নিউজ ডেস্ক, ২৫ ফেব্ৰুৱাৰী: বৃহস্পতিবাৰে মিজোৰামৰ নাথিয়াল জিলাৰ নাঘাৰশ্বিপ গাঁৱৰ পৰা জব্দ কৰে বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ । মিজোৰাম আবকাৰী আৰু নাৰ্ক'টিক্স বিভাগৰ যুটীয়া দলে ৪৬ সংখ্যক বিএন অসম ৰাইফলছৰ সহযোগত নাৰ্ক'টিক্স বিৰোধী দলে চলোৱা অভিযানত জব্দ কৰিবলৈ সক্ষম হয় ড্ৰাগছখিনি । উক্ত অভিযানকালত ৭৬২ গ্ৰামৰ হেৰইন জব্দ কৰিবলৈ সক্ষম হয় । জব্দ কৰা ড্ৰাগছখিনিৰ মূল্য ২২ লক্ষাধিক বুলি জানিবলৈ দিয়ে মিজোৰাম আৰক্ষীয়ে ।
ঘটনা সন্দৰ্ভত ম্যানমাৰৰ লাইজেনৰ বাসিন্দা লালৰামথঙ্গা (২৬) ব্যক্তিজনক আটক কৰা হয় । লালৰামথঙ্গাৰ বিৰুদ্ধে নাৰ্ক'টিক্স ড্ৰাগছ এণ্ড চাইকোট্ৰপিক চাবষ্ট্ৰেঞ্চ আইন, ১৯৮৫ ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে । উক্ত গোচৰৰ অধীনত ২ লাখ টকাৰ জৰিমনাৰ লগতে ২০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ সম্ভাৱনা বুলি জানিবলৈ দিয়ে মিজোৰাম আৰক্ষীয়ে ।