ETV Bharat / bharat

আক্ৰমণকাৰীক কৌশলেৰে প্ৰতিহত কৰি কাশ্মীৰ দখলত ভাৰতীয় সেনাক কেনেকৈ সহায় কৰিছিল মকবুলে ? - শ্ৰীনগৰ বিমানবন্দৰ

১৯৪৭ চনৰ ২২ অক্টোবৰত পাকিস্তানৰ জনজাতীয় আক্ৰমণকাৰীসকলে লক্ষ্য কৰি লৈছিল কাশ্মীৰক ৷ সেই সময়ত আক্ৰমণকাৰীসকলক কৌশলেৰে প্ৰতিৰোধ কৰিছিল কাশ্মীৰৰ 22 বছৰীয়া চফল ডেকা মকবুল শ্বেৰৱানীয়ে ৷ জানো আহক মকবুল শ্বেৰৱানীৰ ত্যাগ আৰু সাহসৰ অমৰ কাহিনী ৷

75-years-of-independence-youth-who-traded-his-life-for-precious-time-in-saving-kashmir
আক্ৰমণকাৰীক কৌশলেৰে প্ৰতিহত কৰি কাশ্মীৰ দখলত ভাৰতীয় সেনাক কেনেকৈ সহায় কৰিছিল মকবুলে ?
author img

By

Published : Oct 24, 2021, 6:18 AM IST

নেশ্যনেল ডেস্ক, 23 অক্টোবৰ : মকবুল শ্বেৰৱানী, এজন এনেকুৱা ব্যক্তি যিয়ে ভাৰতীয় সেনাক কাশ্মীৰ দখল কৰাৰ সুবিধা দিয়াৰ ক্ষেত্ৰত অতি কৌশলেৰে পাকিস্তানী আক্ৰমণকাৰীসকলক তেওঁলোকৰ লক্ষ্যৰ পৰা বিচলিত কৰিছিল ৷ শ্বেৰৱানীয়ে ১৯৪৭ চনত কাশ্মীৰলৈ যোৱা পাকিস্তানৰ জনজাতীয় আক্ৰমণকাৰীসকলক বাৰামূলাৰ ওচৰত দেখুৱাইছিল ভুলকৈ পথ ৷ যাৰ ফলত ভাৰতীয় সেনাই শ্ৰীনগৰ বিমানবন্দৰ দখল কৰাৰ সুযোগ লাভ কৰিছিল ।

১৯৪৭ চনৰ ২২ অক্টোবৰত পাকিস্তানৰ এই জনজাতীয় আক্ৰমণকাৰীসকলে সীমান্ত অতিক্ৰম কৰি কাশ্মীৰ আক্ৰমণ কৰিছিল । ইয়াৰ অলপ পিছতে কাশ্মীৰৰ মহাৰাজা হৰি সিঙে শ্ৰীনগৰৰ পৰা পলায়ন কৰি ভাৰতীয় সামৰিক সহায় বিচাৰি জম্মুত উপস্থিত হয় । ২৬ অক্টোবৰত মহাৰাজাই ভাৰতৰ সৈতে অধিগ্ৰহণৰ চুক্তি স্বাক্ষৰ কৰে ৷ ইয়াৰ পিছতে ভাৰতীয় সেনাই পাকিস্তানী আক্ৰমণকাৰীসকলৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে আৰু দীঘলীয়া যুদ্ধৰ পিছত এই আক্ৰমণকাৰীসকল পৰাজিত হৈছিল ৷

আক্ৰমণকাৰীক কৌশলেৰে প্ৰতিহত কৰি কাশ্মীৰ দখলত ভাৰতীয় সেনাক কেনেকৈ সহায় কৰিছিল মকবুলে ?

১৯৪৭ চনত সংঘটিত এই বিক্ষিপ্ত ঘটনা সমূহৰ ক্ষেত্ৰত মকবুল শ্বেৰৱানীক এক গুৰুত্বপূৰ্ণ চৰিত্ৰ হিচাপে গণ্য কৰা হয় । ভাৰতীয় সেনাই তেওঁৰ নামত ইতিমধ্যে এটা স্মাৰকো নিৰ্মাণ কৰিছে ৷ অৱশ্যে ২২ বছৰীয়া শ্বেৰৱানীক সেই সময়তে পাকিস্তানৰ এই জনজাতীয় আক্ৰমণকাৰীসকলে হত্যা কৰিছিল ।

বাৰামূলা পৌৰসভা সমিতিৰ অধ্যক্ষ তৌচিফ ৰাণাই ইটিভি ভাৰতৰ সৈতে হোৱা এক বাৰ্তালাপত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক স্বৰ্গীয় মকবুল শ্বেৰৱানীৰ নামত এখন বিশ্ববিদ্যালয় স্থাপন কৰিবলৈ আহ্বান জনাইছে ৷ আজিও যেতিয়া কাশ্মীৰী লোকসকলে আক্ৰমণৰ সেই সময়বোৰৰ কথা স্মৰণ কৰে, একে সময়তে বাৰামূলাৰ এইগৰাকী ২২ বছৰীয়া চফল ডেকা মকবুল শ্বেৰৱানীকো গৌৰৱেৰে কৰে স্মৰণ । ভাৰতীয় সেনাক সহায় কৰি সেই আক্ৰমণ বিফল কৰাত মকবুল শ্বেৰৱানীয়ে পালন কৰিছিল এক গুৰুত্বপূৰ্ণ ভূমিকা ৷

স্থানীয় লোকসকলে কয় যে, যেতিয়া পাকিস্তানৰ এই জনজাতীয় লোকসকলে বাৰামূলাত হিংসাত্মক কাৰ্য আৰম্ভ কৰিছিল, মকবুল শ্বেৰৱানীয়ে তেওঁলোকৰ পথ অৱৰোধ কৰিছিল আৰু ভাৰতীয় সেনাক সহায় কৰি দেশৰ সুৰক্ষাৰ বাবে নিজৰ জীৱন ত্যাগ কৰিছিল ৷ উল্লেখ্য যে, প্ৰতিবছৰে ২২ অক্টোবৰত শ্বেৰৱানী দিৱস উদযাপন কৰা হয় ৷ তাৰোপৰি বাৰামূলাৰ শ্বেৰৱানী প্ৰেক্ষাগৃহটো তেওঁৰ নামেৰে নামাকৰণ কৰা হৈছে আৰু প্ৰতি বছৰে সেই স্থানত তেওঁৰ ত্যাগক কৰা হয় শ্ৰদ্ধাৰে স্মৰণ ৷

লগতে পঢ়ক : স্বাধীনতাৰ ৭৫ বছৰ : বৰহাথ পৰিয়ালৰ ত্যাগৰ অমৰ কাহিনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.