ETV Bharat / bharat

Pet dog attacked: পোহনীয়া পিটবুলৰ আক্ৰমণত মৃত্যু 82 বছৰীয়া বৃদ্ধা - Found bite marks at 13 places

এগৰাকী ৮২ বছৰীয়া শিক্ষয়িত্ৰীক তেওঁৰ পোহনীয়া কুকুৰটোৱে আক্ৰমণ কৰাৰ ফলত সাৱতিব লগা হয় মৃত্যুক (82 year old women teacher in Lucknow died after her pet dog attacked)৷ টেৰেচত প্ৰাতঃভ্ৰমণ কৰি থকা অৱস্থাতে আক্ৰমণ কৰে পোহনীয়া কুকুৰটোৱে ৷ নিহত বৃদ্ধ মহিলাগৰাকীৰ দেহৰ বহু অংশত দেখিবলৈ পোৱা যায় আঘাতৰ চিন ।

82-year-old-dies-after-being-attacked-by-pet-pitbull
Pet dog attacked: পোহনীয়া পিটবুলৰ আক্ৰমণত মৃত্যু 82বছৰীয়া বৃদ্ধৰ
author img

By

Published : Jul 13, 2022, 1:37 PM IST

নেশ্যনেল ডেস্ক, 13 জুলাই: লক্ষ্ণৌৰ কৈজাৰবাগৰ বাংলা টোলাত মঙলবাৰে সংঘটিত এক হৃদয়বিদাৰক ঘটনা ৷ কৈজাৰবাগৰ বাংলা টোলাৰ এগৰাকী বৃদ্ধা মহিলাক তেওঁৰ পোহনীয়া কুকুৰটোৱে আক্ৰমণ কৰাৰ ফলত গুৰুতৰভাৱে আহত হয় । মহিলাগৰাকীৰ নাম সুশীলা ত্ৰিপাঠী ( Pet dog attacked)৷ আক্ৰমণৰ পিছত মহিলাগৰাকীক ততাতৈয়াকৈ বলৰামপুৰ হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় ( Sushila Tripathi was rushed to Balrampur Hospital) । চিকিৎসালয় কৰ্তৃপক্ষই মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে আৰক্ষীক চমজাই দিয়ে ।

উল্লেখ্য যে, সুশীলা ত্ৰিপাঠী তেওঁৰ পুত্ৰ, পৰিয়ালৰ আন সদস্য, ঘৰৰ সহায়ক, আৰু দুটা পোহনীয়া কুকুৰৰ সৈতে বসবাস কৰিছিল । ঘৰখনত আছিল দুটা পোহনীয়া কুকুৰ - এটা লেব্ৰাডৰ আৰু এটা হিংস্ৰ পিটবুল (Labrador and ferocious Pitbull)। মঙলবাৰে পুৱা তেওঁৰ পোহনীয়া কুকুৰ দুটাৰ সৈতে টেৰেচত খোজ কাঢ়ি আছিল ৷ তেতিয়া হঠাৎ পিটবুলে সুশীলা ত্ৰিপাঠীক আক্ৰমণ কৰে । মহিলাগৰাকীক অধিক আক্ৰমণাত্মক হৈ কামুৰিবলৈ ধৰিলে পিটবুলটোৱে ৷

অৱশ্যে, বৃদ্ধ মহিলাগৰাকীয়ে বহুবাৰ চিঞৰি সহায় বিচাৰিছিল যদিও সেই সময়ত টেৰেচত আন কোনো ব্যাক্তি উপস্থিত নাছিল ৷ পেট, কাণ, মুখ, ভৰি আৰু হাতকে ধৰি শৰীৰৰ বহু অংশত আঘাতৰ চিন আছিল । লগে লগে মহিলাগৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ; কিন্তু দুৰ্ভাগ্যবশত চিকিৎসালয়তে মৃত্যু হয় মহিলাগৰাকীৰ । মঙলবাৰে সন্ধিয়া মৰণোত্তৰ পৰীক্ষাত শৰীৰৰ ১৩ টা স্থানত কামোৰৰ চিন থকা বুলি জনা যায় (Found bite marks at 13 places)।

লগতে পঢ়ক: চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত কুকুৰে খালে ৰোগীৰ হাত

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.