নেশ্যনেল ডেস্ক, ১৬ ডিচেম্বৰ : দেশ কঁপোৱা নিৰ্ভয়াৰ দলবদ্ধ ধৰ্ষণ আৰু হত্যাকাণ্ড সংঘটিত হোৱাৰ ৮ বছৰ পাৰ হ'ল । এই ঘটনাই সমগ্ৰ দেশতে তোলপাৰ লগাইছিল । দোষীক কঠোৰতম শাস্তি বিহাৰ পাচতো শিক্ষা লোৱা নাই একাংশ নৰপিশাচে । এতিয়াও দেশত নিৰ্যাতনৰ বলি হৈ আছে মহিলাসকল । ৰাজধানী চহৰ দিল্লীত চলিত বৰ্ষৰ অক্টোবৰ মাহলৈকে ১,৪২৯টা ধৰ্ষণৰ ঘটনা পোহৰলৈ আহিছে । যোৱা বছৰ এই সময়খিনিত ১,৮৮৪ টা ধৰ্ষণৰ গোচৰ ৰুজু কৰা হৈছিল আৰু বছৰৰ শেষলৈকে এই সংখ্যা ২,১৬৮টালৈ বৃদ্ধি পায় ।
২০১২ চনত মুঠ ৭০৬টা ধৰ্ষণৰ গোচৰ পঞ্জীয়ন কৰা হৈছিল । ২০১২ চনতে নিৰ্ভয়াৰ দলবদ্ধ ধৰ্ষণ আৰু নৃশংস হত্যাকাণ্ড সংঘটিত হৈছিল । চলিত বৰ্ষৰ অক্টোবৰ মাহলৈকে দিল্লী আৰক্ষীয়ে নাৰী নিৰ্যাতনৰ মুঠ ১,৭৯১টা গোচৰ পঞ্জীয়ন কৰিছে । তুলনামূলকভাৱে ২০১৯ চনত এই সময়খিনিত ২৫২০টা ঘটনা পোহৰলৈ আহে আৰু বছৰৰ শেষলৈকে এই সংখ্যা ২,৯২১টা হয়গৈ । ২০১২ত একেটা অপৰাধৰ ৭২৭টা গোচৰ ৰুজু কৰা হৈছিল ।
চলিত বৰ্ষৰ অক্টোবৰ মাহলৈকে মুঠ ২,২২৬ গৰাকী মহিলা অপহৃত হোৱাৰ বিপৰীতে ২০১৯ চনত একে সময়তে ২,৯৮৮ গৰাকী মহিলা নিৰুদ্দিষ্ট হৈছিল । ২০১৯ চনৰ শেষলৈকে মহিলা অপৰণৰ ৩,৪৭১টা ঘটনা পোহৰলৈ আহে । আনহাতে, ২০১২ চনত মুঠ ২,০৪৮টা অপহৰণৰ ঘটনা পঞ্জীয়ন কৰা হয় । দিল্লী আৰক্ষীয়ে অক্টোবৰ মাহলৈকে ১,৯৩১টা ঘটনা পঞ্জীয়ন কৰিছে । যোৱা বছৰ এই সময়খিনিত ৩,০৫২টা গোচৰ ৰুজু কৰা হৈছিল আৰু বছৰৰ শেষ পৰ্যন্ত ৩,৭৯২টা গোচৰ পঞ্জীয়ন কৰা হয় ।
২০১২ চনত দিল্লী আৰক্ষীয়ে স্বামী আৰু শহুৰৰ ঘৰৰ বিৰুদ্ধে নিৰ্যাতনৰ ২,০৪৬টা গোচৰ ৰুজু কৰাৰ বিপৰীতে চলিত বৰ্ষৰ অক্টোবৰ মাহ পৰ্যন্ত যৌতুকৰ বাবে বোৱাৰী হত্যাৰ ৯৪ টা গোচৰ ৰুজু কৰিছে । ২০১৯ চনত একেখিনি সময়ত যৌতুকৰ বাবে বোৱাৰী হত্যাৰ ১০৩ টা গোচৰ ৰুজু কৰিছিল দিল্লী আৰক্ষীয়ে । ২০১২ চনত দিল্লী আৰক্ষীয়ে যৌতুকৰ বাবে বোৱাৰী হত্যাৰ মুঠ ১৩৪টা গোচৰ ৰুজু কৰিছিল ।