তেলেংগানা,27 ডিচেম্বৰ: তেলেংগানাৰ মেডচল জিলাৰ পিএছ এলেকাত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা ৷ এগৰাকী মহিলাই দুই সন্তানৰ সৈতে এটা পুখুৰীত জপিয়াই আত্মহত্যা কৰে ৷ এই ঘটনা শনিবাৰে নিশা সংঘটিত হয় ৷ নাগমণি নামৰ মহিলাগৰাকীৰ এই কঠোৰ সিদ্ধান্তৰ কাৰণ পাৰিবাৰিক সংঘাত বুলি অনুমান কৰা হৈছে ৷
![A mother commits suicide along with two children etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10024261_img.jpg)
জানিব পৰা মতে, মহিলাগৰাকীয়ে বৰদিন উপলক্ষে মাতৃ গৃহলৈ গৈ এই উৎসৱ উদযাপন কৰিব বিচাৰিছিল ৷ কিন্তু মহিলাগৰাকীৰ স্বামীয়ে এই কথাত মান্তি নোহোৱাত স্বামী-স্ত্ৰীৰ মাজত সংঘাতৰ সৃষ্টি হয় ৷ যাৰ ফলশ্ৰুতিত মহিলাগৰাকীয়ে দুই সন্তানৰ সৈতে আত্মহত্যাৰ দৰে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ চেন্নাপুৰমৰ এটি পুখুৰীৰ পৰা দুই শিশু সহিতে মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে স্থানীয় লোকে ৷
ইফালে মহিলাগৰাকীৰ নিৰুদ্দেশৰ সন্দৰ্ভত স্বামীয়ে জৱাহৰ নগৰ আৰক্ষী চকীত দাখিল কৰিছিল এক এজাহাৰ ৷ আৰক্ষীয়ে মহিলাগৰাকীৰ নিৰুদ্দেশৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰখাৰ মাজতে স্থানীয় লোকে উদ্ধাৰ কৰে সন্তানসহ মহিলাগৰাকীৰ মৃতদেহ ৷
লগতে চাওকঃ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ যৌথ অভিযান