ETV Bharat / bharat

বিএছএফৰ গুলীত ধৰাশায়ী পাকিস্তানী অনুপ্ৰৱেশকাৰী - পাকিস্তানী অনুপ্ৰৱেশকাৰী

পঞ্জাৱৰ ফিৰোজপুৰ জিলাৰ ভাৰত-পাকিস্তান সীমান্তত সীমা সুৰক্ষা বাহিনীৰ গুলীত নিহত পাকিস্তানী অনুপ্ৰৱেশকাৰী । দেওবাৰে মাজনিশা এই ঘটনা সংঘটিত হৈছে বুলি জানিবলৈ দিছে সীমা সুৰক্ষা বাহিনীয়ে ।

A Pakistani intruder was killed at the Indian border
পঞ্জাৱ সীমান্তত বি এছ এফৰ গুলীত নিহত পাকিস্তানী অনুপ্ৰৱেশকাৰী
author img

By

Published : May 3, 2021, 7:35 PM IST

নেশ্যনেল ডেস্ক,৩ মে': অবৈধভাৱে ভাৰতৰ ভূ-খণ্ডত প্ৰৱেশ কৰি নিহত হ'ল এজন পাকিস্তানী নাগৰিক । সীমা সুৰক্ষা বাহিনীৰ পঞ্জাৱ ফ্ৰণ্টিয়াৰে টুইটযোগে প্ৰকাশ কৰা তথ্য অনুসৰি, দেওবাৰে মাজনিশা পঞ্জাৱৰ ফিৰোজপুৰ জিলাৰ ভাৰত-পাকিস্তান সীমান্তত সীমা সুৰক্ষা বাহিনীৰ গুলীত নিহত হয় এগৰাকী পাকিস্তানী অনুপ্ৰৱেশকাৰী ।

লোকজনে নিশা সীমান্তৰে ভাৰতৰ ভূমিত প্ৰৱেশ কৰি সন্দেহজনক অৱস্থাত থকা প্ৰত্যক্ষ কৰিছিল সীমা সুৰক্ষা বাহিনীৰ ১০৩ নং বেটেলিয়নে । এনে পৰিস্থিতিত আসন্ন বিপদৰ আশংকা কৰি প্ৰথমে অনুপ্ৰৱেশকাৰীজনক সীমা সুৰক্ষা বাহিনীয়ে আগবাঢ়ি নাহিবলৈ সকীয়নি দিয়ে । পাকিস্তানী অনুপ্ৰৱেশকাৰীজনে তেওঁলোকৰ কথাত গুৰুত্ব নিদিয়াত সীমা সুৰক্ষা বলৰ জোৱানে গুলীচালনা কৰিবলৈ বাধ্য হয় । অৱশ্যে, অনুপ্ৰৱেশকাৰীজনৰ পৰিচয় সম্পৰ্কে কোনো তথ্য লাভ কৰা নাই সীমা সুৰক্ষা বাহিনীয়ে ।

সোমবাৰে পুৱা প্ৰায় ৬ বজাত পাকিস্তানে জম্মু-কাশ্মীৰৰ চাম্বা ছেক্টৰত যুদ্ধবিৰতি উলংঘা কৰে । দুমাহৰ ভিতৰত এইটো হৈছে প্ৰথম যুদ্ধবিৰতি উলংঘনৰ ঘটনা । যোৱা ২৪ ফেব্ৰুৱাৰীৰ মাজনিশাৰ পৰা ভাৰত-পাকিস্তানৰ মাজত যুদ্ধবিৰতি ঘোষণা কৰা হৈছিল । ভাৰত-পাকিস্তানৰ সামৰিক অভিযানৰ সঞ্চালক প্ৰধানসকলৰ মাজত আলোচনা হোৱাৰ পিছত দুয়োপক্ষই গুলীবৰ্ষণ বন্ধ কৰিবলৈ সন্মত হয় ।

লগতে পঢ়ক: বিধানসভালৈ একেলগে শহুৰ-জোঁৱাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.