আইজল, ৫ মাৰ্চ: ম্যানমাৰত সামৰিক অভ্যুত্থানৰ পিছতে অধিকাংশ নাগৰিকে ইয়াৰ বিৰুদ্ধাচৰণ কৰিছে । সেনাৰ দমন নীতিৰ পৰিণতিস্বৰূপে প্ৰাণ হেৰুওৱাৰ ভয়ত এতিয়া আপোন ঘৰ, মাতৃভূমি এৰি পলায়ন কৰিবলগীয়া হৈছে দেশখনৰ নাগৰিকে । মিজোৰাম ছেৰছিপ জিলাৰ উপায়ুক্ত কুমাৰ অভিষেকে জনোৱা মতে, ভাৰত-ম্যানমাৰ সীমান্তৰে মিজোৰামত ম্যানমাৰৰ ৮ গৰাকী নাগৰিকে অবৈধভাৱে প্ৰৱেশ কৰিছে ।
বৰ্তমান ম্যানমাৰৰ নাগৰিককেইজনে মিজোৰামৰ ছেৰছিপ জিলাৰ লুংকাওলহ গাঁৱত আশ্ৰয় লৈ আছে । এই ৮ গৰাকী নাগৰিকৰ ভিতৰত ৬ গৰাকী আৰক্ষী বিষয়াও আছে । এগৰাকী আৰক্ষী বিষয়াই তেওঁৰ সৈতে পত্নী আৰু সন্তানকো লৈ আহিছে । জিলা উপায়ুক্ত কুমাৰ অভিষেকৰ মতে, যোৱা ৩ মাৰ্চত ম্যানমাৰৰ নাগৰিককেইজনে ভাৰত-ম্যানমাৰ সীমান্তৰে মিজোৰামত প্ৰৱেশ কৰিছিল ।
তেওঁলোকে জনোৱা মতে, নাগৰিকৰ প্ৰতিবাদ ৰোধ কৰিবলৈ জাণ্টা সেনাই লোৱা দমন নীতিৰ পৰা ৰক্ষা পাবলৈ তেওঁলোকে স্বদেশ এৰি পলায়ন কৰিছিল । বৰ্তমান আটাইকেইজনে লুংকাওলহ গাঁৱৰ সমূহীয়া ভৱনত আশ্ৰয় লৈ আছে আৰু তেওঁলোকক খাদ্য, বিশুদ্ধ খোৱা পানীৰ লগতে আৱশ্যকীয় সামগ্ৰী যোগান ধৰা হৈছে ।
ছেৰছিপ জিলাৰ উপায়ুক্ত কুমাৰ অভিষেকে প্ৰকাশ কৰিছে যে, নাগৰিককেইজনে ম্যানমাৰৰ পৰা পলায়ন কৰা সন্দৰ্ভত তেওঁলোকে দৰ্শোৱা কাৰণ আৰু তেওঁলোকৰ নথি-পত্ৰ বৰ্তমান ৰাজ্যৰ গৃহ বিভাগলৈ প্ৰেৰণ কৰা হৈছে । ৰাজ্যিক গৃহ মন্ত্ৰী লালচামলিয়ানাই এই কথা নিশ্চিত কৰিছে আৰু তেওঁ এই বিষয়ত আলোচনা কৰিব বুলিও জানিবলৈ দিছে ।
লগতে পঢ়ক:ভৱানীপুৰত মমতাৰ বিৰুদ্ধে বাবুল সুপ্ৰিয়