ETV Bharat / bharat

Tamilnadu chopper crash : ভিডিঅ’ কলতেই শেষবাৰ পত্নী-সন্তানক দেখা পালে বি চাই তেজাই

author img

By

Published : Dec 9, 2021, 2:26 PM IST

তামিলনাডুৰ কুন্নুৰত সংঘটিত হেলিকপ্টাৰ দুৰ্ঘটনাত নিহত হৈছে চীফ অৱ ডিফেন্স ষ্টাফ বিপিন ৰাৱাট (CDS Bipin Rawat passed away), তেওঁৰ পত্নী আৰু আন 11 জন সেনা বিষয়া ৷ চাওক কোন কোন আছিল এই কেইজন সেনা বিষয়া...

Tamilnadu chopper crash
Tamilnadu chopper crash

নিউজ ডেস্ক, 9 ডিচেম্বৰ : অন্ধ্ৰপ্ৰদেশৰ চিট্টোৰ জিলাৰ মদনপাল্লে চহৰক বুধবাৰে এবোজা দুখে চানি ধৰে ৷ এই চহৰতে বাস কৰে বি চাই তেজাৰ পৰিয়ালে ৷ তামিলনাডুৰ কুন্নুৰত দুৰ্ঘটনাত পতিত হোৱা হেলিকপ্টাৰখনত জেনেৰেল বিপিন ৰাৱাটৰ সৈতে আছিল চাই তেজা (B Sai Teja died in chopper crash) ৷ সেই অভিশপ্ত হেলিকপ্টাৰখনত আছিল 14 পাইলটসহ 14 জনকৈ লোক ৷ ইতিমধ্যে 13 জনৰে মৃত্যু হৈছে এই দুৰ্ঘটনা (13 died in chopper crash at coonoor) ৷

লগতে পঢ়ক : Chopper Crash timeline : কুনুৰৰ হেলিকপ্তাৰ দুৰ্ঘটনাৰ সময়ৰেখা

লেন্স নায়ক বি চাই তেজা আছিল জেনেৰেল বিপিন ৰাৱাটৰ ব্যক্তিগত নিৰাপত্তা বিষয়া (PSO of CDS Bipin Rawat) ৷ 27 বৰ্ষীয় চাই তেজা আছিল চিট্টোৰ জিলাৰ এগুভা ৰেগাডা গাঁৱৰ বাসিন্দা চাই তেজাই মৃত্যুৰ সময়ত এৰি গৈছে পত্নী শ্যামলা, চাৰিবছৰীয়া পুত্ৰ আৰু এগৰাকী দুবছৰীয়া কন্যা ৷ এটি খেতিয়ক পৰিয়ালৰ পৰা গৈ সেনা বাহিনীত যোগ দিছিল তেজাই ৷ চেপয় হিচাপে 2012 চনত ভাৰতীয় সেনাত ভৰ্তি হোৱা বি তেজা পৰৱৰ্তী সময়ত পেৰা কামাণ্ডো প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত হয় ৷ 2020 চনত জেনেৰেল বিপিন ৰাৱাটৰ নিৰাপত্তাৰ দায়িত্ব লাভ কৰে তেজাই ৷

তেজাৰ পৰিয়ালে দুৰ্ঘটনা সংঘটিত হোৱাৰ কেইঘন্টামান পাচতহে এই দুখৰ খবৰটো লাভ কৰিছিল ৷ বুধবাৰে পুৱা 8.45 বজাত পত্নী আৰু সন্তানলৈ ভিডিঅ’ কল কৰিছিল তেজাই ৷ সেয়াই আছিল শেষ দেখা ৷ সন্ধিয়াতো নামি আহিছিল শ্যামলী আৰু সন্তানৰ জীৱনলৈ কালক্ষণ হৈ ৷

লগতে পঢ়ক : Watch : কুনুৰৰ হেলিকপ্তাৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ পূৰ্বৰ দৃশ্য

লেন্স নায়ক বিবেক কুমাৰ হৈছে এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা আন এগৰাকী সেনা বিষয়া (LNK Vivek kumar on board the crashed chopper) ৷ হিমাচল প্ৰদেশৰ কাংগ্ৰা জিলাৰ জয়সিংপুৰ গাঁৱৰ বাসিন্দা আছিল বিবেক কুমাৰ ৷ জেনেৰেল বিপিন ৰাৱাটৰ মুখ্য কৰ্মচাৰী বিষয়া আছিল বিবেক কুমাৰ ৷ এই মৃত্যুৰ খবৰে বিবেকৰ গাঁৱতো দুখৰ লহৰ তুলিছে ৷ হিমাচলৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীয়ে সেনা বিষয়াগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ৷

কুন্নুৰৰ এই ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাত নিহত হোৱা সকলৰ ভিতৰত আছিল নায়ক গুৰসেৱক সিং (NK Gursewak Singh) ৷ সুধিয়ানৰ দ’দে গাঁৱৰ বাসিন্দা আছিল গুৰসেৱক সিং ৷ একেদৰে এই ঘটনাত প্ৰাণ হেৰুওৱা আন এগৰাকী হৈছে হাবিলদাৰ সতপাল ৰায় ৷ দাৰ্জিলিঙৰ মানেন্দ্ৰ অঞ্চলৰ বাসিন্দা সতপাল ৰায়ৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে তেওঁৰ অঞ্চলবাসীৰ লগতে প্ৰশাসনে ৷

লগতে পঢ়ক : Next CDS of India : সেনাপ্ৰধান জেনেৰেল নাৰাভানে হ'ব নেকি ভাৰতৰ পৰৱৰ্তী CDS ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.