ETV Bharat / bharat

আজিৰে পৰা লক্ষ্ণৌত ৮১ সংখ্যক ইণ্ডিয়ান ৰোড কংগ্ৰেছ

author img

By

Published : Oct 8, 2022, 10:46 AM IST

১১২ বছৰৰ পিছত উত্তৰ প্ৰদেশত অনুষ্ঠিত হ'বলগীয়া ৰোড কংগ্ৰেছত (Indian Road Congress in Uttar Pradesh) এখন কাৰিকৰী প্ৰদৰ্শনী অনুষ্ঠিত হ'ব য'ত সঁজুলি, যন্ত্ৰপাতি, সামগ্ৰী আৰু নতুন প্ৰযুক্তি সম্পৰ্কীয় তথ্য আদান-প্ৰদান কৰা হ'ব ।

Road Congress
Road Congress

নেচনেল ডেস্ক, ৮ অক্টোবৰ : ইণ্ডিয়ান ৰোড কংগ্ৰেছৰ ৮১ সংখ্যক অধিৱেশন (81st session of Indian Road Congress) ১১ বছৰৰ ব্যৱধানৰ পিছত শনিবাৰে উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত আৰম্ভ হৈছে । ৰাজ্য চৰকাৰে আয়োজন কৰিবলগা কাৰ্যসূচীত সমগ্ৰ বিশ্বৰ পৰা ১৫০০ তকৈও অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব (Indian Road Congress in Uttar Pradesh) ।

কেন্দ্ৰীয় পথ, পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰী (Union Minister Nitin Gadkari) আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে (Chief Minister Yogi Adityanath) শনিবাৰে আবেলি ৪ বজাত উক্ত অনুষ্ঠান উদ্বোধন কৰিব ।

কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জেনেৰেল ভি কে সিঙেও অনুষ্ঠানটোত উপস্থিত থাকিব বুলি বিষয়াসকলে কয় । উল্লেখ্য, এইবাৰৰ ইণ্ডিয়ান ৰোড কংগ্ৰেছ অধিবেশনৰ ল'গ' হৈছে ৰাম মন্দিৰ (Ram Mandir) । বিষয়াসকলৰ মতে, উত্তৰ প্ৰদেশৰ মুঠ 200 জন প্ৰতিনিধিয়েও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব । আনহাতে, তাত 19 টা বিভিন্ন কাৰিকৰী অধিবেশন থাকিব ।

কেন্দ্ৰ আৰু ৰাজ্যৰ অভিযন্তা, পথ আৰু দলং সম্পৰ্কীয় প্ৰতিষ্ঠান, বিজ্ঞানী আৰু পৰামৰ্শদাতাসহ দেশ আৰু বিদেশৰ কাৰিকৰী বিশেষজ্ঞসকলৰ পৰা পথ সম্পৰ্কীয় বিষয়ৰ ওপৰত তাত উপস্থাপন কৰা হ'ব ।

কাৰিকৰী প্ৰদৰ্শনীত মুঠ 180 টা ষ্টল স্থাপন কৰা হ'ব য'ত সঁজুলি, যন্ত্ৰপাতি, সামগ্ৰী আৰু নতুন প্ৰযুক্তি সম্পৰ্কীয় তথ্য আদান-প্ৰদান কৰা হ'ব । অনুষ্ঠানটোত এখন সাংস্কৃতিক সন্ধিয়াও অনুষ্ঠিত হ'ব । সন্মিলনৰ পিছত প্ৰতিনিধিসকলক অযোধ্যা, বাৰাণসী, প্ৰয়াগৰাজ, মথুৰা আৰু বৃন্দাবন আদিৰ আধ্যাত্মিক আৰু সাংস্কৃতিক দিশসমূহৰ বিষয়ে অৱগত কৰোৱা হ'ব ।

লগতে পঢ়ক :ভাৰত জোড়ো যাত্ৰা: কৰ্ণাটকত আটক ‘PayCM' লিখা টি-চাৰ্ট পৰিহিত কংগ্ৰেছ কৰ্মী

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.