সংগীত পৰিচালক অভিজিৎ দাসৰ সৈতে এইবাৰৰ 'সঁফুৰা'
সংগীতৰ এক ৰসাল সন্ধিয়া ইটিভি ভাৰতৰ 'সঁফুৰা' অনুষ্ঠানত ৷ এইবাৰৰ অতিথি হৈছে সংগীত পৰিচালক তথা কণ্ঠশিল্পী অভিজিৎ দাস ৷ অভিজিতৰ সৈতে উপভোগ কৰো আহক এইবাৰৰ সঁফুৰা ৷
আমগুৰিত ৰহস্যজনক অৱস্থাত উদ্ধাৰ নাহৰফুটুকীৰ মৃতদেহ
শনিবাৰে আমগুৰি বন বিভাগৰ অন্তৰ্গত দিকচু মাউট গাঁৱত ৰহস্যজনকভাৱে উদ্ধাৰ হয় এটা নাহৰফুটুকীৰ মৃতদেহ ৷ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে বন বিভাগে ৷
বিটিচি নিৰ্বাচনৰ চাৰি খন জিলাৰ ফলাফলৰ শেহতীয়া অগ্ৰগতি
কোকৰাঝাৰ জিলা : ইউপিপিএল- 2 , বিপিএফ- 8 , বিজেপি -1, কংগ্ৰেছ-1, অন্যান্য-0 ওদালগুৰি জিলা : ইউপিপিএল- 5 , বিপিএফ- 2, বিজেপি -3, অন্যান্য-0 চিৰাং জিলা : ইউপিপিএল- 1, বিপিএফ- 5 , বিজেপি -1 , অন্যান্য- 0 বাক্সা জিলা : ইউপিপিএল- 5 , বিপিএফ- 1 , বিজেপি - 4 , অন্যান্য- 0
ৰাজ্যত দেখা দিছে আন এক মহামাৰী ডিফথেৰিয়া
সমগ্ৰ দেশৰ লগতে ৰাজ্যত দেখা দিছে ডিফথেৰিয়াৰ দৰে মাৰাত্মক ৰোগৰ। ১০ বছৰ আৰু ১৬ বছৰীয়া শিশু-কিশোৰৰ মাজত এই ৰোগ দেখা দিছে । যাৰ ফলত চৰকাৰৰ নিৰ্দেশ অনুসৰি ডিফথেৰিয়াৰ ভেকচিন দিয়াৰ কাৰ্যসূচী আৰম্ভ কৰা হ’ব ধুবুৰীত।
তিনিচুকীয়াৰ ৰাজপথত আছুৰ গণ হুংকাৰ
কা' আন্দোলনৰ এবছৰৰ অন্তত আজি সমগ্ৰ অসমতে গণ হুংকাৰ কাৰ্যসূচী গ্ৰহণ কৰিছে আছুৱে । এই উপলক্ষে সমগ্ৰ অসমৰ লগতে উজনি অসমৰ তিনিচুকীয়া জিলাতো আজি সদৌ অসম ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিয়ে কা' বাতিলৰ দাবীত ৰাজপথলৈ ওলাই আহে ।
নাৰায়ণপুৰত কৃষক মুক্তি-ছাত্ৰ মুক্তি সমিতিৰ গণ গৰ্জন কাৰ্যসূচী
যোৱা এটা বছৰে কাৰাৰুদ্ধ কৰি ৰখা অখিল গগৈক অতিশীঘ্ৰে মুক্তিৰ দাবী জনায় এই কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদকাৰী সকলে ।
চামগুৰি বিলপাৰত মহিলাৰ প্ৰতিবাদ
চামগুৰি বিলপাৰত মহিলাৰ প্ৰতিবাদ । চামগুৰি আৰু চাপানালা সংযোগী পথৰ দুৰৱস্থা বাবেই প্ৰতিবাদ সাব্যস্ত কৰে । পাকঘৰ এৰি ৰাজপথলৈ উলাই আহিল চামগুৰি বিলপাৰৰ মহিলা । জৰাজীৰ্ণ ৰাজপথৰ দুৰৱস্থাৰ কাৰণে মহিলা সকল ওলাই আহিল প্ৰতিবাদ সাব্যস্ত কৰে মহিলা সকলে ।
ঢোল-খোল, ডবা-কাঁহ বজাই গণ হুংকাৰ দিলে কামৰূপ জিলা ছাত্ৰ সন্থাই
কা' বাতিলৰ দাবীত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ গণ হুংকাৰ ৷ ঢোল-খোল, ডবা-কাঁহ বজাই দিল্লী দিছপুৰক স্পষ্ট কৰি দিলে অসমীয়াই কেতিয়াও নাগৰিকত্ব সংশোধিত বিধেয়ক 2019 কেতিয়াও মানি নলয় ৷
তিনিচুকীয়াত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ
তিনিচুকীয়াত নাগৰিকত্ব সংশোধনী আইন বাতিল কৰা, অখিল গগৈৰ মুক্তিৰ দাবীত আৰু পঞ্চশ্বহীদৰ সোঁৱৰণত জাতীয় গৰ্জন কাৰ্যসূচী ৰূপায়ন । CAA আন্দোলনে সম্পূৰ্ণ এটা বছৰ অতিক্ৰম কৰিলে ।
দিখৌ নৈত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতা ভস্ম বিসৰ্জন
আজি শিৱসাগৰত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতা ভস্ম বিসৰ্জন দিলে পুত্ৰ গৌৰৱ গগৈয়ে । সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰ আয়োজন কৰি অজস্ৰ জনে স্মৰণ কৰিলে জননেতাজনক । শিৱসাগৰত জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত সদ্য প্রয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ চিতা ভস্ম দিখৌ নৈত বিসৰ্জন দিলে পুত্ৰ গৌৰৱে ।