ETV Bharat / bharat

90 year old woman revisits Pakistan: শৈশৱৰ স্মৃতি বিচাৰি পাকিস্তানলৈ ৰাওনা ৯০ বছৰীয়া আইতা - ৭৫ বছৰৰ অন্তত পিতৃ গৃহলৈ যাবলৈ অনুমতি পালে ৯০ বছৰীয়া ৰীণা ছিব্বাৰ বৰ্মাই

৭৫ বছৰৰ অন্তত পিতৃ গৃহলৈ যাবলৈ অনুমতি পালে ৯০ বছৰীয়া ৰীণা ছিব্বাৰ বৰ্মাই (90 year old Indian woman revisits ancestral home in Pakistan)। দেশ বিভাজনৰ পূৰ্বে তেওঁৰ পৰিয়াল বৰ্তমানৰ পাকিস্তানৰ ৰাৱালপিণ্ডিৰ দেৱী মহাবিদ্যালয় পথত বাস কৰি আছিল । বিভাজনৰ লগে লগে তেওঁলোকৰ পৰিয়াল ভাৰতলৈ আহে । বহু বছৰ ধৰি পিতৃৰ চহৰলৈ যাবলৈ ভিছাৰ আবেদন কৰিছিল যদিও এতিয়াহে তেওঁক ভিছা প্ৰদান কৰা হ'ল । পাকিস্তানলৈ গৈ শৈশৱৰ স্মৃতি স্বৰূপ তেওঁৰ বিদ্যালয় আৰু বন্ধুবৰ্গক সাক্ষাৎ কৰিব বৃদ্ধাগৰাকীয়ে ।

90 year old woman revisits ancestral home
শৈশৱৰ স্মৃতি বিচাৰি পাকিস্তানলৈ ৰাওনা ৯০ বছৰীয়া আইতা
author img

By

Published : Jul 17, 2022, 2:05 PM IST

নেশ্যনেল ডেস্ক,১৭ জুলাই : সুদীৰ্ঘ ৭৫ বছৰৰ অন্তত পাকিস্তানস্থিত পিতৃ গৃহলৈ ৰাওনা হৈছে ভাৰতীয় এগৰাকী আইতা । দেশ বিভাজনৰ পাছৰে পৰা পিতৃ গৃহলৈ যাবলৈ সক্ষম হোৱা নাছিল আইতাগৰাকী । অৱশেষত শনিবাৰে পাকিস্তানে ভিছা প্ৰদান কৰাৰ লগে লগে পিতৃ গৃহলৈ যোৱাৰ সপোন পূৰণ হ'ল আইতাৰ (Old Indian woman got visa to visit Pakistan)। তেওঁ হৈছে ৯০ বছৰীয়া ৰীণা ছিব্বাৰ বৰ্মা ।

ভিছা লাভ কৰাৰ পাছতে ৱাঘা-আটাৰী সীমান্তৰ মাজেৰে পিতৃ গৃহলৈ ৰাওনা হৈছে আইতা । পাকিস্তানত উপস্থিত হৈয়ে আইতাই পিতৃৰ গৃহ চহৰ ৰাৱালপিণ্ডিলৈ ৰাওনা হৈছে (90 year old Indian woman revisits ancestral home in Pakistan)। য'ত তেওঁৰ পৈতৃক বাসস্থান প্ৰেম নিৱাস, তেওঁৰ বিদ্যালয় আৰু শৈশৱৰ বন্ধুবৰ্গক সাক্ষাৎ কৰে ।

সামাজিক মাধ্যমত শ্বেয়াৰ হোৱা এটা ভিডিঅ'ত পুণেৰ বৃদ্ধা বৰ্মাই কয় যে দেশ বিভাজনৰ পূৰ্বে তেওঁৰ পৰিয়াল ৰাৱালপিণ্ডিৰ দেৱী মহাবিদ্যালয় পথত বাস কৰি আছিল । তেওঁ মডাৰ্ণ স্কুলত পঢ়িছিল । তেওঁ চাৰিগৰাকী ভাই-ভনীও একেখন বিদ্যালয়তে পঢ়িছিল । তেওঁৰ ভাতৃ আৰু এগৰাকী ভগ্নীয়ে মডাৰ্ণ স্কুলৰ সমীপৰ গৰ্ডেন মহাবিদ্যালয়ত অধ্যয়ন কৰিছিল ।

