৰ্তা হিচাপে গণ্য কৰিছে । দিল্লী কংগ্ৰেছৰ সভাপতি অনিল চৌধুৰীয়ে এক টুইটযোগে কয় যে, আমি দিল্লীৰ হৃদয় জয় কৰিলো, এতিয়া দিল্লীৰ বিজয় নিশ্চিত । তেওঁ কয় যে, দিল্লীত কংগ্ৰেছৰ ওপৰত মানুহৰ বিশ্বাস বাঢ়িছে আৰু এই জয়ে দিল্লীত কংগ্ৰেছৰ পুনৰুত্থানৰ বাৰ্তা বহন কৰিছে ।

একেদৰে দিল্লীৰ বিজেপি সভাপতি আদেশ গুপ্তাই কয় যে, ৰাজনীতিত কোনো পৰাজয়েই শেষ নহয় । তেওঁ লগতে বিজেপিয়ে পাঁচখন আসনৰ পৰাজয় স্বীকাৰ কৰা বুলি কৈ আগন্তুক ২০২২ ৰ বাবে প্ৰস্তুতি আৰম্ভ কৰা বুলি সদৰী কৰে । দিল্লীত উপ-নিৰ্বাচনৰ শেহতীয়া ঘটনাই ৰাজনৈতিক ক্ষেত্ৰখনক যথেষ্ট প্ৰভাৱিত কৰিছে যাক অতি শীঘ্ৰেই অনুভৱ কৰিব পৰা যাব ।

Last Updated : Mar 4, 2021, 1:11 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.