ETV Bharat / bharat

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি - 7 বজাৰ দহটা শীৰ্ষ বাতৰি

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি...

7 pm top ten news
7 pm top ten news
author img

By

Published : Dec 7, 2020, 7:00 PM IST

পিতৃৰ শেষ ইচ্ছা পূৰণ কৰাৰ বাবে সাজু পুত্ৰ গৌৰৱ গগৈ

পিতৃৰ শেষ ইচ্ছাক সাকাৰ ৰূপ দিয়াৰ উদ্দেশ্যে পুত্ৰ গৌৰৱ গগৈৰ অসম ভ্ৰমণ কাৰ্যসূচী ৷ অসমৰ প্ৰতিখন জিলা ভ্ৰমণ কৰিব গৌৰৱ গগৈয়ে ৷

১৯৬২ ৰ শ্বহীদৰ সোঁৱৰণত আৰ্মদ ফৰ্চ ফ্লেগ ডে’ উদযাপন

ভাৰতীয় সেনাৰ গজৰাজ কৰ্পছৰ আৰু জিলা সৈনিক ব’ৰ্ডৰ উদ্যোগত উদযাপন কৰা হয় আৰ্মদ ফ’ৰ্চ ফ্লেগ ডে’ ৷ তেজপুৰ আৱৰ্ত ভৱনত থকা স্মৃতি সৌধত ১৯৬২ চনৰ বীৰ যুদ্ধাৰ স্মৃতিত জিলা উপযুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিং আৰু সেনাৰ ষ্টেচন কামাণ্ডাৰ ব্ৰিগেডিয়াৰ অৰ্জুন মিত্ৰই শ্রদ্ধা নিবেদন কৰে ।

COVID-১৯ঃ বিশ্বজুৰি ৬,৭৪,০২,২১৯ জন আক্ৰান্ত

সমগ্ৰ বিশ্বত ৬,৭৪,০২,২১৯ জনলৈ বৃদ্ধি হৈছে কৰ'ণা আক্ৰান্তৰ সংখ্যা । এতিয়ালৈকে ১৫,৪১,৮৯৭ জনে প্ৰাণ হেৰুৱাইছে ।

ভাৰতত ক’ভিড-19 ৰ শেহতীয়া তথ্য

ভাৰতে 7 ডিচেম্বৰলৈকে 96.77 লাখ ক’ভিড কেতবোৰ গোচৰ ৰেকৰ্ড কৰিছিল । আই চি এম আৰৰ মতে, দেওবাৰে 8,01,081 টা নমুনা পৰীক্ষা কৰা হৈছিল।

আদিবাসী সকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত আছাৰ অৱস্থান ধৰ্মঘট

সদৌ অসম ছাত্ৰ সন্থা(আছা)অৱস্থান ধৰ্মঘট কাৰ্যসূচী । ৰাজ্যখনত বসবাস কৰি অহা বৃহৎ আদিবাসী লোক সকলে স্বাধীনোত্তৰ কালৰ মাথো শোষণ আৰু বঞ্চনা হৈ আহিছে ৷

অতি শীঘ্ৰে আইনী ব্যৱস্থা গ্ৰহণ কৰিমঃ আঙুৰলতা

বিধায়িকা আঙুৰলতা ডেকাক লৈ অপমানসূচক মন্তব্য কৰা বি পি এফৰ বিধায়ক কমলসিং নাৰ্জাৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিধায়িকা আঙুৰলতা ডেকা ৷ নাৰী জাতিক অপমান কৰা কোনো লোকক ৰেহাই দিয়া নহব বুলি মন্তব্য কৰে আঙুৰ লতাই ৷

উত্তৰ প্ৰদেশৰ বলৰামপুৰত নাবালিকাক দলবদ্ধ ধৰ্ষণ

উত্তৰ প্ৰদেশৰ বলৰামপুত এগৰাকী নাবালিকাক ধৰ্ষণ কৰে 8 জনকৈ লোকে ৷ বিগত 20 দিনে নিখোজ হৈ থকা নাবালিকা গৰাকীৰ অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে দুজনকৈ অভিযুক্তক ৷

কামৰূপ আৰক্ষীৰ জালত পাঁচ বেংক হেকাৰ

দীৰ্ঘদিনৰ পৰা বেংক হেকিঙৰ জৰিয়তে ৰঙিয়াত তোলপাৰ লগাই পাঁচ বেংক হেকাৰ কামৰূপ আৰক্ষীৰ জালত ৷ দেওবাৰে নিশা ৰঙিয়া আৰক্ষীয়ে নগাঁৱৰ পৰা গ্ৰপ্তাৰ কৰে বেংক হেকিঙৰ লগত জৰিত পাঁচজন ব‍্যক্তিক ৷ ধৃত ব‍্যক্তিকেইজনৰ পৰা আৰক্ষীয়ে মোবাইল ফোন, লেপটপ, প্ৰিণ্টাৰ, স্পাই কেমেৰাসহ বহুকেইখন ভুৱা ভোটাৰ আইডি, ৰবৰ ষ্টাম্প, ডুব্লিকেট এটিএম কাৰ্ড আৰু নগদ পঞ্চশ হাজাৰ টকা জব্দ কৰে ৷

'লাভ জেহাদ'ৰ বিৰুদ্ধে কৰ্ণাটকত আইন প্ৰণয়নৰ পৰিকল্পনা

বিজেপিৰ কৰ্ণাটকৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকে শনিবাৰে 'লাভ জেহাদ' আৰু গো-হত্যা ৰোধৰ বাবে আইন প্ৰণয়ন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে । ৰাজ্যখনত ২০০৯ চনত 'লাভ জেহাদ'ৰ প্ৰথমটো ঘটনা পোহৰলৈ আহে ।

অখিল গগৈৰ মুক্তিৰ দাবীত নলবাৰীত ২৪ ঘন্টীয়া অনশন কৃষক মুক্তিৰ

অখিল গগৈৰ মুক্তিৰ দাবীত আজি নলবাৰীত ২৪ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য সকলে । অতি শীঘ্ৰে যদি নেতা জনক মুক্তি নিদিয়ে, তেনেহ'লে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰী সকলে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.