সেই সময়ত তেওঁৰ ভাতৃ আৰু ভগ্নীৰ বহু কেইগৰাকী মুছলমান বন্ধু আছিল । মুছলমান বন্ধুসকলে প্ৰায়ে তেওঁলোকৰ ঘৰলৈ আহিছিল বুলি স্মৰণ কৰে ৰীণা ছিব্বাৰ বৰ্মাই । তেওঁলোকৰ পিতৃয়ে এই ক্ষেত্ৰত কোনো বাধা কৰা নাছিল । কিয়নো বিভাজনৰ পূৰ্বে, হিন্দু আৰু মুছলমানৰ এনে কোনো নিষিদ্ধ বিষয় নাছিল ।

কিন্তু দেশ বিভাজনৰ পাছত এতিয়াহে এইবোৰ বিষয় আহিছে বুলি তেওঁ উল্লেখ কৰে । এই বিভাজন ভুল আছিল বুলি মন্তব্য কৰি আইতাগৰাকীয়ে কয় যে, দুয়োখন দেশে এতিয়া সকলোৰে বাবে ভিছা প্ৰদানৰ নিষেধাজ্ঞা হ্ৰাস কৰিবলৈ একেলগে কাম কৰা উচিত ।

উল্লেখ্য যে, ভাৰতত পাকিস্তানৰ উচ্চ আয়োগে বৰ্মাক তিনি মাহৰ ভিছা প্ৰদান কৰিছে । ১৯৪৭ চনত বিভাজনৰ সময়ত তেওঁৰ পৰিয়াল ভাৰতলৈ স্থানান্তৰিত হোৱাৰ সময়ত মাত্ৰ ১৫ বছৰ বয়স আছিল আইতাৰ । ১৯৬৫ চনত পাকিস্তানী ভিছাৰ বাবে আবেদন কৰিছিল যদিও তেওঁ ভিছা প্ৰদান কৰা হোৱা নাছিল । কিয়নো যুদ্ধৰ কাৰণে দুয়োখন চুবুৰীয়াৰ মাজত উত্তেজনা অধিক আছিল । বৃদ্ধ মহিলাগৰাকীয়ে কয় যে তেওঁ যোৱা বছৰ সামাজিক মাধ্যমত তেওঁৰ পৈতৃক ঘৰলৈ যাবলৈ ইচ্ছা প্ৰকাশ কৰিছিল ।

চাজ্জাদ হায়দৰ নামৰ এগৰাকী পাকিস্তানী নাগৰিকে সামাজিক মাধ্যমত তেওঁৰ সৈতে যোগাযোগ কৰে আৰু ৰাৱালপিণ্ডিত থকা তেওঁৰ ঘৰৰ ছবি প্ৰেৰণ কৰে । শেহতীয়াকৈ, তেওঁ পুনৰ পাকিস্তানী ভিছাৰ বাবে আবেদন কৰিছিল কিন্তু পুনৰ তেওঁ নিৰাশ হ'বলগীয়া হৈছিল । তেতিয়া পাকিস্তানৰ বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী হিনা ৰব্বানী খাৰক তেওঁৰ এই ইচ্ছাৰ বিষয়ে অৱগত কৰে । যাৰ বাবে অৱশেষত পৈতৃক চহৰ ভ্ৰমণৰ বাবে তেওঁক ভিছাৰ সুবিধা দিয়া হয় ।

লগতে পঢ়ক :Gujarat Flood : মোদীৰ গুজৰাটৰ 48 নং ৰাষ্ট্ৰীয় ঘাইপথত গাঁতেই গাঁত

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.