ETV Bharat / bharat

স্বাধীনতাৰ 75 বছৰ : হিছাৰত স্বাধীনতাৰ অৰ্থে প্ৰবাহিত তেজৰ কাহিনী - স্বাধীনতাৰ প্ৰথম যুদ্ধ

1947 চনত ভাৰতে স্বাধীনতা লাভ কৰিলেও স্বাধীনতাৰ বাবে সংগ্ৰাম বহু পূৰ্বে আৰম্ভ হৈছিল ৷ স্বাধীনতা সংগ্ৰামীসকলে শেষ উশাহ পৰ্যন্ত মাতৃভূমিৰ স্বাধীনতাৰ বাবে কৰা সংগ্ৰাম, ত্যাগ আৰু ইচ্ছাই সঁচা অৰ্থত সকলোকে স্বাধীনতাৰ মূল্যক প্ৰতিফলিত কৰে ৷ হাৰিয়ানাত হিছাৰৰ স্বাধীনতাৰ বাবে প্ৰাণ আহুতি দিয়া অখ্যাত নায়কসকলৰ বলিদানো তেনে এক কাহিনী ৷ স্বাধীনতাৰ প্ৰথম যুদ্ধ হিচাপে আখ্যা দিয়া 1857 চনৰ সময়খিনিয়ে কঢ়িয়াই লৈ ফুৰিছে এই অখ্যাত নায়কসকলৰ বলিদানৰ কাহিনী ৷

Hisar's first cry for freedom
হিছাৰৰ স্বাধীনতাৰ অৰ্থে প্ৰবাহিত তেজৰ কাহিনী
author img

By

Published : Oct 17, 2021, 6:04 AM IST

নিউজ ডেস্ক , 17 অক্টোবৰ : কোনোৱে যদি স্বাধীনতাৰ মূল্য সঁচা অৰ্থত জানিব বিচাৰে, তেন্তে তেওঁলোকে আমাৰ দেশৰ স্বাধীনতা সংগ্ৰামীসকলে পাৰ কৰি অহা সময়খিনিৰ বিষয়ে জনা উচিত ৷ সন্মুখত অহা বিভিন্ন বাধা নেওচি মাতৃভূমিৰ স্বাধীনতাৰ বাবে শেষ উশাহ পৰ্যন্ত তেওঁলোকে জীয়াই থকাৰ বাবে কৰা সংগ্ৰাম, ত্যাগ আৰু ইচ্ছা আদি সকলোবোৰ যথেষ্ট অনুকৰণীয় ৷

স্বাধীনতাৰ 75 বছৰ : হিছাৰৰ স্বাধীনতাৰ অৰ্থে প্ৰবাহিত তেজৰ কাহিনী

1947 চনত আমি স্বাধীনতা লাভ কৰিছিলোঁ যদিও স্বাধীনতাৰ বাবে সংগ্ৰামখন বহু পূৰ্বেই আৰম্ভ হৈছিল ৷ তেনে এক সময় হ'ল 1857 চন ৷ এই সময়খিনিক স্বাধীনতাৰ প্ৰথম যুদ্ধ হিচাপে আখ্যা দিয়া হয় ৷ হাৰিয়ানাত হিছাৰৰ স্বাধীনতাৰ বাবে প্ৰাণ আহুতি দিয়া অখ্যাত নায়কসকলৰ বলিদানো তেনে এক কাহিনী ৷

1857 চনৰ 29 মে' তাৰিখে বিদ্ৰোহী বাহিনীয়ে হিছাৰ দখল কৰি ইয়াক স্বাধীন বুলি ঘোষণা কৰে ৷ কিন্তু, এই যুঁজ ইয়াতে শেষ হোৱা নাছিল ৷ হিছাৰত থকা সকলো ব্ৰিটিছ সৈনিকক বিদ্ৰোহীসকলে হয় মৃত্যুদণ্ড দিছিল, অথবা কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল ৷ ইয়াৰ মাজতে এজন ব্ৰিটিছ সৈনিক পলাই যাবলৈ সক্ষম হয় আৰু জ্যেষ্ঠ বিষয়াসকলক তেওঁ সমগ্ৰ ঘটনাৰ বিষয়ে অৱগত কৰে ৷

