ETV Bharat / bharat

75 years of Independence : চান্দিনী চক, ভাৰতৰ পুৰণি বজাৰসমূহৰ ভিতৰত অন্যতম বজাৰ - ব্ৰিটিছৰ শাসন কালৰ ইতিহাসৰে সমৃদ্ধ হৈ আছে চান্দিনী চক

ভাৰতৰ পুৰণি আৰু ব্যস্ত বজাৰ হিচাপে এক সুকীয়া পৰিচয় আছে দিল্লী চান্দিনী চকৰ(India's busiest market Chandni Chowk) । মোগল ৰাজত্ব আৰু ব্ৰিটিছৰ শাসন কালৰ ইতিহাসৰে সমৃদ্ধ হৈ আছে চান্দিনী চক । দেশৰ সাংস্কৃতিক ঐতিহ্যৰ দুৱাৰ চান্দিনী চকৰ বিষয়ে কিছু কথা জানো আহক(Rich history of Chandni Chowk)...

75 years of Independence
দিল্লীৰ বাণিজ্যিক কেন্দ্ৰ চান্দিনী চক
author img

By

Published : Dec 18, 2021, 7:58 PM IST

নেশ্যনেল ডেস্ক, ১৮ ডিচেম্বৰ: যাৰ ওপৰত মোগল শাসন ব্যৱস্থাৰ সু-দৃষ্টি পৰিছে, যি পৃথিৱীৰ ভিতৰতে এখন পৃথক বজাৰ সেয়া হৈছে দিল্লীৰ চান্দিনী চক । এই ঠাইখনক নতুন ৰূপ দিছিল এজন মোগল সম্ৰাটৰ কন্যাই । ভাৰতৰ নানা সুগন্ধি যেন বিয়পি আছে চান্দিনী চকৰ অলিয়ে-গলিয়ে । জোনৰ পোহৰে যমুনাৰ পানীত সৃষ্টি কৰে এক দৃষ্টিনন্দন দৃশ্য আৰু আলোকিত কৰে চৌদিশ ।

স্বাধীনতা লাভৰ পিছৰে পৰা আজি পৰ্যন্ত ভাৰতত কত যে পৰিৱৰ্তন হ'ল । কিন্তু কিছুমান বস্তু সিমানেই প্ৰাসংগিক হৈ আছে, যিমান স্বাধীনতাৰ পূৰ্বে আছিল । চান্দিনী চকতো এতিয়া বিকাশৰ নতুন ৰূপ দেখিবলৈ পোৱা গৈছে । মোগলৰ সময়ৰে অট্টালিকাবোৰে সময়ৰ সৈতে হোৱা পৰিৱৰ্তনৰ সাক্ষ্য বহন কৰি আহিছে । বিট্ৰিছৰ শাসন কালৰো সাক্ষী হৈ আছে চান্দিনী চক ।

চান্দিনী চক, ভাৰতৰ পুৰণি বজাৰসমূহৰ ভিতৰত অন্যতম বজাৰ

১৮৫৭ চনৰ বিদ্ৰোহৰ পৰা আৰম্ভ কৰি স্বাধীনতা লাভ কৰা পৰ্যন্ত বহু অকথিত কাহিনী চান্দিনী চকৰ গলিবোৰত সজীৱ হৈ আছে ।

মোগল সম্ৰাট শ্বাহজাহানৰ ৰাজধানী সলনি কৰাৰ সপোন পূৰণ হৈছিল ১৬৪৯ চনত । ৰাজধানী সলনি কৰাৰ মাত্ৰ এবছৰ পিছত অৰ্থাৎ ১৬৫০ চনত চান্দিনী চক নিজৰ সুকীয়া অস্তিত্বৰে জিলিকি উঠে(Chandni Chowk history) । লালকিল্লাৰ পৰা ফতেহপুৰী মছজিদলৈ যোৱা পথটো এতিয়া চান্দিনী চক নামেৰে জনাজাত । এসময়ত যমুনা নদীৰ পৰা এটা জুৰি প্ৰবাহিত হৈছিল চান্দিনী চকৰ মাজেৰে ।

