ETV Bharat / bharat

Transgender Couple Baby Born : ভাৰতৰ প্ৰথম তৃতীয় লিংগ দম্পতীৰ সন্তান জন্ম

author img

By

Published : Feb 8, 2023, 6:28 PM IST

এইটো হৈছে ভাৰতৰ প্ৰথমটো তৃতীয় লিংগ সম্প্ৰদায়ে জন্ম দিয়া সন্তান । কেৰালাৰ এই দম্পতীটো হৈছে জাহাদ আৰু জিয়া পাভাল (first transgender couple baby born in India) ।

Transgender
Transgender

নিউজ ডেস্ক, ৮ ফেব্ৰুৱাৰী : অৱশেষত সপোন পূৰণ হ'ল । কেৱল সপোন পূৰণ হোৱাই নহয়, এক ঐতিহাসিক ঘটনাৰ সাক্ষী হৈ ৰ'ল কেৰালাৰ এই দম্পতী । কিয়নো কেৰালাৰ এটা তৃতীয় লিংগৰ দম্পতীয়ে জন্ম দিছে সন্তান (Transgender Couple Baby Born) । এইটো হৈছে ভাৰতত তৃতীয় লিংগৰ দম্পতীয়ে জন্ম দিয়া প্ৰথমটো সন্তান (first transgender couple baby born in India) । সন্তান প্ৰসৱৰ বাবে অস্ত্ৰোপচাৰ হয় বুধবাৰে পুৱা । কোজিকোড চিকিৎসা মহাবিদ্যালয়ত কৰা হয় এই অস্ত্ৰোপচাৰ । অৱশ্যে প্ৰথমতে প্ৰসৱৰ তাৰিখ 4 মাৰ্চ হ'ব বুলি অনুমান কৰা হৈছিল । কিন্তু চিকিৎসকে আগতীয়া অস্ত্ৰোপচাৰৰ পৰামৰ্শ দিয়ে । স্বামী জিয়া পাভালে কয় যে মাতৃ আৰু কেঁচুৱা দুয়ো ভালে আছে । অৱশ্যে সাময়িকভাৱে সন্তানটোৰ লিংগ বাহিৰা লোকৰ ওচৰত প্ৰকাশ কৰা হোৱা নাই (transgender baby born in Kozhikode Medical College) ।

উল্লেখ্য, এইটো হৈছে ভাৰতৰ তৃতীয় লিংগ সম্প্ৰদায়ৰ বাবে সন্তান জন্ম দিয়াৰ প্ৰথমটো ঘটনা (kerala transgender couple born baby) । তৃতীয় লিংগৰ দম্পতী জাহাদ আৰু জিয়া পাভাল হৈছে কেৰালাৰ কোজিকোড জিলাৰ উম্মালাথুৰৰ বাসিন্দা । জাহাদ আৰু জিয়াই বিগত তিনি বছৰ ধৰি একেলগে বাস কৰি আছে । কিন্তু তেওঁলোকৰ জীৱনটো আন তৃতীয় লিংগতকৈ অলপ পৃথক হোৱাটো বিচাৰি তেওঁলোকে এটা সন্তান জন্ম দিয়াৰ কথা চিন্তা কৰে । শাৰীৰিক পৰিৱৰ্তন প্ৰক্ৰিয়াৰ অংশ হিচাপে দুয়োৰে হৰমন থেৰাপী কৰা হয় । অৱশ্যে কেঁচুৱাটোৱে মাতৃদুগ্ধ পান কৰিব নোৱাৰিব । তাৰ বাবে চিকিৎসালয়ৰ দুগ্ধ বেংকৰ জৰিয়তে এক ব্যৱস্থা প্ৰস্তুত কৰা হৈছে ।

এইখিনিতে উল্লেখ কৰি থওঁ যে সন্তান সম্ভৱা হোৱাৰ পিছত প্ৰথমবাৰৰ সংবাদ মাধ্যমৰ সন্মুখলৈ আহি নিজৰ প্ৰতিক্ৰিয়া কিছুদিন পূৰ্বে ব্যক্ত কৰিছিল দম্পতীটোৱে । "আমি মোৰ মাতৃ হোৱাৰ সপোন আৰু তেওঁ পিতৃ হোৱাৰ সপোন পূৰণ কৰিবলৈ ওলাইছোঁ । এটা আঠ মাহৰ ভ্ৰূণ এতিয়া (জাহাদৰ) পেটত আছে... আমি যিটো জানিব পাৰিছোঁ, এইটো হৈছে ভাৰতত প্ৰথম তৃতীয় লিংগৰ গৰ্ভধাৰণ ।" জিয়া পাভালে কিছুদিন পূৰ্বে ইটিভি ভাৰতৰ আগত এই কথা ব্যক্ত কৰিছিল । উল্লেখ্য যে পুৰুষ হ'বলৈ নিজক পৰিৱৰ্তন কৰি থকা জাহাদে সন্তান গৰ্ভধাৰণ কৰিবলৈ এই প্ৰক্ৰিয়া স্থগিত ৰাখিছে । আনহাতে, জাহাদে গৰ্ভধাৰণৰ বাবে চলি থকা স্তন আঁতৰোৱাৰ অস্ত্ৰোপচাৰৰ প্ৰক্ৰিয়াও বন্ধ ৰাখিছে । ইফালে তেওঁলোকে এই সমগ্ৰ প্ৰক্ৰিয়াটোক সমৰ্থন আগবঢ়োৱাৰ বাবে তেওঁলোকৰ পৰিয়াল আৰু চিকিৎসকসকলকো ধন্যবাদ জনাইছে ।

উল্লেখ্য, জাহাদ হৈছে কোজিকোডৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানৰ একাউণ্টেণ্ট । জিয়াই প্ৰকাশ কৰা মতে, তেওঁ শিশুসকলক নৃত্য শিকায় । তাৰ পৰা উপাৰ্জন কৰা ধনৰেই তেওঁ জীৱন নিৰ্বাহ কৰি আছে । আনহাতে, গৰ্ভৱতী বুলি গম পোৱাৰ পিছতে জাহাদে আনন্দতে জঁপিয়াই উঠে । আনহাতে, নিজৰ গৰ্ভধাৰণৰ অভিজ্ঞতা বৰ্ণনা কৰি তেওঁ কয় যে প্ৰথম তিনিমাহ জাহাদৰ বাবে বৰ ভয়ংকৰ আছিল । বমি কৰি কৰি ভাগৰি পৰিছিল । তাৰ পিছত পৰিৱৰ্তন আহে । কেঁচুৱাটোৰ গতিবিধিত তেওঁৰ নয়ন ভৰি পৰে । গৰ্ভৱতী হোৱাৰ পিছত জাহাদে কামলৈ যোৱাটো বন্ধ কৰে বুলিও উল্লেখ কৰে ।

লগতে পঢ়ক :Suspected suffocation in Kralpora Kupwara: উত্তৰ কাশ্মীৰত এটা পৰিয়ালৰ পাঁচ সদস্যৰ ৰহস্য়জনক মৃত্য়ু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.