নেশ্যনেল ডেস্ক,৪ ডিচেম্বৰ : স্বাধীনতা আন্দোলনৰ সময়ত দেশত জন্ম হৈছিল কেইবাগৰাকী বিপ্লৱীৰ । সেইসকলৰ ভিতৰত ভগত সিং আছিল অন্যতম । ভগত সিঙৰ সৈতে সদায়ে স্মৰণ কৰা হয় আন দুগৰাকী বিপ্লৱীক । তেওঁলোক হৈছে সুখদেৱ আৰু ৰাজগুৰু ।
আজিও বহুতকে অনুপ্ৰাণিত কৰে তেওঁলোকৰ আদৰ্শ আৰু ৰাষ্ট্ৰৰ প্ৰতি থকা প্ৰেমে । ১৯০৭ চনৰ ২৮ ছেপ্টেম্বৰত তেতিয়াৰ অবিভক্ত ভাৰতৰ লিয়ালপুৰত জন্ম হৈছিল শ্বহীদ ভগত সিঙৰ । দেশপ্ৰেম যেন তেওঁৰ তেজত আছিল । হিন্দু সংস্কাৰবাদী আন্দোলন, আৰ্য সমাজ আৰু ঘাদৰ পাৰ্টিৰ সৈতে জড়িত আছিল তেওঁৰ পিতৃ আৰু খুৰাক ।
পিতৃ আৰু খুৰাকক চাইয়ে ডাঙৰ হৈছিল ভগত সিং । তেওঁৰ পিতৃৰ বাসগৃহ আজিও পাকিস্তানৰ লাহোৰৰ ভগত সিং মেম'ৰিয়েল ফাউণ্ডেচনৰ অধীনত সংৰক্ষিত । বিপ্লৱীসকলৰ মতে এটা শৰীৰক হত্যা কৰিলেও সদায় অমৰ হৈ থাকিব শক্তিশালী মন, ধাৰণা আৰু চিন্তা । ভগত সিঙৰ ত্যাগে ইয়াকে প্ৰমাণ কৰিছিল ।
তেওঁৰ ত্যাগ পৰৱৰ্তী সময়ৰ বাবে এক বাৰ্তা হৈ ৰৈছিল । এগৰাকী লেখক হিচাপে ভগত সিঙে হিন্দীলৈ অনুবাদ কৰিছিল ডেন ব্ৰিনৰ মাই ফাইট ফৰ আইৰিছ ফ্ৰীডম । ডাউন উইথ ইম্পেৰিয়েলিজম আৰু লং লাইভ ৰিভলিউচন নামৰ শ্ল'গানৰ বাবেও ভগত সিং বিখ্যাত ।
ভগত সিঙৰ লিখনি আৰু ভাষণৰ বাবেই জনপ্ৰিয় হৈছিল মৌলানা হাচৰত মোহনীৰ ইনকুইলাব জিন্দাবাদ (Inquilab Zindabad)। ১৯২৮ চনলৈ, আনসকলৰ দৰেই এজন খঙাল যুৱক আছিল ভগত সিং । ব্ৰিটিছসকলক ভাৰতৰ মাটিৰ পৰা বিতাড়িত কৰাই যাৰ আছিল প্ৰধান উদ্দেশ্য ।
চাইমন কমিছনৰ আগমন আৰু তাৰ পিছত মহাত্মা গান্ধীৰ অহিংসা আন্দোলনৰ সমৰ্থনকাৰী মধ্যপন্থী নেতা লাল লাজপত ৰায়ৰ মৃত্যুৱে জীৱনৰ গতিপথ সলনি কৰিছিল ভগত সিঙৰ । সেই সময়ত ৭ জনীয়া চাইমন কমিছনৰ আগমনে সৃষ্টি কৰিছিল ব্যাপক প্ৰতিবাদৰ । লালা লাজপত ৰায় আছিল লাহোৰৰ প্ৰতিবাদৰ কেন্দ্ৰবিন্দু । এই প্ৰতিবাদত যোগদান কৰিছিল ভগত সিং আৰু তেওঁ বন্ধুসকলে ।
চাইমন কমিছনক ক'লা পতাকাও দেখুৱাইছিল তেওঁলোকে । কিন্তু জে. এ. স্কটৰ নিৰ্দেশত লালা লাজপত ৰায়ক নিৰ্দয়ভাৱে প্ৰহাৰ কৰিছিল ব্ৰিটিছ আৰক্ষীয়ে । লালা লাজপত ৰায়ৰ মৃত্যুৱে সেই সময়ত উত্তেজিত কৰি তুলিছিল সংগ্ৰামীসকলক । ব্ৰিটিছসকলক এশিকনি দিয়াৰ বাহিৰে যেন বেলেগ চিন্তা নাছিল ভগত সিং আৰু তেওঁৰ হিন্দুস্তান সমাজতান্ত্ৰিক গণৰাজ্য সেনাৰ ।