তাৰ পিছত, যেতিয়া ব্ৰিটিছে ১৯১১ চনত দিল্লীক তেওঁলোকৰ ৰাজধানী হিচাপে গঢ়ি তোলে, তেতিয়া এই পথেৰেই ট্ৰাম চলাচল আৰম্ভ হয়(Chandni Chowk in British era) । দেশ বিভাজনৰ পিছত, দিল্লীলৈ অহা শৰণাৰ্থীসকলে চান্দিনী চকত দোকান খুলি আৰম্ভ কৰিছিল নিজা ব্যৱসায় । ফলত চান্দিনী চকৰ অৰ্থনৈতিক গুৰুত্ব বৃদ্ধি পাইছিল আৰু আৱাসিক এলেকা হ্ৰাস পাই আহিছিল । চান্দনী চক লালকিল্লাৰ পৰা আৰম্ভ হৈছে আৰু জৈন মন্দিৰ, গৌৰী শংকৰ মন্দিৰ, গুৰুদ্বাৰ শীষগঞ্জ হৈ ফতেহপুৰী মছজিদলৈকে অঞ্চলটো বিস্তৃত হৈ আছে ।

চান্দিনী চকৰ বালিমাৰাণ গলি, খাৰী বাওলী, কিনাৰী বজাৰ, মতি বজাৰ অথবা পৰান্থেৱালি গলিয়েই হওক, বিবিন্ন খাদ্যৰ জুতি লৈ ভালপোৱা লোকসকলৰ বাবে প্ৰিয় স্থান । চান্দিনী চকৰ বিভিন্ন ধৰণৰ দোকান হৈছে বজাৰখনৰ বিশেষত্ব । বিভিন্ন সাংস্কৃতিক পৰম্পৰাই চান্দিনী চকৰ এক অনন্য পৰিচয় দাঙি ধৰে ।

বিখ্যাত উৰ্দু কবি মিৰ্জা গালিব চান্দনী চকৰ কাষৰীয়া বালিমাৰাণ অঞ্চলত বাস কৰিছিল । আন যিকোনো চহৰৰ দৰে এই ঠাইখনো পুৰণি । কিন্তু নিশ্চিতভাৱে শীঘ্ৰেই পৰিৱৰ্তন হ'ব । ১৮৫৭ চনৰ বিপ্লৱৰ পিছত হোৱা পৰিৱৰ্তনৰ সাক্ষী দিল্লীৰ চান্দনী চকে দাসত্বৰ পৰা স্বাধীনতাৰ সোণালী পুৱালৈ এই দীঘলীয়া সময়চোৱাৰ অভিজ্ঞতা লাভ কৰিছে ।

এসময়ৰ এটা ধুনীয়া নগৰীয়া পথ চান্দিনী চক এতিয়া দিল্লীৰ বাণিজ্যিক কেন্দ্ৰ । চান্দিনী চক হৈছে প্ৰকৃত ভাৰত য'ত আমাৰ দেশৰ সংস্কৃতি আৰু পৰম্পৰাৰ শিপা বিচাৰি পোৱা যায় । চান্দিনী চকৰ বিষয়ে বুজিবলৈ বজাৰৰ মাজৰ গলিবোৰেৰে খোজকাঢ়ি যাব লাগিব, ইতিহাস প্ৰসিদ্ধ ঠাইখনৰ গুৰুত্বৰ বিষয়ে অনুভৱ কৰিব পাৰিব লাগিব ।

লগতে পঢ়ক:75 Years of Independence: ভগত সিং, ন্যায়ৰ বাবে মাত্ৰ এটা গুলী মৰা বিপ্লৱীগৰাকী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.