ETV Bharat / bharat

Covid 19 update in India : দেশত কৰ’ণা আক্ৰান্তৰ সংখ্যা সামান্য হ্ৰাস - দেশত ক’ভিডত আক্ৰান্তৰ সংখ্যা

বিগত 24 ঘণ্টাত দেশত কৰ’ণাত আক্ৰান্ত হৈছে 78,840 গৰাকী লোক (New covid cases in India) ৷ শনিবাৰে পুৱা দেশৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে এই তথ্য (Covid 19 update in India) ৷

73840-people-newly-tested-covid-positive-in-india-in-the-last-24-hours
বিগত 24 ঘণ্টাত দেশত কৰ’ণাত আক্ৰান্ত 78,840 গৰাকী
author img

By

Published : Jan 23, 2022, 10:17 AM IST

নিউজ ডেস্ক, 23 জানুৱাৰী : বিগত কিছুদিনৰ তুলনাত শনিবাৰৰ দিনটোত কিছু পৰিমাণে হ্ৰাস পাইছে দেশৰ কৰ’ণা আক্ৰান্তৰ সংখ্যা ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি (Covid 19 update in India) 73,840 গৰাকী লোক শনিবাৰৰ দিনটোত নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে (New covid cases in India) ৷

বৰ্তমান দেশত আক্ৰান্তৰ সংখ্যা হৈছে 21,87,205 গৰাকী ৷ লগতে সক্ৰিয় আক্ৰান্তৰ হাৰ হৈছে 5.57 শতাংশ ৷

ইয়াৰ বিপৰীতে মৃত্যু ঘটিছে 525 গৰাকী লোকৰ ৷ ইয়াৰ লগে লগে দেশজুৰি ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা 4,89,409 গৰাকীলৈ বৃদ্ধি পাইছে ৷ যাৰ লগে লগে মৃত্যুৰ হাৰ হৈছে 1.25 শতাংশ ৷

উল্লেখ্য যে, আক্ৰান্তসকলৰ অধিকাংশই চিকিৎসাধীন অৱস্থাত আছিল ৷ চিকিৎসালয়ত ভৰ্তি হৈ থকা লোকসকলৰ ভিতৰত বিগত 24 ঘণ্টাত 2,59,168 গৰাকী লোকে আৰোগ্য লাভ কৰে ৷ ইয়াৰ লগে লগে আৰোগ্যৰ সংখ্যা হয়গৈ 3,65,60,650 গৰাকী ৷ সম্প্ৰতি আৰোগ্য হোৱা লোকৰ হাৰ হৈছে 93.18 শতাংশ ৷

সমান্তৰালকৈ বিগত 24 ঘণ্টাত 71,10,445 গৰাকী লোকক ক’ভিড ভেকচিন (Covid Vaccination in India) প্ৰদান কৰা হৈছে ৷ শনিবাৰলৈকে দেশত মুঠ 1,61,92,84,270 গৰাকী লোকক ক’ভিড টীকাকৰণ প্ৰদান কৰা হৈছে ৷

লগতে পঢ়ক : New SOP for Republic Day celebrations: গণৰাজ্য দিৱসৰ বাবে ক'ভিড সম্পৰ্কীয় নতুন নীতি-নিৰ্দেশনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.