নেশ্যনেল ডেস্ক, 14 ফেব্ৰুৱাৰী: ৰাম মন্দিৰ নিৰ্মাণৰ বাবে লক্ষ্ণৌৰ সদৌ ভাৰতীয় চিয়া অনাথালয়ৰ অন্তৰ্গত সাদতগঞ্জ অনাথালয়ৰ পৰা 80 জনতকৈও অধিক অনাথ আৰু সংখ্যালঘু সম্প্ৰদায়ৰ লোকে আগবঢ়াই 1.5 লাখতকৈও অধিক ধন ৷ চিয়া ৱাকফ ব’ৰ্ডৰ প্ৰাক্তন অধ্যক্ষ ৱাচিম ৰিজভিয়ে কয় যে, এনেধৰণৰ পদক্ষেপে ধৰ্মীয় একতাৰ বাৰ্তা প্ৰেৰণেই নহয় ধৰ্মীয় অনুভূতিত আঘাত হানিব চেষ্টা কৰা লোকসকললৈও এক সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিব ৷
আৰএছএছৰ কাৰ্যবাহী সদস্য ইন্দ্ৰেশ কুমাৰে কয় যে, ৰাম মন্দিৰ নিৰ্মাণৰ সৈতে পাৰস্পৰিক সম্প্ৰীতিৰ এটা নতুন অধ্যায়ৰ জন্ম হ'ব ৷ ইতিমধ্যে শ্ৰীৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্ট নামৰ সংস্থাটোৱে 15 জানুৱাৰীৰ পৰা 27 জানুৱাৰীলৈকে অযোধ্যাত বিশাল ৰাম মন্দিৰ নিৰ্মাণৰ বাবে পুঁজি সংগ্ৰহ কাৰ্যসূচী অব্যাহত ৰাখিছে ৷
উল্লেখ্য যে, শ্ৰীৰাম জনমভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ সচিব চম্পত ৰায়ে জনোৱা মতে, তিনিটা ৰাষ্ট্ৰীয়কৃত বেংকৰ একাউণ্টত বৰ্তমানলৈকে 1 হাজাৰ কোটি টকা জমা হোৱাৰ লগতে 1.50 লাখ বিশেষ কৰ্মীয়ে ৰাম মন্দিৰৰ বাবে পুঁজি সংগ্ৰহ কৰি আছে ৷
লগতে পঢ়ক: প্ৰতিবাদকাৰী কৃষকৰ বিৰুদ্ধে গাজিপুৰ সীমান্তবাসীৰ ধৰ্ণা