নিউজ ডেস্ক, ২১ আগষ্ট: বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত এগৰাকী এয়াৰ হোষ্টেছক অশালীন আচৰণ তথা যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত আৰক্ষীয়ে এগৰাকী যাত্ৰীক গ্ৰেপ্তাৰ কৰে । ৩৩ বছৰীয়া এয়াৰ হোষ্টেছগৰাকীৰ এজাহাৰৰ ভিত্তিত বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ থানা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যাত্ৰীজনক ৷ আটকাধীন যাত্ৰীজন মালদ্বীপৰ বাসিন্দা আক্ৰম আহমেদ (৫১) বুলি চিনাক্ত ।
১৮ আগষ্টত সংঘটিত হয় এই ঘটনা ৷ মালেৰ পৰা বেংগালুৰু অভিমুখী বিমানখনত অভিযুক্ত মালদ্বীপৰ বাসিন্দা আক্ৰম আহমেদে কেবিন ক্ৰুক ফোন কৰি বিয়েৰ আৰু কাজু বিচাৰিছিল । সেৱা আগবঢ়োৱাৰ সময়ত আক্ৰম আহমেদে এয়াৰ হোষ্টেছৰ সৈতে অসৎ আচৰণ কৰাৰ অভিযোগ । ''মই ৫১ বছৰ ধৰি তোমাৰ দৰে ছোৱালী বিচাৰি আছো, তোমাক ১০ ডলাৰৰ সলনি ১০০ ডলাৰ দিম । বাকী টকাখিনি ৰাখা ।’’ ইয়াৰ পাচত তেওঁ এয়াৰ হোষ্টেছগৰাকীক অশ্লীলভাৱে স্পৰ্শ কৰিছিল । এজাহাৰত এনেদৰে উল্লেখ কৰা হৈছে ৷
আৰক্ষীৰ মতে, যেতিয়া বিমানখনৰ আন এগৰাকী মহিলা কৰ্মচাৰীয়ে ধন বিচাৰিছিল, তেতিয়া আক্ৰমে টকা বিচৰাৰ অজুহাতত পেণ্টৰ ভিতৰত হাত ভৰাই অসৎ আচৰণ কৰিছিল । বিমান অৱতৰণৰ সময়তো তেওঁ দুই-তিনিবাৰ আসনৰ পৰা থিয় হৈছিল । তেওঁক আসনত বহিবলৈ কোৱাত তেওঁ পুনৰ অভদ্ৰ আচৰণ কৰিছিল । এয়াৰ হোষ্টেছগৰাকীৰ এগৰাকী জ্যেষ্ঠ সহকৰ্মীয়ে বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ থানাত এই সন্দৰ্ভত এজাহাৰ দাখিল কৰে । বিমানবন্দৰ থানা আৰক্ষীয়ে অভিযোগৰ ভিত্তিত গোচৰ ৰুজু কৰি অভিযুক্ত আক্ৰম আহমেদক গ্ৰেপ্তাৰ কৰে । উত্তৰ-পূব সংমণ্ডলৰ আৰক্ষী উপ-আয়ুক্ত লক্ষ্মীপ্ৰসাদে জানিবলৈ দিয়া মতে, আক্ৰম আহমেদে বিজনেছ ভিছা লৈ ভাৰতলৈ আহিছিল ।
লগতে পঢ়ক: Jaipur Airport : নথি অবিহনে টিকট ক্ৰয় কৰিবলৈ আহি জয়পুৰ বিমানবন্দৰত পাকিস্তানৰ নাবালিকাসহ আটক 2