ETV Bharat / bharat

শেষকৃত্যৰ পূৰ্বে জী উঠিল মৃত শিশু - মৃত ঘোষণা এটি শিশু পুনৰ জীৱিত

পৰিয়ালৰ লোক শেষকৃত্যৰ বাবে সাজু হওঁতেই জীৱিত হৈ উঠিল চিকিৎসকে মৃত ঘোষণা কৰা এটি শিশু ৷ টাইফইদত আক্ৰান্ত সাতবছৰীয়া শিশুটিক দিল্লীৰ চিকিৎসকে মৃত ঘোষণা কৰিছিল ৷

7 year old child declared dead returns home alive
শেষকৃত্যৰ পূৰ্বে জী উঠিল মৃত শিশু
author img

By

Published : Jun 18, 2021, 10:01 AM IST

নেশ্যনেল ডেস্ক, 18 জুন: হাৰিয়ানাৰ ঝাজ্জৰ জিলাত চিকিৎসকে মৃত ঘোষণা এটি শিশু পুনৰ জীৱিত হৈ উঠা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ দিল্লীৰ চিকিৎসকে মৃত ঘোষণা কৰা সাত বছৰীয়া এটি শিশু পুনৰ জীৱিত হৈ উঠিছে ৷ অৱশ্যে অন্তিম সংস্কাৰৰ বাবে সাজু কৰা শিশুটিৰ নশ্বৰ দেহ শেষবাৰৰ বাবে চাবলৈ আইতাকে জোৰ নকৰাহেঁতেন আৰু শিশুটিৰ মাকে আশা এৰি নিদিলেহেঁতেন, তেন্তে শিশুটিয়ে হয়টো চিৰদিনৰ বাবে পৃথিৱীৰ পৰা বিদায় মাগিলেহেঁতেন ৷

জানিব পৰা মতে, কিলা অঞ্চলৰ বাসিন্দা বিজয় শৰ্মাৰ নাতি কুনাল শৰ্মাক টাইফইদত আক্ৰান্ত হোৱাৰ বাবে দিল্লীৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ পাচত চিকিৎসকে শিশুটিক মৃত ঘোষণা কৰাত তেওঁৰ পিতৃ-মাতৃয়ে তেওঁৰ নশ্বৰ দেহ শেষকৃত্যৰ বাবে বাহাদুৰগড়স্থিত বাসগৃহলৈ লৈ যায় ৷

কুনালৰ শেষকৃত্য তেওঁৰ মামাকৰ ঘৰত সমাপন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ৷ সেই অনুসৰি শিশুটিৰ নশ্বৰ দেহ তেওঁৰ মামকৰ ঘৰলৈ লৈ যোৱা হৈছিল ৷ মামাকৰ ঘৰত আইতাকে শেষবাৰৰ বাবে শিশুটিৰ নশ্বৰ দেহ চাবলৈ ইচ্ছা প্ৰকাশ কৰে ৷ একে সময়তে দুখত ম্ৰিয়মান শিশুটিৰ মাক আৰু খুৰীয়েকে শিশুটিৰ দেহটো জোকাৰি দিয়ে আৰু আশ্চৰ্যজনকভাৱে তেওঁলোকে শিশুটিয়ে লৰ-চৰ কৰা অনুভৱ কৰে ৷

লগে লগে শিশুটিৰ পিতৃ হিতেশে বেগৰ পৰা শিশুটিৰ মৃতদেহ বাহিৰলৈ উলিয়াই আনি মুখেৰে উশাহ দিয়াৰ চেষ্টা কৰে ৷ ইয়াৰ সমান্তৰালকৈ অন্য এগৰাকী ব্যক্তিয়ে cardiopulmonary থেৰাপী আৰম্ভ কৰি দিয়ে ৷ ইয়াৰ পাচতে কুনালক ৰোহতকৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয় ৷ চিকিৎসালয়খনৰ চিকিৎসকে শিশুটি জীয়াই থকাৰ 15 শতাংশ সম্ভাৱনা আছে বুলি জানিবলৈ দিয়ে ৷ কিন্তু, সকলোকে আচৰিত কৰি শিশুটি লাহে লাহে সুস্থ হ'বলৈ আৰম্ভ কৰে আৰু সম্পূৰ্ণ সুস্থ হোৱাৰ পাচত চিকিৎসালয়ৰ পৰা অব্যাহতি লাভ কৰে ৷

লগতে পঢ়ক: মৰমৰ জীয়ৰীয়ে পঢ়িছে, প্ৰচণ্ড বৰষুণতো ছাতি লৈ কাষতে থাকিল পিতৃ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.