ETV Bharat / bharat

গাঁও সমিতি নিৰ্বাচনৰ পূৰ্বে ত্ৰিপুৰাত ৮ শতাধিক জনজাতীয় লোকৰ বিজেপিত যোগদান

author img

By

Published : Aug 23, 2022, 7:21 PM IST

মঙলবাৰে ৮৫০ জন জনজাতীয় ভোটাৰে চিপিআইএম (CPIM), আইপিএফটি (IPFT) আৰু টিপ্ৰাকে (TIPRA) ধৰি বিভিন্ন ৰাজনৈতিক দল ত্যাগ কৰি বিজেপিত যোগ দিয়ে ৷ ত্ৰিপুৰাৰ তথ্য আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী সুশান্ত চৌধুৰীৰ উপস্থিতিত মজলিশপুৰ বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে লোকসকলে (850 tribal voters joined BJP in Tripura)

Tripura
Tripura

নিউজ ডেস্ক, ২৩ আগষ্ট : ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্তশাসিত জিলা পৰিষদৰ গাঁও সমিতি নিৰ্বাচনৰ (Village Committee election in Tripura) দিন ওচৰ চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ কাৰ্যকলাপ তীব্ৰতৰ হৈ উঠিছে (Tripura Tribal Areas Autonomous District Council) ।

উল্লেখ্য যে, আন আন ৰাজনৈতিক দলসমূহৰ দৰে শাসকীয় বিজেপিয়েও ইয়াৰ কাৰ্যকলাপ আৰু যোগদান কাৰ্যসূচী তীব্ৰ কৰি তুলিছে (Tripura BJP joining programme) । মঙলবাৰে ৮৫০ জন জনজাতীয় ভোটাৰে চিপিআইএম (CPIM), আইপিএফটি (IPFT) আৰু টিআইপিআৰএকে (TIPRA) ধৰি বিভিন্ন ৰাজনৈতিক দল ত্যাগ কৰে আৰু তথ্য আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী সুশান্ত চৌধুৰীৰ উপস্থিতিত মজলিশপুৰ বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে (Cultural Affairs Minister of Tripura) ।

উক্ত যোগদান কাৰ্যসূচীত মন্ত্ৰীগৰাকীয়ে দলটোত যোগদান কৰা নতুন সদস্যসকলক দলৰ পতাকা প্ৰদান কৰি বিজেপিলৈ স্বাগতম জনায় । যোগদান কাৰ্যসূচীৰ পিছত মন্ত্ৰীগৰাকীয়ে কয় যে, মজলিশপুৰ বিধানসভা সমষ্টিৰ ৬ খন গাঁও সমিতিৰ ৩৬৩ টা পৰিয়ালৰ ৮৫০ জন জনজাতীয় ভোটাৰে চিপিআইএম, টিপ্ৰা মোথা (Tipra Motha) আৰু আইপিএফটি এৰি বিজেপিত যোগদান কৰে (850 tribal voters joined BJP in Tripura) ।

"তেওঁলোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সবকা সাথ, সবকা বিকাশক বিশ্বাস কৰি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে । বিজেপি চৰকাৰে ৰাজ্যখনৰ সামগ্ৰিক উন্নয়নৰ বাবে কাম কৰাৰ প্ৰতিশ্ৰুতিৰে আগবাঢ়িছে (PM Narendra Modi Sabka Saath Sabka Vikas slogan) ।" মন্ত্ৰীগৰাকীয়ে কয় ।

তেওঁ লগতে কয় যে, ৰাজ্যখনত জনজাতীয় লোকসকলৰ বাবে দলটোৱে কৰা উন্নয়নমূলক কাম-কাজৰ প্ৰতি লক্ষ্য ৰাখিয়ে জনজাতীয় সম্প্ৰদায়ৰ লোকসকলে বিজেপিক একমাত্ৰ বিকল্প ৰাজনৈতিক দল হিচাপে বাছনি কৰিছে (Developmental works for tribal community) ।

মন্ত্ৰী সুশান্ত চৌধুৰীয়ে লগতে কয় যে, জনজাতীয় সম্প্ৰদায়ৰ আৰু বহুতো ভোটাৰে অনাগত দিনত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিবলৈ সম্পূৰ্ণৰূপে প্ৰস্তুত হৈছে । উক্ত কাৰ্যসূচীত মণ্ডল সভাপতি গৌৰাং ভৌমিক, জনজাতি মৰ্চাৰ ৰাজ্যিক সভাপতি বিকাশ দেৱবৰ্মাৰ লগতে অন্যান্য নেতাসকল উপস্থিত থাকে ।

লগতে পঢ়ক :দুৰ্ঘটনাৰ লগতে অপৰাধৰ সংখ্য়া হ্ৰাস কৰিবলৈ ত্ৰিপুৰাত তহলদাৰী বাহন মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.