ব্ৰিটিছসকলক শিক্ষা দিয়াৰ বাবে সমগ্ৰ ৰাষ্ট্ৰজুৰি প্ৰতিবাদ আৰম্ভ কৰিছিল তেওঁলোকে । কেৱল এয়াই নহয় বৰ্বৰ ঔপনিবেশিক আৰক্ষীৰ বিৰুদ্ধে প্ৰতিশোধৰ সিদ্ধান্ত লৈছিল ভগত সিঙৰ হিন্দুস্তান সমাজতান্ত্ৰিক গণৰাজ্য সেনাই । ইয়াৰ মাজতে জে এ স্কটৰ স্থানত ভুলৱশত তেওঁলোকে গুলীয়াই হত্যা কৰে এজন সাধাৰণ আৰক্ষী চণ্ডাৰ্ছক আৰু লগে লগে আত্মগোপন কৰে ভগত সিঙ সহ বাকীসকলে ।
১৯২৯ চনৰ ৮ এপ্ৰিলত,দিল্লীৰ কেন্দ্ৰীয় বিধান সভাৰ গেলেৰীৰ পৰা বোমা নিক্ষেপ কৰে ভগত সিং আৰু বটুকেশ্বৰ দত্তই । কুম্ভকৰ্ণৰ নিদ্ৰাত থকা চৰকাৰক জগাই তুলিবলৈ বিস্ফোৰণৰ প্ৰয়োজন বুলি তেওঁলোকে পত্ৰিকাও প্ৰেৰণ কৰিছিল । অৱশ্যে তেওঁলোকক গ্ৰেপ্তাৰৰ অপেক্ষাত আছিল আৰক্ষী ।
লক্ষণীয়ভাৱে বিস্ফোৰণত কোনো হতাহত হোৱা নাছিল যদিও আজীৱন কাৰাদণ্ড দিয়া হৈছিল ভগত সিঙক । কিন্তু যিকোনো প্ৰকাৰে ভগত সিঙক ফাঁচী দিব বিচৰা ব্ৰিটিছসকলে আৰম্ভ কৰিছিল চণ্ডাৰ্ছ হত্যাকাণ্ডৰ তদন্ত । ১৯৩০ চনৰ ৭ অক্টোবৰত আদালতে চণ্ডাৰ্ছ হত্যাৰ বাবে দোষী সাব্যস্ত কৰে ভগত সিং, সুখদেৱ আৰু ৰাজগুৰুক ।
লগতে তেওঁলোকৰ মৃত্যুদণ্ডও ঘোষণা কৰে । অৱশেষত লাহোৰ কাৰাগাৰত ১৯৩১ চনৰ ২৩ মাৰ্চত তিনিওগৰাকী বিপ্লৱীকে দিয়া হয় ফাঁচী । ব্ৰিটিছ শাসকসকলৰ খং আৰু হতাশা যেন ইমানতে শেষ হোৱা নাছিল । তেওঁলোকে শ্বহীদ কেইজনৰ মৃতদেহ পৰিয়ালক হস্তান্তৰ কৰিবলৈও অস্বীকাৰ কৰিছিল ।
কাৰাগাৰৰ পিছফালৰ দেৱাল ভাঙি মৃতদেহবোৰ উলিয়াই নিয়া হৈছিল আৰু হুচেনিৱালাত জ্বলাই দি সুতলজ নদীত আধা পোৰা মৃতদেহ পেলাই দিছিল ব্ৰিটিছে । পাকিস্তানৰ লাহোৰৰ ভগত সিং মেম'ৰিয়েল ফাউণ্ডেচনে এতিয়াও সংৰক্ষণ কৰি ৰাখিছে শ্বহীদ ভগত সিঙৰ পৈতৃক ঘৰটো । ভগত সিঙৰ বাবে ৰাষ্ট্ৰীয় শ্বহীদৰ মৰ্যাদাও দাবী কৰে ভগত সিং মেম'ৰিয়েল ফাউণ্ডেচনে । ভগত সিঙৰ দৰে সাহসী বিপ্লৱী সংগ্ৰামীসকলৰ ত্যাগক আজিও স্মৰণ কৰে সমগ্ৰ দেশবাসীয়ে । দেশবাসীৰ চকু আজিও সেমেকী উঠে তেওঁৰ ত্যাগৰ কথা ভাবিলে ।