ইয়াৰ পাচতে ব্ৰিটিছ বাহিনী পুনৰ একগোট হৈ বিদ্ৰোহী বাহিনীক আক্ৰমণৰ পৰিকল্পনা কৰে ৷ অন্তিমগৰাকী মোগল সম্ৰাট বাহাদুৰ শ্বাহ জাফৰৰ পৰিয়ালৰ আজম খানে বিদ্ৰোহী বাহিনীক নেতৃত্ব প্ৰদান কৰিছিল ৷ বন্দুক আৰু কামান আদিৰে সুসজ্জিত ব্ৰিটিছ বাহিনীৰ বিৰুদ্ধে পৰম্পৰাগত অস্ত্ৰ-শস্ত্ৰৰ সৈতে বিদ্ৰোহী বাহিনীয়ে থিয় দিছিল ৷

বিদ্ৰোহী বাহিনীয়ে দুৰ্গৰ বাহিৰৰ পৰা যুঁজ দিব লগা হোৱাৰ পৰিৱৰ্তে দুৰ্গৰ ভিতৰতে থকাত শত্ৰুৰ বিৰুদ্ধে যুঁজ দিয়াত ব্ৰিটিছ বাহিনীৰ বাবে সুবিধা হৈছিল ৷ যাৰ ফলত কেইবাজনো বিপ্লৱী নিহত হৈছিল ৷ বন্দুক আৰু কামানৰ আগত বিপ্লৱীসকল তিষ্ঠি থাকিব পৰা নাছিল ৷ এই যুদ্ধত মুঠ 438 গৰাকী বিপ্লৱী শ্বহীদ হৈছিল ৷ ইয়াৰে 235 গৰাকী শ্বহীদৰ মৃতদেহ য'ত ত'ত সিঁচৰতি হৈ পৰি ৰোৱাৰ বিপৰীতে বাকীসকলৰ মৃতদেহ বিচাৰি পোৱা নগ'ল ৷

ইয়াৰ পাচতো যেন বিপ্লৱীসকলৰ বাবে অধিক দুঃসময়ে অপেক্ষা কৰি আছিল ৷ ব্ৰিটিছ বাহিনীয়ে বন্দী বিপ্লৱীসকলক মৃত্যুদণ্ডৰ নিৰ্দেশ দিয়ে আৰু 123 জনকৈ বিপ্লৱীক ব্ৰিটিছে ৰ'লাৰেৰে চেপি হত্যা কৰে ৷

অতি কম সময়ৰ বাবে হ'লেও ১৮৫৭ চনৰ ৩০ মে’ৰ পৰা ১৮৫৭ চনৰ ১৯ আগষ্টলৈ হিছাৰ স্বতন্ত্ৰ হৈ আছিল ৷ দেশৰ স্বাধীনতাৰ বাবে আগবঢ়োৱা অতুলনীয় অৱদানৰ বাবে এইসকল অখ্যাত নায়কক সদায়ে কৃতিত্ব প্ৰদান কৰা হ'ব ৷

ভাৰতত ব্ৰিটিছ শাসনৰ ইতিহাসত 1857 চনৰ এই বিদ্ৰোহ আছিল এক অসাধাৰণ ঘটনা ৷ এটা উমৈহতীয়া স্বাৰ্থত ভাৰতীয় সমাজৰ বহুতো শ্ৰেণীৰ লোকক এই বিদ্ৰোহে একত্ৰিত কৰিছিল ৷ আকাংক্ষিত লক্ষ্য প্ৰাপ্ত কৰাত ব্যৰ্থ হ'লেও এই বিদ্ৰোহে ভাৰতীয় জাতীয়তাবাদৰ বীজ ৰোপণ কৰিছিল ৷

লগতে পঢ়ক : কেৰালাৰ পাৰ্শীৰাজাৰ ব্ৰিটিছ সাম্ৰাজ্যবিৰোধী সংগ্ৰামৰ কাহিনী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.