নেশ্যনেল ডেস্ক,৫ ফেব্ৰুৱাৰী : ভাৰতীয় দলৰ প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলিৰ বিৰুদ্ধে পত্নীৰ গুৰুতৰ অভিযোগ । পত্নীক শাৰীৰিক অত্যাচাৰ চলোৱাৰ অভিযোগ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ বিৰুদ্ধে । মুম্বাইৰ বান্দ্ৰা আৰক্ষী থানাত স্বামী তথা প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ভুক্তভোগী পত্নীয়ে (FIR against former cricketer Vinod Kambli)।
পত্নী এণ্ড্ৰিয়াই অভিযোগ কৰা মতে স্বামী বিনোদ কাম্বলিয়ে তেওঁক ৰন্ধন সামগ্ৰীৰে প্ৰহাৰ কৰিছে । যাৰ ফলত তেওঁ মূৰত আঘাত পাইছে । এণ্ড্ৰিয়াই লগতে অভিযোগ কৰিছে যে কাম্বলিয়ে সুৰাৰ ৰাগীত বিভিন্ন ধৰণৰ গালি-গালাজ কৰাৰ উপৰিও প্ৰহাৰ কৰিছে (Case registered against Vinod kambli in Mumbai)। অৱশ্যে আৰক্ষীয়ে এতিয়ালৈকে বিনোদ কাম্বলিক গ্ৰেপ্তাৰ কৰা নাই যদিও তদন্ত অব্যাহত ৰাখিছে ।
আৰক্ষীয়ে জনোৱা মতে পত্নীক আক্ৰমণ কৰাৰ অভিযোগত বিনোদ কাম্বলিৰ বিৰুদ্ধে ইতিমধ্যে এটা গোচৰ ৰুজু কৰা হৈছে । কাম্বলিৰ পত্নী এণ্ড্ৰিয়া হেউইটে এজাহাৰত উল্লেখ কৰা মতে শুকুৰবাৰে পশ্চিম বান্দ্ৰাৰ ফ্লেটত সুৰাৰ ৰাগীত বিনোদ কাম্বলিয়ে পত্নীক দুৰ্ব্যৱহাৰ কৰিছিল (Vinod Kambli attacked his wife)। ইফালে আৰক্ষীয়ে জনোৱা মতে কাম্বলিৰ বিৰুদ্ধে ধাৰা ৩২৪ আৰু ৫০৪ ৰ অধীনত এটা গোচৰ পঞ্জীয়ন কৰা হৈছে ।
ইফালে বিগত বছৰ কাম্বলি চাইবাৰ অপৰাধৰ বলি হৈছিল । কিয়নো এটা প্ৰৱঞ্চকৰ দলে বেংকৰ বিষয়া বুলি পৰিচয় দি তেওঁৰ পৰা ১.১৩ লাখ টকাৰো অধিক ধন আত্মসাৎ কৰিছিল । কাম্বলিৰ পৰা কে ৱাই চি বিৱৰণ আপডেট কৰাৰ অজুহাতত প্ৰৱঞ্চকসকলে তেওঁৰ বেঙ্কিং বিৱৰণ লাভ কৰিবলৈ সক্ষম হৈছিল ।
অৱশ্যে আৰক্ষীয়ে এই ঘটনাক লৈ এটা গোচৰ পঞ্জীয়ন কৰিছিল আৰু টকাখিনি কাম্বলিৰ একাউণ্টলৈ পুনৰ ঘূৰাই দিয়া হৈছিল । আৰক্ষীৰ মতে সেই সময়ত কাম্বলিয়ে পঞ্জীয়ন কৰা অভিযোগ অনুসৰি প্ৰৱঞ্চকৰ দলটোৱে তেওঁক এটা স্ক্ৰীণ শ্বেয়াৰিং এপ ডাউনলোড কৰিবলৈ বাধ্য কৰাইছিল যাৰ ফলত বিনোদ কাম্বলিৰ একাউণ্টৰ পৰা তেওঁলোকে ধন লুট কৰিছিল ।
উল্লেখ্য যে এসময়ত বিনোদ কাম্বলি ভাৰতীয় দলৰ দুৰ্ধৰ্ষ বেটছমেন আছিল (Cricket career of Vinod Kambli)। ভাৰতৰ হৈ তেওঁ ১৭ খন টেষ্ট আৰু ১০৪ এদিনীয়া খেলিছে । ২০০০ চনৰ ২৯ অক্টোবৰত তেওঁ ভাৰতৰ হৈ শ্ৰীলংকাৰ বিৰুদ্ধে অন্তিমখন এদিনীয়া খেলিছিল । স্কুলীয়া দিনৰ পৰাই ক্ৰিকেট খেলা বিনোদ কাম্বলিয়ে শেহতীয়াকৈ অৰ্থনৈতিক সংকটত পৰিছিল । যাৰ বাবে তেওঁ আনকি সামাজিক মাধ্যমৰ জৰিয়তে ৰাইজলৈ বিশেষ আহ্বানো জনাইছিল ।
লগতে পঢ়ক :Assam Blind cricket team: চণ্ডীগড়ত নাগেশ ট্ৰফী টি-২০ ত অংশ ল’লে অসম দৃষ্টিহীন ক্ৰিকেট দলে