নিউজ ডেস্ক, 2 এপ্ৰিল: শ্ৰীনগৰৰ এজন অধিবক্তা আমিৰ ৰছিদ মাছুদীয়ে কাশ্মীৰত প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ এজন বিষয়াৰ ছদ্মবেশ ধৰা গুজৰাটী প্ৰৱঞ্চক কিৰণ ভাই পেটেলৰ ভ্ৰমণ, থকা আৰু নিৰাপত্তাৰ খৰচৰ সবিশেষ বিচাৰি RTI আবেদন দাখিল কৰিছে (lawyer files RTI for expenses on Gujarati conman) ৷
সাংবাদিকৰ সৈতে হোৱা কথা বাৰ্তাত অধিবক্তা মাছুদীয়ে কয় যে, "শেহতীয়াকৈ শ্ৰীনগৰৰ ৰামবাগ অঞ্চলৰ বাসিন্দা ডেনিছ আহমেদ দাৰকো এই গুজৰাটী প্ৰৱঞ্চকে প্ৰতাৰণা কৰাৰ তথ্য পোহৰলৈ আহিছে আৰু তেওঁৰ পৰা প্ৰৱঞ্চকটোৱে প্ৰায় 18 লাখ টকা লৈছিল ৷ তেওঁক এটা ডাঙৰ কোম্পানীত অংশীদাৰীত্ব দিয়া হৈছে বুলি কৈছিল এই প্ৰৱঞ্চকটোৱে, কিন্তু এই সকলোবোৰ এক প্ৰৱঞ্চনা আছিল (Gujarati conman in PMO fake official case)।"
মাছুদীয়ে লগতে কয়, "এই বিষয়টোৱে মোক ভাবিবলৈ বাধ্য কৰিছিল যে প্ৰৱঞ্চক কিৰণ পেটেলে কাৰ সহায়ত আৰু কাক কাক প্ৰতাৰণা কৰিছে তাক জানিবলৈ তেওঁ কিয় আৰটিআই দাখিল নকৰে।" মাছুদীয়ে RTI আৱেদনৰ জৰিয়তে, কিৰণ পেটেলে কাক লগ পাইছিল আৰু কোনবিভাগে তেওঁৰ ব্যয় বহন কৰিছিল আৰু কিমান খৰচ কৰা হৈছিল জানিবলৈ চেষ্টা কৰিছে ৷ তেওঁ কাশ্মীৰত নিযুক্ত চৰকাৰী কৰ্মচাৰীসকলৰ নামো বিচাৰিছে যিয়ে প্ৰৱঞ্চক কিৰণ ভাই পেটেলে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ এজন বিষয়াৰ ছদ্মবেশ ধৰি ঘূৰি ফুৰাৰ সময়ত তেওঁৰ সৈতে বৈঠকত মিলিত হৈছিল (Gujrati Conman Arrest in Kashmir) ৷
আৰ টি আইৰ যোগে তেওঁ জানিব বিচাৰে, "শেষৰ দুটাকৈ কাশ্মীৰ ভ্ৰমণত পেটেলৰ বাসস্থান, যাতায়ত আৰু অন্যান্য খৰচৰ বাবে ব্যয় কৰা মুঠ ধনৰ সবিশেষ", লগতে "সংশ্লিষ্ট বিভাগৰ সবিশেষ যিয়ে শেষৰ দুটাকৈ কাশ্মীৰ ভ্ৰমণত কিৰণ ভাই পেটেলৰ হৈ সমস্ত ধন পৰিশোধ কৰিছে" আৰু "কাশ্মীৰত নিযুক্ত থকা চৰকাৰী বিষয়াসকলৰ নাম যিসকলে কাশ্মীৰলৈ যোৱা দুটা ভ্ৰমণত কিৰণ ভাই পেটেলৰ সৈতে সাক্ষাৎ হৈছিল ।"
ইয়াৰ পূৰ্বে জম্মু-কাশ্মীৰ প্ৰশাসনে কিৰণ পেটেলৰ গুজৰাটৰ পৰা কাশ্মীৰ ভ্ৰমণ আৰু বিগত কেইমাহমানৰ ভিতৰত তেওঁৰ ভ্ৰমণৰ সময়ত কৰা নিৰাপত্তাৰ ব্যৱস্থা সম্পৰ্কীয় বিভিন্ন দিশৰ তদন্তৰ নিৰ্দেশ দিছিল ৷ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ (PMO) ‘অতিৰিক্ত সচিব’ৰ ৰূপ লৈ আতিথ্যৰ উপৰিও নিৰাপত্তাৰ সুবিধা লোৱাৰ অপৰাধত শ্ৰীনগৰৰ এখন পঞ্চ তাৰকাযুক্ত হোটেলৰ পৰা আৰক্ষীয়ে আটক কৰিছিল পেটেলক (PMO fake official case in Kashmir) ৷
শ্ৰীনগৰত গ্ৰেপ্তাৰ হোৱাৰ পিছত, অপৰাধমূলক অভিপ্ৰায়েৰে বিভিন্ন কাৰ্যকলাপত লিপ্ত হোৱা আৰু ভুৱা উপায় ব্যৱহাৰ কৰাৰ বাবে কিৰণ ভাই পেটেলৰ বিৰুদ্ধে FIR No. 19 of 2023 এজাহাৰ শ্ৰীনগৰৰ নিশাত আৰক্ষী থানাত পঞ্জীয়ন কৰা হৈছিল ৷
উল্লেখযোগ্য যে, নিজকে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ (PMO) এজন উচ্চ পদস্থ বিষয়া হিচাপে পৰিচয় দি কিৰণ ভাই পেটেল নামৰ ব্যক্তিজনে ভ্ৰমণ কৰিছিল কাশ্মীৰ ৷ তেওঁ লগতে লাভ কৰিছিল জেড প্লাছ শ্ৰেণীৰ সুৰক্ষাও ৷ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ এজন উচ্চ পদস্থ বিষয়া হিচাপে জম্মু আৰু কাশ্মীৰ প্ৰশাসনৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকো অনুষ্ঠিত কৰিছিল এই ব্যক্তিজনে । অৱশেষত, গুজৰাটৰ এই ভুৱা বিষয়াজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় কাশ্মীৰ আৰক্ষী ৷