ETV Bharat / bharat

লিংগ বৈষম্যঃ পদোন্নতিৰ পৰা বঞ্চিত দেশৰ ৮৫ শতাংশ মহিলা - মাতৃসকলে সন্মুখীন হোৱা লিংগ বৈষম্য

ভাৰতত কৰ্মক্ষেত্ৰত মহিলা আৰু মাতৃসকলে সন্মুখীন হোৱা লিংগ বৈষম্য আৰু সুবিধা লাভৰ ক্ষেত্ৰত সৃষ্টি হোৱা বাধা আদি সমস্যাবোৰ বৰ্তমান এক আলোচ্য বিষয় হৈ পৰিছে । এই সন্দৰ্ভত আলোকপাত কৰি ২০২১ বৰ্ষৰ 'লিংকড ইন সুযোগ সূচাংক'ই কাৰণ দাঙি ধৰিছে যে, কৰ্মক্ষেত্ৰত দক্ষতা প্ৰদৰ্শনৰ পিছতো ৬৯ শতাংশ মাতৃয়ে পাৰিবাৰিক দায়িত্বৰ বাবে বৈষম্যৰ বলি হয় ।

লিংগ বৈষম্যঃ পদোন্নতিৰ পৰা বঞ্চিত দেশৰ ৮৫ শতাংশ মহিলা

author img

By

Published : Mar 2, 2021, 3:12 PM IST

নেশ্যনেল ডেস্ক, ২ মাৰ্চ: COVID-১৯ মহামাৰীৰ সংকটপূৰ্ণ পৰিস্থিতিৰ অব্যাহত থকাৰ সময়ত দেশৰ ৮৫ শতাংশ মহিলাই কৰ্মক্ষেত্ৰত পদোন্নতি তথা আন সুবিধা লাভৰ ক্ষেত্ৰত পিছ পৰি ৰ'বলগীয়া হৈছে । মঙলবাৰে প্ৰকাশিত এক নতুন লিংকড ইন প্ৰতিবেদনত উল্লেখ কৰা মতে, লিংগ বৈষম্যৰ বাবে মহিলাসকল বঞ্চিত হৈছে । দেশৰ কৰ্মস্থানত মহিলাসকলে সন্মুখীন হৈ অহা সমস্যা সন্দৰ্ভত আলোকপাত কৰি ২০২১ বৰ্ষৰ 'লিংকড ইন সুযোগ সূচাংক'ই প্ৰকাশ কৰিছে যে, কৰ্মক্ষেত্ৰত দক্ষতা প্ৰদৰ্শনৰ পিছতো ৬৯ শতাংশ মাতৃয়ে পাৰিবাৰিক দায়িত্বৰ বাবে বৈষম্যৰ বলি হয় ।

সমীক্ষাৰ জৰিয়তে লাভ কৰা তথ্য অনুসৰি, ১০(৮৯ শতাংশ) জনৰ ভিতৰত ৯ জন মহামাৰীৰ দ্বাৰা নেতিবাচকভাৱে প্ৰভাৱিত হৈছিল । যদিও ভাৰতৰ ৬৬ শতাংশ লোকে লিংগ বৈষম্য নাই বুলি অনুভৱ কৰে, তথাপিও এতিয়াও এছিয়া প্ৰশান্ত মহাসাগৰীয় দেশবোৰৰ ভিতৰত ভাৰতৰ কৰ্মী মহিলাসকলে আটাইতকৈ বেছি লিংগ পক্ষপাতৰ বিৰুদ্ধে যুঁজ দিবলগীয়া হয় । কৰ্মক্ষেত্ৰত আগবাঢ়ি যোৱাত সুযোগ লাভৰ ক্ষেত্ৰত অসন্তুষ্ট হোৱাৰ কাৰণৰ বিষয়ে সোধা প্ৰশ্নৰ উত্তৰত ৫ গৰাকীৰ ভিতৰত ২(২২ শতাংশ) গৰাকীয়ে কয় যে, তেওঁলোকে কাম কৰা কোম্পানীবোৰে ১৬ শতাংশ আঞ্চলিক গড়ৰ তুলনাত পুৰুষক আগুৱাই যোৱাত অধিক সমৰ্থন কৰে ।

লিংকডইনত ভাৰতীয় প্ৰতিভা আৰু শিক্ষণ সমাধানৰ সঞ্চালক ৰুচি আনন্দে কয় যে, নমনীয় অনুসূচী, অধিক বিশ্ৰাম আৰু শিকাৰ বাবে নতুন সুযোগ প্ৰদান কৰা কাৰ্যই সংস্থাসমূহক প্ৰতিভাসম্পন্ন মহিলাক আকৰ্ষিত কৰা, নিযুক্তি প্ৰদান কৰাত সহায় কৰিব পাৰে । আনহাতে, ৩৭ শতাংশ কৰ্মী মহিলাই কৈছে যে, তেওঁলোকে পুৰুষতকৈ কম সুযোগ লাভ কৰে আৰু মাত্ৰ ২৫ শতাংশ পুৰুষে এই কথাত সন্মত হৈছে । সমান বেতন লাভৰ ক্ষেত্ৰতো এনে বৈষম্য দেখা যায়, কিয়নো অধিক মহিলাই (৩৭ শতাংশ) কৈছে যে, তেওঁলোকে পুৰুষতকৈ কম বেতন লাভ কৰে ।

মাত্ৰ ২১ শতাংশ পুৰুষ এই কথাত একমত হয় । ভাৰতত, পুৰুষ আৰু মহিলা উভয়ে কৰ্মক্ষেত্ৰত বিচৰা তিনিটা মূল সুবিধা হৈছে চাকৰিৰ নিৰাপত্তা, তেওঁলোকে ভাল পোৱা এটা কাম কৰা আৰু কৰ্মজীৱন আৰু ব্যক্তিগত জীৱনৰ মাজত ভাৰসাম্য । প্ৰতিবেদনত উল্লেখ কৰা মতে, একে ধৰণৰ লক্ষ্য থকা স্বত্বেও, অধিক মহিলাই (৬৩ শতাংশ) ভাবে যে, পুৰুষৰ তুলনাত জীৱনত আগবাঢ়ি যোৱাৰ বাবে এজন ব্যক্তিৰ লিংগৰ কথাটো যথেষ্ট গুৰুত্বপূৰ্ণ ।

আচলতে, প্ৰায় দুই-তৃতীয়াংশ কৰ্মী মহিলা (৬৩ শতাংশ) আৰু কৰ্মী মাতৃসকলে কৈছিল যে, পাৰিবাৰিক তথা ঘৰুৱা দায়িত্বৰ বাবে তেওঁলোকে কৰ্মক্ষেত্ৰত বৈষম্যৰ সন্মুখীন হৈছে । প্ৰয়োজনীয় পেছাদাৰী দক্ষতাৰ অভাৱৰ লগতে আন বহু সমস্যাই কৰ্মক্ষেত্ৰত ভাৰতীয় মহিলাক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰি আহিছে ।

লগতে পঢ়ক:মিজোৰামৰ সামৰিক নাৰ্চিং সেৱাৰ বাবে অসম ৰাইফলছৰ বিশেষ পদক্ষেপ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.