ETV Bharat / bharat

Gujarat floods: প্ৰলয়ংকাৰী বানৰ কৱলৰ পৰা উদ্ধাৰ 811 গৰাকী লোক - বানৰ সংহাৰত জুৰুলা হৈছে গুজৰাট

বানৰ সংহাৰত জুৰুলা হৈছে গুজৰাটৰ কেবাখনো জিলা ৷ এদিনতে নৱছাৰী জিলাৰ পৰা মুঠ 811 গৰাকী লোকক বানৰ কৱলৰ পৰা উদ্ধাৰ কৰে উদ্ধাৰকাৰী দলে (811 people rescued from Gujarat flood 811 people rescued from Gujarat flood)৷

811 people rescued from Gujarat flood
বানৰ কবলৰ পৰা উদ্ধাৰ 811 গৰাকী লোক
author img

By

Published : Jul 16, 2022, 12:59 PM IST

নেশ্যনেল ডেস্ক, 16 জুলাই: বানত বিধ্বস্ত মোদীৰ গুজৰাট ৷ বানৰ সংহাৰত জুৰুলা হৈছে গুজৰাটৰ কেবাখনো জিলা ৷ বিগত কেবাদিনো ধৰি জিলাখনত হৈ থকা মুষলধাৰ বৰষুণৰ ফলত গুজৰাটৰ আন প্ৰান্তৰ লগতে নৱছাৰী জিলাতো বানসদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে (Flood at Navsari district) ৷

শুকুৰবাৰে বানাক্ৰান্ত জিলাখনৰ পৰা উদ্ধাৰকাৰী দলে কেইবাটাও পশুধনসহ চৰাই উদ্ধাৰ কৰা হয় ৷ ইয়াৰ লগতে উদ্ধাৰকাৰী দলটোৱে বানপীড়িত অঞ্চলত আৱদ্ধ হৈ থকা জীৱ-জন্তু সমূহকো খাদ্যৰ যোগান ধৰে ৷

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে এক বিবৃত্তিযোগে কয় যে শুকুৰবাৰে নিশাৰ পৰা শনিবাৰে পুৱা 5.30 বজালৈকে জিলা প্ৰশাসনৰ উদ্ধাৰকাৰী দলে বানাক্ৰান্ত অঞ্চলসমূহত উপস্থিত হৈ বানত আৱদ্ধ হৈ থকা লোকসকলক উদ্ধাৰ কৰে ৷ এদিনতে নৱছাৰী জিলাৰ পৰা মুঠ 811 গৰাকী লোকক বানৰ কৱলৰ পৰা উদ্ধাৰ কৰে দলটোৱে (811 people rescued from Gujarat flood ) ৷

ইয়াৰ সমান্তৰালকে যিসমূহ অঞ্চলত পানী হ্ৰাস হৈছে সেই সকলো জিলাৰ উপায়ুক্তক এই দুৰ্যোগৰ ফলত হোৱা ধ্বংসলীলাৰ জৰীপ চলাবলৈ কঠোৰ নিৰ্দেশনা দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ এই বানক ক্ষতিগ্ৰস্ত হোৱা লোকসমূহ প্ৰয়োজনীয় আৰ্থিক সাহাৰ্য প্ৰদান কৰিবলৈও জিলা প্ৰশাসনক নিৰ্দেশনা দিয়ে মুখ্যমন্ত্ৰী পেটেলে ৷

ইয়াৰ লগতে বানৰ প্ৰকোপ শাম কটাৰ লগে লগেই কৰ'ণা মহামাৰী সংক্ৰমণ নিয়ন্ত্ৰণৰ বাবে জিলা প্ৰশাসনক বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে নাগৰিকৰ অসুবিধা নোহোৱাকৈ সমগ্ৰ ৰাজ্যখনত ক্ষতিগ্ৰস্ত পথসমূহ মেৰামতি কৰিবলৈ নিৰ্দেশনা দিয়ে ৷

ইফালে ৰাজ্যখনত ধাৰাষাৰ বৰষুণৰ বাবে বতৰ বিজ্ঞান বিভাগে গুজৰাটৰ ডাং আৰু ভালসাদ জিলাত ৰেড এলাৰ্ট জাৰি কৰিছে ৷

লগতে পঢ়ক: স্কুটী চলাই বগৰীবাৰীৰ বান চালেগৈ মুখ্যমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.