ETV Bharat / bharat

Stone Pelting on Ram Navami Shobha Yatra: বডোদৰাৰ ৰামনৱমী শোভাযাত্ৰাত শিল নিক্ষেপ

author img

By

Published : Mar 30, 2023, 7:50 PM IST

গুজৰাটৰ বডোদৰাৰ ৰাম নৱমীৰ শোভাযাত্ৰাত অপ্ৰীতিকৰ পৰস্থিতি ৷ বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলে চহৰজুৰি আয়োজন কৰা এটা শোভাযাত্ৰাত শোভাযাত্ৰাকাৰীলৈ শিল নিক্ষেপ (Massive Stone Pelting on Ramnavmi Shobhayatra) ৷

Massive Stone Pelting on Ramnavmi Shobhayatra in Vadodara
বডোদৰাৰ ৰামনৱমী শোভাযাত্ৰাত শিল নিক্ষেপ

নেশ্যনেল ডেস্ক, 30 মাৰ্চ: আজি দেশৰ ভিন্ন প্ৰান্তত ৰাম নৱমী পালন কৰা হয় (Ramnavmi 2023) ৷ ইয়াৰে সমান্তৰালভাৱে গুজৰাটৰ বডোদৰা চহৰত ৰাম নৱমী উৎসৱৰ ব্যাপক আয়োজন কৰা হৈছে ৷ পুৱাৰে পৰা বডোদৰাৰ ৰাম মন্দিৰসমূহত ভক্তই ভিৰ কৰিছেহি ৷

ৰাম নৱমীৰ উপলক্ষে বডোদৰা চহৰৰ ফাতেহপুৰা অঞ্চলত বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলে চহৰজুৰি বিশাল শোভাযাত্ৰাৰ আয়োজন কৰিছিল (Ramnavmi Shobhayatra in Vadodara) ৷ এই শোভাযাত্ৰাৰ সময়তে শোভাযাত্ৰাকাৰীলৈ উদ্দেশ্যি পাঞ্জৰিগৰ মহল্লাৰ পৰা শিল নিক্ষেপ কৰা আৰম্ভ হৈছিল (Massive Stone Pelting on Ramnavmi Shobhayatra) ৷

এই ঘটনাৰ পিচতে শোভাযাত্ৰাকাৰীসকলৰ মাজত হাহাকৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ লগে লগে অঞ্চলটোত লোকসকলৰ নিৰাপত্তাৰ কাৰণে আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে (Massive Stone Pelting in Vadodara) ৷ ইফালে বডোদৰা মহানগৰ আৰক্ষীয়ে চহৰখনত ৰাম নৱমী শোভাযাত্ৰা (Ramnavmi Shobhayatra) হোৱা অঞ্চলসমূহত যিকোনো অপ্ৰীতিকৰ ঘটনা প্ৰতিহত কৰিবলৈ নিৰন্তৰ তহল দি আছে।

বিশ্ব হিন্দু পৰিষদৰ নেতাসকলে অভিযোগ উত্থাপন কৰে যে প্ৰাৰম্ভিক অৱস্থাত শোভাযাত্ৰাটো শান্তিপূৰ্ণভাৱে পাৰ হৈ গৈ আছিল । ঠিক তেতিয়াই, পাঞ্জৰিগৰ মহল্লাৰ পৰা শিলগুটি নিক্ষেপ কৰা আৰম্ভ হৈছিল । যদি এই ঘটনাত ভিএইছপি কৰ্মীসকলক গ্ৰেপ্তাৰ কৰা হয়, তেনেহ’লে বডোদৰা জ্বলি যাব ৷ বডোদৰা মহানগৰৰ জ্যেষ্ঠ আৰক্ষী বিষয়াসকলে অঞ্চলটোত কটকটীয়া নিৰাপত্তা ব্যৱস্থা মোতায়েন কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷ বৰ্তমান অঞ্চলটোত পৰিস্থিতি নিয়ন্ত্ৰণত আছে বুলি জানিব পৰা গৈছে ৷

ঘটনাস্থলীত উপস্থিত হোৱা উপ আৰক্ষী আয়ুক্ত যশপাল জগনিয়াই কয় যে এনে ঘটনাৰ সন্দৰ্ভত আৰক্ষীৰ শীৰ্ষ বিষয়াসহ এখন কনভয় উপস্থিত হৈছে । চহৰখনত হৈ থকা শোভাযাত্ৰাসমূহৰ নিৰাপত্তাৰ বাবে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷

উল্লেখ্য যে চ’ত মাহৰ শুক্ল পক্ষৰ নৱমী তিথিত ৰাম নৱমী পালন কৰা হয় । এইবাৰ ২০২৩ চনৰ ৩০ মাৰ্চ বৃহস্পতিবাৰে ৰাম নৱমী উদযাপন কৰা হয় । ধৰ্মীয় বিশ্বাস অনুসৰি এই দিনটোতে ভগৱান ৰামৰ জন্ম হৈছিল ৷

লগতে পঢ়ক: Amit Shah slams congress : UPA চৰকাৰৰ দিনত CBIয়ে অমিত শ্বাহক কিহৰ বাবে হেঁচা দিছিল ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.