নিৰ্বাচনক কেন্দ্ৰ কৰি অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত উত্তপ্ত পৰিস্থিতি
অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত পঞ্চায়ত নিৰ্বাচনৰ কেন্দ্ৰ কৰি ভয়ংকৰ ঘটনাৰ সৃষ্টি হৈছে । ঘটনাস্থলীত উপস্থিত অতিৰিক্ত আৰক্ষী বিষয়া, অৰুণাচল প্ৰদেশৰ মহা পৰিদৰ্শক চুকো আপা আৰু উপ মহা পৰিদৰ্শক ৷
বিলাসীপাৰাত কা' আন্দোলনৰ পাঁচ গৰাকী শ্বহীদক সোঁৱৰণ
12 ডিচেম্বৰত প্ৰশাসনৰ গুলিত প্ৰাণ আহুতি দিয়া পাঁচ গৰাকীকৈ ছাত্ৰ দীপাঞ্জল দাস, ছেম ষ্টেফ'ৰ্ড, আব্দুল আলিম, ঈশ্বৰ নায়ক আৰু দীজেন্দ্ৰ পাংগিংক আজি বিলাসীপাৰা শাখা সাহিত্য সভা ভৱনৰ সমীপত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷
কৰিমগঞ্জৰ কেইবাখনো বাগিছাত শ্ৰমিক আৱাসৰ আধাৰশিলা স্থাপন
মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাচত পোনপ্ৰথমবাৰৰ বাবে বৰাক উপত্যকাত উপস্থিত হয় মন্ত্ৰী সঞ্জয় কিষাণ ৷ বৰাক উপত্যকাত উপস্থিত হৈয়েই কৰিমগঞ্জৰ কেইবাখনো বাগিছাত শ্ৰমিক আৱাসৰ আধাৰশিলা স্থাপন কৰিলে মন্ত্ৰী সঞ্জয় কিষাণে ৷
27 জানুৱাৰীত অসম-মিজোৰামৰ সীমা উত্তেজনাক লৈ জনোৱা আবেদনৰ শুনানি
অসম - মিজোৰাম সীমান্তত উত্তেজনাক লৈ আদালতত জনস্বাৰ্থ জনিত আবেদন দাখিল ৷ 27 জানুৱাৰীত এই সন্দৰ্ভত আদালতে শুনানি গ্ৰহণ কৰিব ৷ অসমত মিজো দুস্কৃতিকাৰীৰ বলপূৰ্বক প্ৰৱেশ আৰু বন ধ্বংস ৰোধৰ ক্ষেত্ৰত প্ৰশাসনৰ ফালৰ পৰা উপযুক্ত পদক্ষেপ গ্ৰহণৰ দাবী জনাই দাখিল কৰা হৈছিল এই আবেদন ৷
সদৌ অসম ভিত্তিত মুকলি টেবুল টেনিছ প্ৰতিযোগিতা
যোৰহাটৰ কুশল কোঁৱৰ ইনড'ৰ ষ্টেডিয়ামত আৰম্ভ হৈছে মুকলি টেবুল টেনিছ প্ৰতিযোগিতা ৷ 11 ডিচেম্বৰৰ পৰা 13 ডিচেম্বৰলৈকে অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা ৷
বলুকা ভাস্কৰ্যৰে স্মৰণ কৰিলে পঞ্চ শ্বহীদক
AJYCP নলবাৰী জিলা সমিতিৰ অন্তৰ্গত বাঁহজানী আঞ্চলিক সমিতিয়ে বলুকা ভাস্কৰ্যৰে স্মৰণ কৰিলে কা আন্দোলনত প্ৰাণ হেৰুওৱা পঞ্চ শ্বহীদক । ইফালে, সংগঠনৰ নেতৃত্বই কা' আমি নামানো , কা' বাতিল হ'বই আদি শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷
চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া ধানৰ প্ৰকৃত মূল্য লাভ কৰা নাই কৃষকে
চৰকাৰে প্ৰতি কুইন্টল ধানৰ দাম ১৮৬৮ টকা নিৰ্ধাৰণ কৰিছে যদিও কৃষকক এই দাম নিদিয়ে ধানৰ মিল আৰু দোকানীসকলে ৷ এতিয়া খেতি সামৰি কৃষকে ধান বিক্ৰী কৰাৰ সময়, কিন্তু এই ধান বিক্ৰীৰ বাবে চৰকাৰীভাৱে বৰ্তমানো নাই PPC অৰ্থাৎ কৃষি বিপনন কেন্দ্ৰ ৷
নগাঁৱত চোৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত গৃহস্থ
নগাঁৱত চোৰৰ নৃশংসতা ৷ চুৰি কৰিবলৈ গৈ এগৰাকী মহিলাৰ বুকুত বহুৱালে চিপৰাং ৷ চোৰক কৰায়ত্ব কৰি ৰাইজৰ উত্তম-মধ্যম ৷
কলগাছিয়াত ট্ৰেক্টৰ দুৰ্ঘটনাত নিহত চালক
কলগাছিয়াত শোকাৱহ পথ দুৰ্ঘটনা ৷ ট্ৰেক্টৰৰে মাটি কঢ়িয়াই থকাৰ সময়ত সংঘটিত হয় দুৰ্ঘটনা ৷ দুৰ্ঘটনাত নিহত চালক ৷
কৰিমগঞ্জত বন্য হস্তীৰ আক্ৰমণত নিহত এগৰাকী
ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাট ৷ দিনক দিনে ৰাজ্যত বন্য হস্তীৰ সংঘাট বৃদ্ধি পাৱলৈ ধৰিছে ৷ বনাঞ্চল সংকোচনৰ ফলতে জনাঞ্চলৈ ওলাই আহি বন্যস্তীয়ে উপদ্ৰৱৰ সূষ্টি কৰা পৰিলক্ষিত হৈছে ৷ বৃহস্পতিবাৰে কৰিমগঞ্জত প্ৰতিদিনৰ দৰে কামলৈ ওলাই যোৱাৰ সময়তে বন্য হস্তীৰ আক্ৰমণত ৰাজু চাহা নামৰ ব্যক্তি জনৰ মৃত্যু হয় ৷