নেশ্যনেল ডেস্ক, ২ ডিচেম্বৰ : ভাৰতত শেহতীয়াকৈ অসংক্ৰামক ৰোগী বা পুষ্টি সম্পৰ্কীয় ৰোগীৰ সংখ্যা যথেষ্ট পৰিমাণে বৃদ্ধি হৈছে । বিশেষকৈ ডায়েবেটিছ, মেদবহুলতাৰ সমস্যা আদিয়ে চিন্তিত কৰিছে দেশবাসীক । ইয়াৰ মাজতে দেশবাসীৰ বাবে আন এক উদ্বেগজনক খবৰ । ভাৰতৰ বেছিভাগ পেকিং খাদ্যত আছে অতিৰিক্ত পৰিমাণৰ চেনী আৰু নিমখ (Packaged foods have excess salt and sugar)।
দেশৰ বজাৰত উপলব্ধ প্ৰায় ৬৮ শতাংশ অতি-সংশাধিত খাদ্য সামগ্ৰীতে পোৱা গৈছে অতিৰিক্ত নিমখ আৰু চেনী । অৰ্থাৎ সেইবোৰ খাদ্য সামগ্ৰী স্বাস্থ্যৰ প্ৰতি ক্ষতিকাৰক হ'ব পাৰে (India's packing food products harmful to health) ৷ এইমছ (AIIMS) আৰু চেপেল হিলৰ নৰ্থ কেৰোলিনা বিশ্ববিদ্যালয়ৰ গৱেষকসকল প্ৰায় ১০,৫০০ বিধ সামগ্ৰীৰ ক্ষেত্ৰত চলোৱা অনুসন্ধানত এই তথ্য পোহৰলৈ আহিছে । কেৱল ৩২ শতাংশ খাদ্য সামগ্ৰীহে বিশ্ব স্বাস্থ্য সংস্থাৰ আঞ্চলিক মানদণ্ডৰ ভিতৰত আছে ।
এই অনুসন্ধানৰ ফলত বিশ্ব স্বাস্থ্য সংস্থাৰ দক্ষিণ-পূৱ এছিয়াৰ আঞ্চলিক কাৰ্যালয়ৰ (SEARO) পুষ্টি প্ৰ'ফাইল মডেলৰ (NPM) জৰিয়তে ভাৰতীয় অতি-সংশোধিত খাদ্য বজাৰৰ ক্ষেত্ৰত কাট অফ দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে । পুষ্টি প্ৰফাইল মডেল হৈছে এক বৈজ্ঞানিক পদ্ধতি য'ত নিমখ, চেনী আৰু চৰ্বি আদি অস্বাস্থ্যকৰভাৱে অধিক থকা খাদ্য চিনাক্ত কৰি পুষ্টিগত গঠন অনুসৰি শ্ৰেণীবদ্ধ কৰা হয় ।
এইমছৰ চেণ্টাৰ ফৰ কমিউনিটি মেডিচিন বিভাগৰ মুৰব্বী ড৹ চন্দ্ৰকান্ত এছ পাণ্ডৱে কোৱা মতে এই অধ্যয়নত দক্ষিণ-পূৱ এছিয়াৰ আঞ্চলিক কাৰ্যালয়ৰ পুষ্টি প্ৰফাইল মডেল কাট অফ পইণ্ট প্ৰয়োগ কৰাত দেখা গৈছে যে বজাৰৰ প্ৰায় ৬৮ শতাংশ সামগ্ৰীৰ বাবে অতি কমেও এটা সতৰ্কবাণী লেবেলৰ প্ৰয়োজন আছে । তেওঁৰ মতে ইয়াৰ পূৰ্বে নিউট্ৰিচন কিমিয়াৰ দ্বাৰা কৰা অধ্যয়নৰ সম্পূৰ্ণ বিপৰীত ফলাফল পোৱা গৈছে । এই অধ্যয়নত ১,৩০০ ৰ এটা সৰু ডাটাছেট ব্যৱহাৰ কৰা হৈছিল আৰু দেখা গৈছিল যে ৯৬ শতাংশ সামগ্ৰীৰ বাবে লেবেলৰ প্ৰয়োজন হ'ব । গৱেষকগৰাকীৰ মতে প্ৰকৃতাৰ্থত দক্ষিণ-পূৱ এছিয়াৰ আঞ্চলিক কাৰ্যালয়ৰ পুষ্টি প্ৰফাইল মডেলৰ কাট অফ সামগ্ৰীৰ সন্মুখৰ লেবেলত ব্যৱহাৰ হোৱা নাই ।
উল্লেখ্য যে পুষ্টি প্ৰফাইল মডেলৰ কাট অফ ব্যৱহাৰ কৰা লেবেলৰ দ্বাৰা গ্ৰাহকসকলে অতি সহজে জানিব পাৰে যে এটা সামগ্ৰীত কিমান পৰিমাণৰ চেনী, ছডিয়াম বা চৰ্বী আছে । তেতিয়া সেই সামগ্ৰীবিধ স্বাস্থ্যৰ বাবে কিমান উপকাৰী সেই কথা গ্ৰাহকে জানিব পাৰে । ইফালে ভাৰতত অতি-সংশাধিত খাদ্য আৰু পানীয় সামগ্ৰীৰ উৎপাদন বৃদ্ধি হোৱাৰ লগতে সেই সামগ্ৰীবোৰত চেনী, নিমখ আৰু এডিটিভৰ পৰিমাণো বৃদ্ধি কৰিছে ।
বিগত বছৰত ভাৰতীয় খাদ্য সুৰক্ষা মানক কৰ্তৃপক্ষই সকলো পেকেটযুক্ত খাদ্যৰ ওপৰত ফ্ৰণ্ট অফ দ্য পেক খাদ্য লেবেল (FOPL) লগোৱাৰ ক্ষেত্ৰত বাধ্যতামূলক কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে । যাতে গ্ৰাহকসকলে উপাদানবোৰৰ নিৰ্দিষ্ট সীমা জানিব পাৰে ।
লগতে পঢ়ক : World AIDS Day 2021 : বিশ্ব এইডছ দিৱস পালনৰ তাৎপৰ্য