ETV Bharat / bharat

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি - 7 বজাৰ দহটা শীৰ্ষ বাতৰি

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি...

7 pm top ten news
7 pm top ten news
author img

By

Published : Jan 1, 2021, 7:00 PM IST

Covishield-ৰ আপাতকালীন ব্যৱহাৰৰ বাবে DCGIক প্ৰস্তাৱ প্ৰদান কৰাৰ সম্ভাৱনা SEC ৰ

শুকুৰবাৰে সূত্ৰই প্ৰকাশ কৰা মতে, SEC ক Covishield ৰ অনুমোদনৰ বাবে ভাৰতৰ ড্ৰাগছ কণ্ট্ৰলাৰ জেনেৰেলক প্ৰস্তাৱ প্ৰদান কৰাৰ সম্ভাৱনা আছে ৷

ছিলিণ্ডাৰ বিস্ফোৰণ ঘটি কৰিমগঞ্জত ভয়ংকৰ অগ্নিকাণ্ড

কৰিমগঞ্জত ভয়ংকৰ অগ্নিকাণ্ড ৷ ছিলিণ্ডাৰ বিস্ফোৰণ ঘটি সংঘটিত হয় অগ্নিকাণ্ডৰ ৷ বহু লক্ষাধিক টকাৰ সা-সম্পত্তি নষ্ট এই অগ্নিকাণ্ডত ৷

প্ৰায় দহ মাহৰ পিচত বিদ্যালয়ৰ চৌহদ দেখিলে কেৰালাৰ শিক্ষাৰ্থীয়ে

আজিৰে পৰা পুনৰ স্কুললৈ যোৱাৰ আৰম্ভ কৰিছে দেশৰ শিক্ষাৰ্থী সকল ৷ ইয়াৰ সমান্তৰালভাৱে কেৰালাটো কভিড-19ৰ নিয়মাৱলী পালন কৰি আংশিকভাৱে পুনৰ আৰম্ভ হৈছে স্কুল সমূহৰ শিক্ষা দান প্ৰক্ৰিয়া ৷

অসমবাসীলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন ৰণজিৎ কুমাৰ দাসৰ

ইংৰাজী নৱবৰ্ষ উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জনালে বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসে ৷ মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালৰ নেতৃত্বৰ ৰাজ্য চৰকাৰখনে যােৱা চাৰে চাৰিটা বছৰত ৰাইজক দিয়া প্রতিশ্রুতিসমূহ পূৰণ কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ সভাপতিগৰাকীৰ ৷

অসমলৈ গোপন সুৰংগ পথেৰে আহে বাংলাদেশী !

বি এছ এফৰ চোকা পহৰাৰ মাজতো ভাৰতলৈ আহে বাংলাদেশী নাগৰিক ৷ ইটিভি ভাৰতৰ কেমেৰাত আবদ্ধ হৈছে গোপন সুৰংগ পথ ৷ কাইটীয়া তাঁৰৰ বেৰৰ তলেদি সুৰংগৰে পাৰ হয় বাংলাদেশী ৷

ক'ভিড প্ৰট'কল মানি আৰম্ভ হ'ল বিদ্যালয়ৰ পাঠদান

প্ৰায় এটা বছৰৰ মূৰত পুনৰ আৰম্ভ হ'ল বিদ্যালয়ৰ নিয়মিত পাঠদান ৷ ক'ভিড প্ৰট'কল মানি চলি ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ আৰম্ভ হৈছে বিদ্যালয়ৰ নিয়মিত পাঠদান ৷ পুৱা 9 বজাৰ পৰা দুপৰীয়া 1:45 বজালৈ চলিব পাঠদান কাৰ্যসূচী ৷

নৱবৰ্ষৰ প্ৰথমটো দিনতে বিটিআৰত দপ্তৰ বিতৰণ

শুকুৰবাৰে বিটিআৰৰ সচিবালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত বিটিআৰৰ উপ মুখ্য কাৰ্যবাহী সদস্যসহ আঠগৰাকী কাৰ্যবাহী সদস্যৰ মাজত দপ্তৰসমূহ আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয় ৷

ছাত্ৰ-ছাত্ৰীৰ সেৰেঙা উপস্থিতিৰে মহানগৰীত আৰম্ভ প্ৰাথমিক বিদ্যালয়ৰ পাঠদান

আজিৰে পৰা ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়সমূহত নিয়মীয়াকৈ আৰম্ভ হৈছে পাঠদান । নৱবৰ্ষৰ প্ৰথম দিনটোত মহানগৰীৰ সকলো বিদ্যালয় খোলে যদিও, ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি আছিল তেনেই সেৰেঙা ৷

বলুকা ভাস্কৰ্যৰে দেশবাসীক নৱবৰ্ষৰ শুভেচ্ছা সুদৰ্শন পাটনায়কৰ

পুৰীৰ সাগৰৰ তীৰত বিভিন্ন ধৰণৰ বলুকা ভাস্কৰ্য নিৰ্মান কৰাৰ বাবে জনপ্ৰিয় শিল্পী সুদৰ্শন পাটনায়ক ৷ শিল্পীগৰাকীয়ে বিভিন্ন ধৰণৰ উৎসৱ, বিখ্যাত ব্যক্তিসকলৰ জন্মদিনৰ শুভকামনা জ্ঞাপন কৰিবলৈ বালিত এই ভাস্কৰ্য নিৰ্মান কৰে ৷ এইবেলি শিল্পীগৰাকীয়ে এটি বিশেষ ভাস্কৰ্যৰে দেশবাসীক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে ৷ তেখেতে পুৰীৰ তীৰত ভগৱান জগন্নাথৰ এটি প্ৰতিমূৰ্তি নিৰ্মান কৰি সকলোৰে সুখ-সমৃদ্ধি কামনা কৰে ৷

দেশবাসীলৈ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন বহু বিশিষ্ট ৰাজনীতিবিদৰ

ভাৰতবাসীলৈ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন বহুকেইগৰাকী জ্যেষ্ঠ ৰাজনীতিবিদৰ ৷ এই বৰ্ষটোত সকলোৰে সু-স্বাস্থ্য, আনন্দ আৰু সমৃদ্ধি কামনা কৰে বিশিষ্ট ৰাজনীতিবিদসকলে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.